দৈনিক খাদ্য তালিকাত যিদৰে কেলচিয়াম, ফাইবাৰ, ভিটামিন আৰু মিনাৰেল থকা প্রয়োজন, ঠিক একেদৰে প্র’টিনৰো আৱশ্যক কিয়নো শৰীৰৰ সুস্থ বিকাশৰ বাবে প্র’টিনজাতীয় খাদ্যৰ গুৰুত্ব কোনোগুণে কম নহয়৷ প্র’টিন স্বাস্থ্যৰ পক্ষে কিমান মহত্ত্বপূর্ণ জানো আহক৷
প্র’টিন শৰীৰৰ বাবে অতি জৰুৰী উপাদান, কিন্তু সঠিক মাত্রাত গ্রহণ কৰা দৰকাৰ৷ ইয়াৰ অভাৱৰ ফলত বিভিন্ন সমস্যা আহি পৰে৷ কিন্তু অধিক প্র’টিন গ্রহণ কৰিলেও সমস্যাৰে মুখামুখি হ’বলগীয়া হয়৷
প্র’টিন দুটা ভাগত বিভক্ত
১৷ প্রথমবিধ প্র’টিন জীৱ–জন্তু যেনে–মাছ, কুকুৰা, ছাগলী, গাহৰি, গৰু আদিৰ পৰা পোৱা যায় আৰু এইসমূহত শৰীৰৰ বাবে প্রয়োজনীয় ‘এমিনো’ এচিড থাকে, যিয়ে দেহ যন্ত্রক সুস্থ, স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে৷
২৷ দ্বিতীয়বিধ সেউজীয়া গছ–গছনিৰ পৰা পোৱা যায়৷ চাউল, দাইল, শাক–পাচলি, বাদাম আদিতো কম মাত্রাত এমিনো এচিড পোৱা যায়৷ সুস্বাস্থ্যৰ কাৰণে এইসমূহ পর্যাপ্ত মাত্রাত খোৱা ভাল৷
ব্যক্তিবিশেষে প্রয়োজন পৃথক
প্রতিজন ব্যক্তিক পৃথক পৰিমাণৰ প্র’টিনৰ প্রয়োজন হয়৷ কাৰোবাক কম আৰু কাৰোবাক বেছি৷ এই কাৰণতে সকলোৱে সমান মাত্রাত প্র’টিন সেৱন কৰিব নোৱাৰে৷ আমাৰ শৰীৰৰ ওজন আৰু কেল’ৰিৰ পৰিমাণৰ ওপৰত ই নির্ভৰ কৰে৷ স্বাভাৱিকতে এজন ব্যক্তিয়ে সদায় ৬৫–১০০ গ্রাম প্র’টিন সেৱন অৱশ্যেই কৰিব লাগে, যেতিয়া প্র’টিনৰ অভাৱ হয়৷
- শৰীৰ ভাগৰুৱা আৰু দুর্বল অনুভৱ হয়৷ মাংসপেশীসমূহৰ সুস্থতাৰ কাৰণে প্র’টিন অতি লাভদায়ক৷
- অভাৱৰ ফলস্বৰূপে মূৰৰ বিষৰ সমস্যা হয় আৰু তেজত শর্কৰাৰ পৰিমাণ কমি যায়৷
- শৰীৰত শ্বেত ৰক্ত কণিকাৰ সংখ্যা কমিব ধৰে আৰু পৰিণামস্বৰূপে হিমগ্ল’বিনৰ অভাৱো হয়৷
- ইয়াৰ অভাৱত চুলি সৰিব ধৰে আৰু ত্বকৰ উজ্জ্বলতা হ্রাস হয়৷
অধিক প্র’টিন হানিকাৰক
- প্র’টিনযুক্ত খাদ্য অধিক সেৱন কৰাৰ ফলত ওজন বৃদ্ধিৰ সম্ভাৱনা থাকে৷
- বেছি প্র’টিনযুক্ত খাদ্য খালে পাচন ক্রিয়াত বিজুতি ঘটে, যাৰ ফলত কফ আৰু ডায়েৰীয়াৰ সমস্যা আহি পৰে৷
- কিডনীৰ সমস্যা হোৱা ৰোগীৰ কাৰণে প্র’টিনৰ অতি মাত্রা সেৱন ক্ষতিকাৰক৷