নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এৰিব পৰা নাই ধূমপান? শৰীৰ নিকোটিন মুক্ত কৰিব পৰা ৫বিধ আহাৰ…

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ নিকোটিন হৈছে এক আসক্তিযুক্ত ৰাসায়নিক পদাৰ্থ। ই চিগাৰেটৰ মুখ্য উপাদান। চিগাৰেট খোৱা বন্ধ কৰাৰ পণ ল’লেও নিকোটিনৰ বাবে ত্যাগ কৰাটো কঠিন হৈ পৰে। ই একপ্ৰকাৰৰ উদ্দীপক। নিকোটিনে হৃদস্পন্দনৰ হাৰ, ৰক্তচাপ আৰু ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে। কিন্তু গৱেষণাত ৫বিধ বিশেষ খাদ্যত আছে নিকোটিন কমোৱাৰ উপাদান।

১. ব্ৰকলি
ব্ৰকলিত উচ্চ স্তৰৰ ভিটামিন বি-৫ আৰু ভিটামিন চি থাকে। বি ভিটামিনে শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ কাম নিয়ন্ত্ৰণ কৰে। ব্ৰকলি খালে বিপাক বৃদ্ধি কৰে আৰু হাঁওফাঁওক বিষাক্ত পদাৰ্থৰ পৰা সুৰক্ষিত কৰে। ব্ৰকলিত এনআৰএফ2 জিন থাকে, যি হাঁওফাঁওৰ কোষবোৰক আক্ৰমণৰ পৰা সুৰক্ষিত কৰে।
২. কমলা
কমলা হৈছে টেঙা ফল। নিকোটিনে শৰীৰত ভিটামিন চি-ৰ পৰিমাণ হ্ৰাস কৰে আৰু চাপ বৃদ্ধি কৰে। কমলা খালে ভিটামিন চিৰ স্তৰ পূৰ হয় আৰু চাপ-উদ্বেগ হ্ৰাস কৰে।
৩. পালেং শাক
অধ্যয়নত দেখা গৈছে যে ধূমপানকাৰীসকলৰ শৰীৰত ফলিক এচিডৰ যোগান কম হয়। পেশী, স্নায়ু আৰু মস্তিষ্কৰ স্বাস্থ্য বাহাল ৰাখিবলৈ এই এচিডৰ প্ৰয়োজন। সৌভাগ্যবশতঃ পালেং শাকত যথেষ্ট ফলিক এচিড থাকে। পালেং শাক ভিটামিনসমৃদ্ধ আৰু ইয়াত অন্যান্য অত্যাৱশ্যকীয় পুষ্টি থাকে, যি সামগ্ৰিক স্বাস্থ্যৰ সন্তুলন কৰে। বহুতে হয়তো নাজানে যে পালেং শাক খালে ধূমপানৰ সোৱাদ নষ্ট হয়। যদি আপুনি ধূমপানৰ অভ্যাস এৰি দিব বিচাৰে, পালেং শাক খোৱাটো নিতান্তই দৰকাৰী।
৪. গাজৰ
গাজৰ ধূমপান ত্যাগ কৰাৰ বাবে অতি লাভজনক। প্ৰতিদিনে একাপ গাজৰৰ ৰস খালে শৰীৰে ভিটামিন এ, বি, চি আৰু কে পায়, শৰীৰত নিকোটিন বাহিৰ কৰাত সহায় কৰে।
৫. পানী
পানী হৈছে পৃথিৱীৰ আটাইতকৈ কম মূল্যৰ পানীয়। নিকোটিনৰ দ্বাৰা শৰীৰৰ যি ক্ষতি হয়, সেয়া পূৰণ কৰিব পাৰে পানীয়ে। জানি আচৰিত হ’ব যে নিকোটিনে শৰীৰ পানীশূন্য কৰে। প্ৰতিদিনে কমেও 8 গিলাচ পানী খালে শৰীৰক পুনৰ হাইড্ৰেট কৰে আৰু বিপাক বৃদ্ধি কৰে, ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিঃসৰণ হয়।

ধূমপানৰ অভ্যাস ত্যাগ কৰাটো সহজ নহয়। কিন্তু আহাৰৰ সামান্য পৰিৱৰ্তনৰ দ্বাৰা ইয়াক সম্ভৱ কৰি তুলিব পাৰি।

You might also like