নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধঁপাত : বর্তমান সময়ৰ এক মহাব্যাধি

আমি সকলোৱে জানোঁ যে বিশ্বব্রহ্মাণ্ডৰ সকলো জীৱৰ মাজত মানুহেই শ্রেষ্ঠ৷ জ্ঞান–বুদ্ধিৰ বলত মানুহে আজি যি অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে, ই কল্পনাৰো অতীত৷ কিন্তু এনেহেন জীৱশ্রেষ্ঠই বসবাস কৰা সমাজখনত আজি নিচাযুক্ত বা ৰাগিয়াল দ্রব্য, হেৰ’ইন, ড্রাগ্ছ, সুৰা, গুট্খা, পাণ মছলা, ধঁপাত আদিৰ পয়োভৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ আমি সকলোৱে দেখি উপলব্ধি কৰিব পাৰিছোঁ যে এই ৰাগিয়াল দ্রব্যবোৰ সেৱনৰ ফলত ব্যক্তিগত জীৱনৰ শাৰীৰিক, মানসিক ক্ষতিৰ লগতে সামাজিক জীৱনত ঘটা বিশৃংখলাই কিহৰ ইংগিত বহন কৰিছে– এয়া আমি সকলোৱে নজনাকৈ থকা নাই৷ বর্তমান যুৱ সমাজত নিচাযুক্ত দ্রব্য সেৱনৰ আসক্তি দ্রুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ই সমাজৰ বাবে এক ভয়াৱহ সংকট বুলিব পাৰি৷
ধঁপাত, গুট্খা, পাণ মছলা আদি সেৱন শৰীৰৰ বিভিন্ন অংগ, যেনে– মুখ, কণ্ঠনলী, হাঁওফাঁও, পাকস্থলী, কিডনী, মূত্রনলী আদিত কেঞ্চাৰ হোৱাৰ মূল কাৰণ৷ ভাৰতত ধঁপাত সেৱনৰ বাবেই সকলোতকৈ অধিকসংখ্যক লোক মুখৰ ভিতৰত হোৱা কেঞ্চাৰত আক্রান্ত হয়৷ ভাৰতত ধঁপাত সেৱনৰ বাবেই ক্রমে ৫৬.৪ শতাংশ আৰু ৪৪.৯ শতাংশ পুৰুষ আৰু মহিলাৰ কেঞ্চাৰ হয়৷ হাঁওফাঁওৰ কেঞ্চাৰৰ ৯৩ শতাংশ হয় একমাত্র ধূমপান সেৱনৰ ফলত৷
ধঁপাত সেৱন হূদযন্ত্র আৰু ধমনীৰ ৰোগ, হার্ট এটেক, বুকুৰ বিষ, হার্ট এটেকৰ বাবে হঠাৎ মৃত্যু, ষ্ট্র’ক, পেৰিফেৰিয়েল ভাছকুলাৰ ৰোগ আদিৰ মূল কাৰণ ৷ ভাৰতত প্রতিবছৰে ধঁপাত সেৱনৰ ফলত হোৱা ৰোগত ৮ৰ পৰা ৯ লাখ লোকৰ মৃত্যু হয়৷ কৈশোৰ অৱস্থাত ধূমপান নকৰিলে এজন মানুহে বিশ বছৰ বেছি জীয়াই থাকিব পাৰে৷ ধঁপাত সেৱন কৰি হোৱা ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে প্রতিবছৰে ভাৰতত বাঢ়িবলৈ ধৰিছে৷
গুটখা বা পাণ মছলা হৈছে তেনে এবিধ নিচাযুক্ত দ্রব্য৷ আজিকালি অতি সহজে উপলব্ধ সকলো পাণ দোকান, গুমটিত ওলমাই ৰখা এইবিধ সামগ্রীয়ে কিদৰে যুৱপ্রজন্মক তিলতিলকৈ মৃত্যুৰ দুৱাৰডলিলৈ টানি নিছে, আপুনি হয়তো তাক কল্পনাও কৰিব নোৱাৰিব৷ গুট্খা বা পাণ মছলাজাতীয় মুখৰোচকবোৰ সাধাৰণতে আমাৰ শৰীৰৰ বাবে কিমান অপকাৰী, সেইটো ভুক্তভোগীয়েহে ভালদৰে বুজিব৷ যেতিয়া লাখৰ ঘৰত টকা খৰচ কৰিলেও ৰোগৰ একো সুফল নাপায়, তেতিয়া বুজিব ইয়াৰ মাৰাত্মক গুণৰ বিষয়ে৷ গুট্খা সেৱনে গোটেই শৰীৰটোৰ অপকাৰ কৰে যদিও প্রধানতঃ পাকস্থলী, যকৃত, বৃক্ক, হাঁওফাঁও, ছাল আদিত প্রত্যক্ষ প্রভাৱ পৰে ৷ খাদ্যনলী, পাকস্থলী আদিত ঘা হ’ব পাৰে আৰু লাহে লাহে কর্কট ৰোগ হোৱাৰ সম্ভাৱনা এশ শতাংশ দেখা দিয়ে৷ যকৃত দুর্বল হয়, হজম শক্তি কমি যায়, বৃক্কত পাথৰ হিচাপে জমা হৈ ইয়াক বিকল কৰি দিব পাৰে। হাঁওফাঁওত ক্রিয়া কৰাৰ ফলত উশাহ–নিশাহ লোৱাত কষ্ট হয়, ভাগৰুৱা অনুভৱ হয়৷ যিসকল পুৰুষে অধিক মাত্রাত ইয়াক সেৱন কৰে, সেইসকলৰ যৌনশক্তি হ্রাস পায় আৰু পিছলৈ বীৰ্যদূষিত হোৱাৰ ফলত সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱাই পেলায়৷ মহিলাই ধঁপাত বা ধূমপান কৰাৰ ফলত শৰীৰত এষ্ট্র’জেনৰ পৰিমাণ কমি যায়৷ ফলত মহিলাসকলৰ সময়তকৈ আগতে ঋতুস্রাৱ প্রক্রিয়া বন্ধ হয়৷ ধূমপান আৰু ধঁপাত সেৱনে মানুহৰ শক্তি, কর্মদক্ষতা আৰু সক্ষমতা কমাই দিয়ে৷ যিসকল মহিলাই গর্ভনিৰোধক ঔষধ খায়, তেনে মহিলাই গুট্খা খালে বা ধূমপান কৰিলে ষ্ট্র’ক হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি থাকে৷ গুট্খা অধিক সেৱনৰ ফলত পুৰুষ–মহিলা উভয়ৰে ওপৰত বসয়ৰ ছাপ পৰে ৷ চুলি পকিবলৈ ধৰে, ছাল কোঁচ খাই পৰে, ছালৰ ৰং হালধীয়া বৰণৰ হোৱা দেখা যায়৷ ইয়াৰ উপৰি যিসকলে অধিক পৰিমাণে গুট্খা খায়, তেওঁলোকৰ মুখৰ দুর্গন্ধত ওচৰলৈ যাব নোৱৰা হয়, তেনে লোকৰ শৰীৰৰ পৰা ওলোৱা ঘাম দুর্গন্ধযুক্ত হয়৷ ধঁপাত বা পাণ মছলা সেৱনৰ অভ্যাস ত্যাগ কৰিলে কি সুফল পাব– হার্টৰ ৰোগ বা কেঞ্চাৰ হোৱাৰ সম্ভাৱনা নাথাকে৷ হার্টৰ ওপৰত হেঁচা কমিব৷ ফলত হার্টে নিয়াৰিকৈ কার্য সম্পাদন কৰিবলৈ সুবিধা পাব৷ ধূমপানৰ ফলত হোৱা কাহ, কফ আদি কমি যাব৷ দাঁতবোৰ উজ্জ্বল আৰু পৰিষ্কাৰ হৈ পৰিব৷

🔹 ৰাতুল ৰাজবংশী

You might also like