বজাৰত কঁঠালৰ আদৰ বাঢ়িছে কিয়?
ডাঃ নিতুল বৈশ্য
আপুনি কঁঠাল খাই পাইছেনে? নিশ্চয় পাইছে৷ হয়তো কঁঠাল খাই আপুনি বহুত ভালপায়৷ গ্রীষ্মকালীন ভাৰত বুলি ক’লেই আম–কঁঠালৰ সোৱাদ আহি জিভাত লাগি ধৰে৷ কঁঠালগছৰ উৎপত্তি ৩,০০০–৪,০০০ বছৰ আগত দক্ষিণ ভাৰত বুলি ঠাৱৰ কৰা হৈছে৷ কঁঠাল বাংলাদেশ আৰু শ্রীলংকাৰ ৰাষ্ট্রীয় ফল৷ দক্ষিণ–পূব এছিয়াৰ দেশসমূহত কঁঠাল অতীজৰে পৰা অতি জনপ্রিয় আৰু আদৰৰ ফল৷ ই গছত লগা ফলৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফল৷
তথাপি কঁঠাল বুলি ক’লে বহু লোকৰ মাজত কিছু অনীহাও দেখা যায়৷ কিন্তু অতি সম্প্রতি কঁঠালে সমগ্র বিশ্ব বজাৰতে খলকনি তুলিবলৈ সক্ষম হৈছে৷ আমাজন, ফ্লিপকার্ট আদিৰ দৰে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী অনলাইন বিক্রী প্রতিষ্ঠানত কঁঠালগুটিৰ বিক্রীৰ ব্যৱস্থা কৰা হৈছে৷ এটা কঁঠালগুটিৰ মূল্য নির্ধাৰণ কৰা হৈছে ১৫ টকা৷ ২৮ শতাংশ ৰেহাই দিয়াৰ পিছত আমাজনত প্রতি ৩০০ গ্রামৰ দাম ১৯৯ টকা৷ ১ কেজিৰ দাম ৫০০–১,০০০ টকা৷
কঁঠালৰ এই চাহিদাৰ কাৰণনো কি?
সাম্প্রতিক বিশ্বক জোকাৰি যোৱা ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ শৰীৰৰ বাবে প্রয়োজনীয় ৰোগ প্রতিৰোধী শক্তিৰে কঁঠাল ভৰপূৰ৷ কঁঠাল আৰু কঁঠালগুটিত যথেষ্ট পৰিমাণে আঁহ বা ফাইবাৰ থাকে৷ ই হজম শক্তি বঢ়ায়৷ শৌচৰ গঠন ভাল কৰে৷ গুহ্যদ্বাৰ আৰু মলাশয়ৰ ৰোগ যেনে অর্শ Piles), ফিচটুলা, পৰিকর্তিকা Fissore) আদি প্রতিৰোধ, প্রতিকাৰ আৰু নিয়ন্ত্রণত সহায় কৰে৷
কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন ‘এ’ থাকে৷ ই চকুৰ দৃষ্টিশক্তি ভালে ৰখাত সহায় কৰাৰ উপৰি চুলি ফটা প্রতিৰোধ কৰে৷ কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন ‘বি’, থায়ামিন আৰু ৰাইব’ফ্লেডিন থাকে৷ কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ থাকে৷ ই দেহৰ ৰোগ প্রতিৰোধী শক্তি বঢ়োৱাত সহায় কৰে৷ তদুপৰি দাঁতৰ গুৰিয়েদি তেজ ওলোৱা ৰোগ আদিতো প্রতিৰোধত সহায় কৰে৷ কঁঠালগুটি উদ্ভিজ প্র’টিনৰ অন্যতম উৎস৷ সেয়েহে ই মাংসপেশীৰ গঠনত সহায় কৰে৷ কঁঠালগুটিত যথেষ্ট পৰিমাণৰ আইৰন থাকে৷ ই তেজৰ প্রধান উপাদান হিমগ্ল’বিন গঠনত সহায় কৰে৷ ৰক্তাল্পতা প্রতিৰোধ কৰে৷ কঁঠালৰ গ্লাইচেমিক ইণ্ডেক্স বহুত কম৷ প্রতি ১০০ গ্রাম কঁঠালত মাত্র ৯৪ কেল’ৰীহে কার্ব’হাইড্রেট থাকে৷ গতিকে, মধুমেহ ৰোগীয়েও কঁঠাল খাব পাৰে৷ কঁঠালগুটিত যথেষ্ট পৰিমাণৰ পটাছিয়াম থাকে৷ ই হূদযন্ত্রৰ হূদস্পন্দনৰ বাবে অতি প্রয়োজনীয়৷ কঁঠালগুটিৰ গুড়ি মিহিকৈ পটাত গুটিৰ কৰি এৱাঁ গাখীৰ বা কুহুমীয়া গৰম পানীৰ লগত মিহলাই মুখমণ্ডলত লগালে ছালৰ শোটোৰা পৰা ভাব নাইকিয়া হয়৷