যোগ প্রাচীন ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান৷ যোগ হ’ল আৱশ্যক ৰূপৰে এক আধ্যাত্মিক অনুশাসন, যি বিশেষকৈ পৰিষৃকত বিজ্ঞানৰ ওপৰত আধাৰিত৷ ই হ’ল সুস্থ জীৱনৰ বাবে এক কলা আৰু বিজ্ঞান৷ যোগাভ্যাসৰ দ্বাৰা মন আৰু শৰীৰ তথা মনুষ্য আৰু প্রকৃতিৰ মাজত এক উন্নত সন্তুলন ঘটি থাকে৷ যোগে প্রাণৰ সঞ্চাৰ কৰে৷ ৰোগ প্রতিৰোধ আৰু স্বাস্থ্যসন্মত জীৱন যাপনৰ ভেটি হৈছে যোগ৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আয়ুস মন্ত্রালয়, ভাৰত চৰকাৰৰ নেতৃত্বত নতুন দিল্লী, ৰাজপথত আয়োজিত যোগ প্রদর্শনৰ নেতৃত্ব দিয়ে৷ সমগ্র বিশ্বৰ কোটি কোটি লোকে পূর্ণ উৎসাহেৰে ২০১৫ চনৰ ২১ জুনত প্রথম আন্তঃৰাষ্ট্রীয় যোগ দিৱস পালন কৰে৷
যোগ শব্দৰ উৎপত্তি সংস্কৃতৰ ‘য়ুজ’ শব্দৰ পৰা হৈছে যাৰ অর্থ সংযুক্ত অথবা একত্রিত হোৱা বুজায়৷ যোগৰ উৎপত্তি বহু হাজাৰ বছৰৰ আগতে হৈছিল৷ যৌগিক লেখাসমূহৰ আধাৰত ভগৱান শিৱ যি আগতে যোগী বা আদিযোগী আছিল তেওঁ নিজৰ গভীৰ জ্ঞানক নিজৰ সাতজন শিষ্য প্রসিদ্ধ সপ্তঋষিৰ মাজত প্রচাৰিত কৰিছিল৷ যোগক পূর্ব বৈদিক কালৰে পৰা অভ্যাস কৰা হৈছিল, কিন্তু মহর্ষি পতঞ্জলি যাক আধুনিক যুগৰ পিতাৰূপত জনাজাত তেখেতে প্রথমজন ব্যক্তি, যিয়ে সেই সময়ৰ অভ্যাসসমূহক নিজৰ যোগসূত্রসমূহৰ আধাৰত সুব্যৱস্থিত আৰু সংহতবদ্ধ কৰে৷ পাছত আন বহুতো যোগগুৰুৱে এই বিদ্যাৰ সংৰক্ষণ আৰু বিকাশ ঘটাই এই আশ্চর্যজনক অভ্যাসক বিস্তাৰিত কৰে৷ বর্তমান মুখ্যৰূপে অভ্যাস কৰা যোগ সাধনাসমূহ হ’ল – য়ম, নিয়ম, আসন, প্রাণায়াম, প্রত্যাহাৰ, ধাৰণ, ধ্যান, সমাধি, বন্ধ, মুদ্রা, ষট্কর্ম, মন্ত্রজপ ইত্যাদি৷ ‘ঘেৰণ্ড সংহিতা’, ‘ত্রিশিখী ব্রাহ্মণ উপনিষদ’ আৰু ‘হঠযোগ প্রদীপিকা’ আদি গ্রন্থত প্রধানকৈ যৌগিক প্রক্রিয়াবোৰৰ অভ্যাসৰ উল্লেখ পোৱা যায়৷
যোগাভ্যাস কৰাৰ আগতে কেতবোৰ সাধাৰণ নির্দেশনা মানি চলা উচিত৷ যেনে – যোগাভ্যাস শান্তি আৰু আনন্দৰ বাতাৱৰণত শান্ত শৰীৰ আৰু মস্তিষ্কৰ সৈতে কৰা উচিত৷ ইয়াক খালী পেট বা পাতল খাদ্য খোৱাৰ পাছত কৰা উচিত৷ যদিহে দুর্বল অনুভৱ হয়, তেন্তে কুহুমীয়া পানীত গুড় মিলাই খাব লাগে৷ শৰীৰৰ অংগসমূহ চালনৰ বাবে পাতল আৰু আৰামদায়ক কপাহী কাপোৰ পৰিধান কৰা উচিত৷ পুৱা অভ্যাস কৰাৰ আগতে নিত্যকর্ম সমাধা হোৱা উচিত৷ কোনো পুৰণা ৰোগ, বিষ অথবা হূদয় সম্বন্ধীয় সমস্যা হ’লে যোগাভ্যাস কৰাৰ আগতে কোনো চিকিৎসক বা যোগ চিকিৎসকৰ পৰামর্শ লোৱা উচিত৷ অভ্যাসসমূহ নিজৰ ক্ষমতা অনুসৰিহে কৰিব৷ অভ্যাস কৰাৰ ২০–৩০ মিনিট পাছতহে ভোজন বা স্নান কৰা উচিত৷
যিহেতু বর্তমান গোটেই দেশ ক’ভিড–১৯ অতিমাৰীৰ সৈতে যুঁজ দি আছে, এনে সময়ত যোগাভ্যাসে আমাৰ শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বঢ়াই আমাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ–সবল কৰি ৰাখে৷ বর্তমানৰ ক’ভিডৰ বাবে এই বছৰ আন্তর্জাতিক যোগ দিৱসৰ বিষয়বস্তু হৈছে– ‘সদায় যোগাভ্যাস কৰক, ঘৰতেই কৰক৷’ বিভিন্ন যোগাসন অভ্যাসৰ জৰিয়তে আমাৰ শ্বসন আৰু হূদ ক্ষমতা বঢ়াৰ উপৰি মানসিক দুশ্চিন্তা কমোৱাত সহায় হয়, যাৰ ফলত ক’ভিড–১৯ প্রতিৰোধ কৰাৰ লগতে ক’ভিড ৰোগ নিৰাময় হোৱাত গুৰুত্বপূর্ণ ভূমিকা পৰিলক্ষিত হয়৷ ক’ভিড অতিমাৰীৰ বাবে উপযোগী কেইবিধমান আসন হৈছে – উষ্ট্রাসন, উত্তান মণ্ডুকাসন, তাড়াসন, ক্রিকোণাসন, বক্রাসন, ভূজংগাসন, কপালভাটি, অনুলোম–বিলোম, ভ্রামৰী, উজ্জয়ী ইত্যাদি৷
আধুনিক জীৱনযাত্রাত মানুহৰ মন উদ্বিগ্ণতা আৰু হতাশাত ভৰি পৰিছে৷ যাৰ ফলত মানুহৰ ব্যক্তিগত আৰু সামাজিক শান্তি বিনষ্ট হৈছে৷ ফলস্বৰূপে নিতৌ নতুন নতুন ৰোগে মানুহক আক্রান্ত কৰিছে৷ যেনে – ডায়েবেটিছ, উচ্চ ৰক্তচাপ, স্পণ্ডেলাইটিছ, কোষ্ঠকাঠিন্য, মূৰৰ বিষ, নিদ্রাহীনতা ইত্যাদি৷ নিয়মিত যোগাসন অভ্যাসৰ ফলত আমাৰ সিৰা–উপসিৰা আৰু মাংসপেশীত ৰক্ত সঞ্চালন বৃদ্ধি হয় আৰু সেই ঠাইৰ ৰোগ নিৰাময় হয়৷ সামাজিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে কিছুসংখ্যক বেমাৰ কেৱল যোগৰ দ্বাৰাহে নিয়ন্ত্রণ কৰিব পাৰি৷ উদাহৰণস্বৰূপে – মেদবহুলতা, উচ্চ ৰক্তচাপ, মধুমেহ, মানসিক অৱসাদ, এজমা, মাইগ্রেইন, কঁকালৰ বিষ, পেৰালাইছিছ, পাৰকিনচন, থাইৰয়ড ইত্যাদি ৰোগ৷ যোগাভ্যাসৰ জৰিয়তে স্নায়ুতন্ত্র, হূদয় তথা নাড়ীবিলাক সুস্থ ৰাখিব পাৰি৷ যোগৰ দ্বাৰা ঋতুচক্র নিয়মিত কৰিব পাৰি৷
যোগৰ বিভিন্ন প্রকাৰ বর্তমানৰ দিনত প্রচলিত হৈ আছে৷ সেইসমূহ হৈছে – জ্ঞানযোগ, ভক্তিযোগ, কর্মযোগ, পতঞ্জলি যোগ, কুণ্ডলনী যোগ, হঠযোগ, ধ্যানযোগ, মন্ত্রযোগ, লয়যোগ ইত্যাদি৷ কর্মযোগত আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে৷ জ্ঞানযোগ অভ্যাসৰ ফলত আমাৰ মনটো সুস্থ–সবল আৰু শান্তি অনুভৱ হয়৷ ভক্তিযোগৰ দ্বাৰা আমাৰ মনৰ ভাবনাবোৰ সুস্থ হৈ থাকে৷ ক্রিয়াযোগে আমাৰ মনৰ বল সুস্থ আৰু সবল কৰি তোলে৷ বেলেগ বেলেগ বেমাৰৰ কাৰণে বেলেগ বেলেগ যোগ কৰোৱা হয়৷ যিকোনো যোগ কৰাৰ আগতে অভিজ্ঞ যোগ প্রশিক্ষকৰ পৰামর্শ অনুসৰি কৰা উচিত৷
যোগ কেৱল ব্যায়াম নহয়৷ যোগ এক উৎকণ্ঠাগ্রস্ত ব্যক্তিৰ উৎকণ্ঠা ওভতাই লৈ তেওঁক উৎকণ্ঠাবিহীন কৰি তোলে৷ যোগে অশান্ত মনক শান্ত কৰে৷ সেয়েহে আহক আমি সকলোৱে যোগক আদৰি লওঁ আৰু এই বছৰ ২১ জুন আন্তর্জাতিক যোগ দিৱস ‘সদায় যোগাভ্যাস কৰক, ঘৰতেই কৰক’ বিষয়বস্তুৰে উদ্যাপন কৰোঁ৷