নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজাৰত জিকিয়াৰ ৰোগ প্ৰতিৰোধী ঔষধ ‘OJOPLUS’ মুকলি

নিয়মীয়া বাৰ্তা, ২০জুনঃ হায়দৰাবাদৰ জিকিয়া বায়’মেডছ এণ্ড ফাৰ্মাটিকলছে ভাৰতীয় আয়ুস মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি‘OJOPLUS’নামৰ এবিধ ঔষধ প্ৰস্তুত কৰিছে।

এই ঔষধৰ দ্বাৰা মানুহৰ শৰীৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি হোৱাৰ লগতে ভাইৰাছজনিত ৰোগৰ পৰা হাত সাৰিব পাৰিব।

উন্নতগুণ সম্পন্ন এই দৰৱবিধ প্ৰাকৃতিক উপায়ৰে প্ৰস্তুত কৰা হ’ব বুলি প্ৰেছ বিবৃতিযোগে জানিব দিয়ে কৰ্তৃপক্ষই।

চিৰাপ আৰু টেবলেট হিচাপে প্ৰস্তুত কৰা এই ঔষধবিধে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে COVID-19ৰ সংক্ৰমণ ৰোধটো সহায়ক হ’ব।

দৈনন্দিন ব্যস্তথকা লোকসকল, স্কুল-কলেজ, অফিচ-কাছাৰীত ব্যস্ত থকা লোকসকলৰ বাবে এই ঔষধ খুবেই প্ৰয়োজনীয়, শক্তিবৰ্ধকৰ লগতে ৰোগ প্ৰতিৰোধত সহায়ক হ’ব বুলিও প্ৰেছ বিবৃতিত প্ৰকাশ পায়।

You might also like