নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

ক’ভিড–১৯ক লৈ ভুৱা প্রচাৰৰ বাবে গুৱাহাটীৰ পৰিৱেশৰ অৱনতি ঘটিছে; একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে…

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ গুৱাহাটী মহানগৰীৰ পৰিৱেশ অধিক ভয়াৱহ কৰি শেহতীয়াকৈ ক’ৰোনা আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাৰ পাছতো একাংশ সংবাদ মাধ্যমত এই মহামাৰীক লৈ ভুৱা প্রচাৰ চলোৱা হৈছে৷ আজি এই অভিযোগ উত্থাপন কৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত…

গুৱাহাটীত পুনৰ ৫৫২গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰোনা ভাইৰাছ

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত মহামাৰী ৰূপ লোৱা ক’ৰোনা আক্রান্তৰ সংখ্যা প্রতিদিনে ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ লৈছে৷ কালি এই সংখ্যা ১১,৭৩৬লৈ বৃদ্ধি পায়৷ অৱশ্যে আক্রান্তৰ সংখ্যা বৃদ্ধিৰ বিপৰীতে চিকিৎসালয়ৰ পৰা ক’ৰোনামুক্ত…

সামাজিক সংক্ৰমণৰ ১০-১২ টা ঘটনা পালেই সেই অঞ্চলত দিয়া হ’ব লকডাউন

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ "সামাজিক সংক্ৰমণৰ ১০-১২ টা ঘটনা পালেই সেই অঞ্চলত দিয়া হ'ব লকডাউন । ইতিমধ্যে সকলো জিলাৰ জিলা উপায়ুক্তসকলক দিয়া হৈছে নিৰ্দেশনা ।"- শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০…

বুধবাৰে পজিটিভ ৫৪৮, গুৱাহাটীতে ৩৭৮ গৰাকী আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ২ জুলাইঃ বুধবাৰে দিনটোত ৰাজ্যত নতুনকৈ ৫৪৮ গৰাকী লোক ক'ভিড-১৯ ত আক্ৰান্ত হয় । আক্ৰান্ত হোৱাসকলৰ ভিতৰত ২৪ ঘণ্টাত ৩৭৮ গৰাকী গুৱাহাটী মহানগৰীৰ । ইপিনে ৰাজ্যৰ বিভিন্ন হাস্পতালৰ পৰা কালিৰ দিনটোতে ১৮৪ গৰাকী লোক সুস্থ হৈ ঘৰলৈ…

গুৱাহাটীত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১,৪০০লৈ বৃদ্ধিঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ গুৱাহাটীত ক'ৰোনাত আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে। গুৱাহাটীৰ পৰিস্থিতি বৰ্তমান সংকটমুক্ত নহয়। পূৰ্বতকৈ বেছি ভয়াৱহ ৰূপ লৈছে ক'ৰোনাই। আজি জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়…

গুৱাহাটী মহানগৰীত ব্যাপক সংক্ৰমণ; নতুনকৈ পজিটিভ ১৪০ জনৰ ভিতৰত ১২২ জনেই মহানগৰীৰ

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ মহানগৰী গুৱাহাটীত দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰোনাত আক্ৰান্তৰ সংখ্যা । ৰাজ্যত নতুনকৈ ১৪০ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত বুলি পৰীক্ষাত পোহৰলৈ আহিছে । ইয়াৰে ১২২ জনেই গুৱাহাটী মহানগৰীৰ । এক টুইটযোগে এই কথা ঘোষণা কৰে…

ৰাজ্যৰ কৰ্মচাৰীলৈ সুখবৰ, ১জুলাইত মুকলি কৰা হ’ব জুন মাহৰ দৰমহা

নিয়মীয়া বাৰ্তা, ১জুলাইঃ ৰাজ্যৰ কৰ্মচাৰীলৈ সুখবৰ। ক'ৰোনাই ৰাজ্যখনত অৰ্থনৈতিকভাৱে জুৰুলা কৰাৰ সময়তে ১ জুলাইত মুকলি কৰি দিয়া হ'ব জুন মাহৰ দৰমহা। অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজতে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। টুইটযোগে জনালে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব…

ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু; পলমকৈ অনা হৈছিল চিকিৎসালয়লৈ

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ ৰাজ্যত ক'ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ'ল আন এজন লোকৰ । খানাপাৰাৰ হেমাংগ মজুমদাৰ নামৰ ৪৫ বছৰীয়া কোভিড-১৯ ত আক্ৰান্ত ব্যক্তিগৰাকীয়ে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷  উল্লেখ্য যে…

পৰিয়ালসহ কামাখ্যা ধামত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ কামাখ্যা দেৱালয়ত উপস্থিত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অম্বুবাচীৰ নিবৃত্তিৰ পাছত সকলোৰে মংগল কামনাৰে কামাখ্য়া ধামত পৰিয়ালসহিতে আশিষ ল'লে মন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ সংকটৰ কালত ৰাজ্যবাসীৰ মংগল কামনা কৰে মন্ত্ৰীগৰাকীয়ে।…

সমগ্ৰ ৰাজ্যতেই সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন জাৰি

নিয়মীয়া বাৰ্তা, ২৬জুনঃ  আজিৰে পৰা ৰাজ্যত সন্ধিয়া ৭ বজাৰ পৰা কাইলৈ পুৱা ৭ বজালৈ সান্ধ্য আইন জাৰি । পূৰ্বতে কিছু শিথিল কৰি নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছিল। ইতিমধ্যে সান্ধ্য আইন কঠোৰভাৱে পালন কৰিবলৈ প্ৰশাসনক নিৰ্দেশ…