পৰিচয়ভেদে মস্তিষ্কৰ নির্দেশত সলনি হয় কণ্ঠস্বৰ
নেদেখিলেও, চিনি নাপালেও বা বুজি নাপালেও আমাৰ মস্তিষ্কই নিজে নিজেই চিনি পায় কোন আপোন বা কোন পৰ৷ কোন কাষৰ বা কোন দূৰ সম্পর্কৰ৷ সেই মতে আমাৰ মস্তিষ্কই গলাৰ স্বৰটোক সলনি কৰে৷ উদাহৰণস্বৰূপে এটা কার্যালয়ত এগৰাকী মহিলাই সহকর্মী হিচাপে যোগদান কৰাৰ পাছত তেওঁৰ সৈতে কথা পতাৰ সময়ত আপোনাৰ গলাৰ স্বৰটো নিজে নজনাকৈয়ে সলনি হৈ যায়৷ আকৌ কোনো ম’বাইল সেৱা প্রদানকাৰী সংস্থাই নতুন প্লেনৰ বিষয়ে জনাবলৈ ফোন কৰিলে তেওঁৰ সৈতে কথোপকথনৰ ক্ষেত্রতো অন্য এটা স্বৰত আপুনি হয়তো কথা পাতে৷ এই দুয়োটা স্বৰ আৰু সলনি হয় যেতিয়া আপুনি মাতৃৰ সৈতে কথা পাতে৷ কাৰণ তেওঁ যে আপোনাৰ জন্মৰ পৰাই চিনাকি৷ ইয়াৰ বিপৰীতে নতুন মহিলা সহকর্মী, ম’বাইল সেৱা প্রদানকাৰী সংস্থাৰ পৰা কৰা ফোনটোৰ গৰাকীৰ স্বৰ আপোনাৰ একেবাৰেই অচিনাকি৷ পৰিচয়ভেদে যে আমাৰ গলাৰ স্বৰ আমাৰ অজানিতে সলনি হয়, সেই কথা পৰীক্ষা কৰি প্রমাণ কৰিলে বেহালাৰ ভীষ্মদেৱে৷ ব্রিটেইনৰ ৰেডিং বিশ্ববিদ্যালয়ৰ স্নায়ু বিজ্ঞাপনৰ অধ্যাপক তথা চেণ্টাৰ ফৰ অ’টিজিমৰ অধ্যক্ষ হ’ল ভীষ্মদেৱ চক্রৱর্তী৷ গৱেষকৰ দলটোত ভীষ্মদেৱ চক্রৱর্তীৰ উপৰি আছে আন এগৰাকী অধ্যাপক নন্দিনী সিং চট্টোপাধ্যায়৷ তেওঁ দিল্লীৰ নেচনেল ব্রেইন ৰিছার্চ চেণ্টাৰৰ অধ্যাপক৷ এই গৱেষণাটোত প্রকাশ পাইছে আন্তঃৰাষ্ট্রীয় বিজ্ঞান–আলোচনী ‘ফ্রণ্টিয়ার্ছ ইন চাইক্রিয়াট্রী’ত৷ পৰীক্ষাৰ অন্তত গৱেষককেইজনে প্রমাণ কৰে যে আমাৰ মস্তিষ্কক ক’ব নালাগে কোন অচিন আৰু কোন পৰ৷ মস্তিষ্কই নিজেই বুজি পায় আমাৰ আপোনজন কোন বা কোনজন অচিন৷ আৰু সেই অনুসৰি আমাৰ গলাৰ স্বৰ ব্যক্তিভেদে সলনি হয়৷ দর্শনৰ এক বিখ্যাত অধ্যাপকৰ পৰিয়ালৰ সন্তান ভীষ্মদেৱৰ পৰীক্ষাত প্রথম ধৰা পৰে মস্তিষ্কৰ এই চাঞ্চল্যকৰ ‘দর্শন’৷ আপুনি বাংলা, তামিল, গুজৰাটী, ইংৰাজী, ইটালীয় বা অসমীয়া যি ভাষাতেই কথা কয়, যি দেশতেই থাকে বা য’তেই আপুনি ডাঙৰ হয় অথবা যি সংস্কৃতিৰে আপুনি মানুহ নহওক কিয়, মস্তিষ্কৰ ক্ষেত্রত এই কাম সকলোৰে ক্ষেত্রত একেই হয়৷ আমাৰ ভাষা বদলি হ’লেও, সংস্কৃতি সলনি হ’লেও, দেশ সলনি হ’লেও কিন্তু গলাৰ স্বৰ সলনি নহয়৷ কিয়নো মস্তিষ্ক সদায় নিজৰ ইচ্ছামতেই চলে৷ ফলত আপুনি কোনো ব্যক্তিক হয়তো একেবাৰেই চিনি নাপায়, অথচ অতি ওচৰতে আছে৷ আনহাতে কোনো ব্যক্তি অতি আপোন অথচ তেওঁ বহু দূৰত থাকে– এইক্ষেত্রত মস্তিষ্কই কিন্তু গলাৰ স্বৰেৰে অচিন আৰু আপোনজনৰ চিনাকি দিয়ে৷ মূল গৱেষক বেহালাৰ বেছাৰাম চেটার্জী ৰোডৰ বাসিন্দা ভীষ্মদেৱে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, তেওঁলোকে তিনিখন দেশত এই পৰীক্ষা সম্পন্ন কৰিছিল৷ ইটালী, ব্রিটেইন আৰু ভাৰতত৷ এই পৰীক্ষা ১৬০গৰাকী পুৰুষ–নাৰীৰ ওপৰত চলোৱা হৈছিল৷ তেওঁলোকৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত৷ এই পৰীক্ষাৰ অন্তত গৱেষকসকলে প্রমাণ কৰে যে চিনাকি আৰু অচিনাকি মানুহৰ ক্ষেত্রত বা সম্বন্ধভেদে মানুহৰ গলাৰ স্বৰ সলনি হয়৷ আনহাতে নাৰী আৰু পুৰুষৰ মাজত থকা স্বাভাৱিক আকর্ষণৰ বাবে গলাৰ স্বৰৰ তাৰতম্য হোৱাৰ সম্ভাৱনা থাকে৷ গৱেষণাত এই কথাও প্রকাশ পাইছে যে ভালদৰে চিনাকি দুজন মানুহৰ মাজত কথা পাতোতে ব্যক্তিৰ গলাৰ স্বৰ খুব উঠা–নমা কৰে৷ গলাৰ স্বৰৰ বিভিন্ন কম্পনাংক থাকে৷ একেবাৰে অচিনাকি নহ’লেও অলপ চিনা–জনা থকা মানুহৰ সৈতে কথা পাতোতে গলাৰ স্বৰ একঘেয়ামি নহয়৷ কিছু উঠা–নমা থাকে৷ স্বৰৰ কম্পনাংক তুলনামূলকভাৱে কম হয়৷ এই কম্পনাংকৰ মাপ জোখা পদ্ধতিটোৰ নাম স্নায়ু বিজ্ঞানত ‘আর্টিকুলেচন স্পেচ মেপিং’৷ এই আর্টিকুলেচন স্পেচৰ জৰিয়তে গলাৰ স্বৰৰ উঠা–নমা ধৰা পৰে৷ গৱেষকসকলে এই কথাৰো প্রমাণ পাইছে যে বেছি মানুহৰ সৈতে কথা পাতিলে সেই স্বৰত তুলনামূলকভাৱে থাকে একঘেয়ামি৷ স্বৰত নাথাকে কম্পনাংকৰ বিভিন্নতা৷ নাথাকে স্বৰৰ উঠা–নমা৷ সেই অধিক মানুহৰ মাজত চিনাকি বা পৰিচিত মানুহ থাকিলেও স্বৰত থাকে একঘেয়ামি৷