নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱৰ অস্তিত্বঃ ৰঙা গ্রহত ৰহস্যজনক গাঁতক লৈ চর্চা

নাছাৰ শেহতীয়া আলোকচিত্রক লৈ উৎসাহি বিজ্ঞানী

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ মানৱ সৃষ্ট কাৰকৰ বাবে পৃথিৱী অনাগত কিমান বছৰলৈ জীৱৰ বাসোপযোগী হৈ থাকিব তাক লৈ বিজ্ঞানী মহল উদ্বিগ্ণ হৈ পৰিছে৷ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনে পৃথিৱীলৈ অশনি সংকেত কঢ়িয়াই অনাৰ পৰিপ্রেক্ষিতত আমি বাস কৰা গ্রহটি থকা সৌৰজগতৰ আন গ্রহ আৰু মহাকাশত জীৱৰ অস্তিত্বৰ সন্ধানত ব্যস্ত হৈ পৰিছে বিশ্বৰ বিজ্ঞানী মহল৷ সৌৰজগতৰ লগতে বিশ্বব্রহ্মাণ্ডত জীৱৰ অস্তিত্বৰ সন্ধানত অধ্যয়ন গৱেষণা চলাই থকা বিজ্ঞানীসকলে নিত্য নতুন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ সৌৰজগতৰ গ্রহ বৃহস্পতিৰ পৰা মংগললৈকে জীৱৰ সন্ধানত অভিযান চলাই আছে৷ শেহতীয়াভাবে নাছাই প্রচাৰ কৰা এক আলোকচিত্রত ৰঙা গ্রহ মংগলত ৰহস্যময় গাঁতৰ সন্ধান লাভ কৰিছে৷ গ্রহটোৰ চৌদিশে প্রদক্ষিণ কৰি থকা ৰৱতীক মার্চ ৰিক’নাইচেঞ্চ অৰবিটৰৰ হিৰিছ সঁজুলিৰ যন্ত্রৰ দ্বাৰা মংগলত ৰহস্যময় গাঁতৰ আলোকচিত্র সংগ্রহ কৰিছে৷ এই গাঁতটোৰ অস্তিত্বই গ্রহটিত জীৱৰ সন্ধান দিব বুলি নাছাৰ বিজ্ঞানীসকলে ধাৰণা কৰিছে৷

You might also like