নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষ্টাৰলিংক-ক ইণ্টাৰনেট সেৱাৰ বাবে ভাৰত চৰকাৰৰ অনুমতি

নিউজ ডেস্ক, ৮ মে’ : ইলন মাস্কৰ স্পেচএক্সৰ ছেটেলাইট ইণ্টাৰনেট শাখা ষ্টাৰলিংক-এ ভাৰত চৰকাৰৰ পৰা লেটাৰ অৱ ইনটেণ্ট (LoI) লাভ কৰিছে, যিয়ে দেশত ছেটেলাইট যোগাযোগ (ছেটকম) অনুজ্ঞাপত্ৰ নিশ্চিত কৰাৰ দিশত অগ্ৰগতিৰ সংকেত দিছে।

চৰকাৰী সূত্ৰ অনুসৰি দূৰসংযোগ বিভাগে এই এল অ’ আই (LoI) জাৰি কৰিছে। ভাৰতৰ ক্ৰমবৰ্ধমান ডিজিটেল সংযোগৰ বজাৰত প্ৰৱেশৰ বাবে ষ্টাৰলিংকৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাত ইয়াৰ এক উল্লেখযোগ্য বিকাশ ঘটিছে।

কোম্পানীটোৱে পৃথিৱীৰ পৰা প্ৰায় ৫৫০ কিলোমিটাৰ ওপৰত প্ৰদক্ষিণ কৰা কম পৃথিৱী কক্ষপথ (LEO) উপগ্ৰহৰ নেটৱৰ্কৰ জৰিয়তে দ্ৰুতবেগী, কম বিলম্বযুক্ত ইণ্টাৰনেট প্ৰদান কৰাৰ লক্ষ্য লৈছে।

ভূ-স্থিৰ উপগ্ৰহৰ ওপৰত নিৰ্ভৰশীল পৰম্পৰাগত উপগ্ৰহ সেৱাৰ দৰে নহয়, ষ্টাৰলিংকৰ লিঅ’ নেটৱৰ্ক—বৰ্তমান প্ৰায় ৭,০০০ উপগ্ৰহৰে গঠিত—ষ্ট্ৰীমিং, গেমিং, আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ বাবে উপযোগী দ্ৰুত, অধিক প্ৰতিক্ৰিয়াশীল ইণ্টাৰনেট প্ৰৱেশৰ বাবে ডিজাইন কৰা হৈছে। অনাগত বছৰবোৰত স্পেচএক্সে এই নেটৱৰ্ক ৪০ হাজাৰৰো অধিক উপগ্ৰহলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে।

নিয়ন্ত্ৰণ আৰু নিৰাপত্তাৰ চিন্তাৰ বাবে ষ্টাৰলিংকৰ ভাৰতত প্ৰৱেশত পলম হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী চন্দ্ৰ শেখৰ পেম্মাছানীয়ে কয় যে, ‘এয়া অলপ জটিল বিষয়… নিৰাপত্তা ইয়াৰ ভিতৰত অন্যতম।

ইতিমধ্যে ভাৰতে ইউটেলছেট ৱানৱেব আৰু জিঅ’ চেটেলাইট কমিউনিকেশ্যনক চেটকমৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে ৰিলায়েঞ্চ জিঅ’ আৰু এয়াৰটেল দুয়োটাই সমগ্ৰ ভাৰতত ষ্টাৰলিংকৰ সেৱা আৰম্ভ কৰাত সহায় কৰিবলৈ অংশীদাৰিত্ব ঘোষণা কৰিছিল।

কিন্তু উপগ্ৰহ ভিত্তিক ইণ্টাৰনেটৰ খৰচ এতিয়াও বাধা হৈ আছে, বৰ্তমানৰ হাৰ ফাইবাৰ-অপ্টিক ব্ৰডবেণ্ডতকৈ যথেষ্ট বেছি, যিয়ে দ্ৰুত গতিও প্ৰদান কৰে।

তথাপিও ষ্টাৰলিংকৰ অনুমোদনে ভাৰতৰ ডিজিটেল আন্তঃগাঁথনিৰ এক নতুন অধ্যায় হিচাপে চিহ্নিত কৰিব, বিশেষকৈ দূৰৱৰ্তী আৰু অভাৱগ্ৰস্ত অঞ্চলত।

You might also like