নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Hashtag টেগ কি? ছ’চিয়েল মিডিয়াত যেতিয়াই কোনোবাই পোষ্ট কৰে তেতিয়াই # কিয় ব্যৱহাৰ কৰে?

-প্ৰণৱজ্যোতি মহন্ত

আজিকালি সকলোৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে। আপুনি ছ’চিয়েল মিডিয়াৰ পোষ্টত # (Hashtag) টেগ লিখা হয়টো দেখিছে। এইটো দেখি নিশ্চয় আপোনাৰ মনত এটা প্ৰশ্ন আহে যে এই হেচটেগটো নো প্ৰকৃততে কি? মানুহে পোষ্টত হেচটেগ কিয় ব্যৱহাৰ কৰে? ইয়াক ব্যৱহাৰ কৰিলে কি কি লাভ হয়?

যদি আপুনি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ নাজানে, তেন্তে আহক জানো এইবিষয়ে…

হেচটেগ (Hashtag) কি?

টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম আদি ছ’চিয়েল মিডিয়া চাইটত কোনো ফটো, ভিডিঅ’, পোষ্ট, কমেণ্ট বা অনুষ্ঠান বিচাৰিবলৈ হেচটেগ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ টেগ কৰা, যদি আপুনি আপোনাৰ যিকোনো পোষ্ট ইভেন্ট মেছেজৰ সন্মুখত এটা হেচটেগ ৰাখে, তেন্তে সেই হেচটেগটোত ক্লিক কৰি আমি সেই পোষ্টটোৰ সৈতে জড়িত সকলো তথ্য একেটা পেজতে পাও।

ছ’চিয়েল মিডিয়া হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে ইজনে সিজনৰ লগত সংযোগ স্থাপন কৰা এক মঞ্চ। তেতিয়া হেচটেগৰ জৰিয়তে জনা যায় যে বিশ্বত কোনটো বিষয় চৰ্চা চলি আছে। হেচটেগে সমবিচাৰধাৰাৰ লোকক একত্ৰিত কৰি জনসাধাৰণৰ স্বাৰ্থৰ বাবে উত্থাপন কৰা বিষয়বোৰ আন আন লোকসকলৰ ওচৰলৈ লৈ যায়। ১৯৮৮ চনত ইণ্টাৰনেট ৰিলে চেট নামৰ এটা প্লেটফৰ্মত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হৈছিল এই হেচটেগ।

এনেদৰে কাম কৰে # টেগে

  • বহু ব্যৱহাৰকাৰীয়ে প্ৰতিটো ষ্টেটাছৰ সৈতে হেচটেগ ব্যৱহাৰ কৰে, কিন্তু সকলো ধৰণৰ শব্দত হেচটেগে কাম নকৰে। ইয়াক কেৱল আলফানিউমেৰিক শব্দৰ সৈতেহে ব্যৱহাৰ কৰিব পাৰি।
  • যদি হেচটেগৰ সৈতে এটা বিশেষ আখৰ ব্যৱহাৰ কৰা হয়, তেন্তে ই কাম নকৰে।
  • হেচটেগ প্ৰয়োগ কৰাৰ আগতে নিশ্চিত হওক যে আপুনি টেগ কৰা শব্দটো আপোনাৰ লেখাটোৰ সৈতে জড়িত হয়নে নহয়।
  • আপোনাৰ লেখাৰ লগত সম্পৰ্ক নথকা এনে ধৰণৰ টেগ লগোৱা উচিত নহয়।
  • যদি আপুনি যিকোনো ফটোত ইয়াক ব্যৱহাৰ কৰে, তেন্তে সেই আপলোড কৰা ফটোখন সকলোৱে চাব পাৰিব।

You might also like