নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Cockroach: মূৰ নোহোৱাকৈও এসপ্তাহলৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা

পঁইতাচোৰাৰ মূৰ কাটিলেও এসপ্তাহ জীয়াই থাকিব পাৰে, আৰু ইয়াৰ কাৰণ হৈছে পঁইতাচোৰাৰ শৰীৰৰ বিজ্ঞান। আচলতে পঁইতাচোৰাৰ শৰীৰৰ গঠনৰ বাবেই এইটো সম্ভৱ। পঁইতাচোৰাৰ শৰীৰত এটা মুকলি ৰক্তসঞ্চালন ব্যৱস্থা থাকে। অৰ্থাৎ পইতাচোৰাটোৱে নাকেৰে নহয় শৰীৰত থকা সৰু সৰু ফুটাবোৰৰ মাজেৰেহে উশাহ লয়। এই কাৰণে মূৰ কাটি যোৱাৰ পিছতো পঁইতাচোৰাৰ উশাহ-নিশাহ অব্যাহত থাকে।

এনে অৱস্থাত পঁইতাচোৰাৰ মৃত্যু কেনেকৈ হয় ?

পঁইতাচোৰাৰ মূৰটো কাটিলেও তাৰ পিছতো প্ৰায় এসপ্তাহ জীয়াই থাকিবলৈ সক্ষম হয় (Cockroach Can Survive For A Week Without Head), কিন্তু তাৰ পিছত পঁইতাচোৰাৰ মৃত্যু হয়। আচলতে পঁইতাচোৰাই মূৰ অবিহনে ছালৰ মাজেৰে উশাহ ল’ব পাৰে, কিন্তু শৰীৰৰ ছিদ্ৰৰ দ্বাৰা পানী খাব নোৱাৰে। এনে অৱস্থাত সময়ৰ লগে লগে এদিন পঁইতাচোৰাৰ তৃষ্ণাত মৃত্যু হয়।

You might also like