নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উল্কাপিণ্ডত ওলাল সূর্যৰ জন্মৰো পূর্বৰ বিৰল পদাৰ্থ

৫১ বছৰ পূর্বে উত্তৰ মেক্সিকোত পৰিছিল এলেণ্ডি

অমল কৃষ্ণ ভৰালী 

আমাৰ সূর্যৰ জন্মৰ আগেয়েও যে ব্রহ্মাণ্ডত আদিমতম কঠিন পদার্থৰ সৃষ্টি হৈছিল, তাৰ প্রমাণ ওলাল পৃথিৱীত৷ ৫০০ কোটি বছৰৰ পূর্বে ব্রহ্মাণ্ডৰ প্রচণ্ড তাপমাত্রাত এই কঠিন পদার্থ বেছি সময় টিকি থকা একেবাৰেই অসম্ভৱ আছিল৷ সেই প্রচণ্ড তাপমাত্রাত যিকোনো কঠিন পদার্থই গলি বা বাষ্পীভূত হৈ গৈছিল৷ কিন্তু পৃথিৱীত উদ্ধাৰ হোৱা এই পদার্থবিধ গলি যোৱা নাছিল, আনকি কঠিন হৈয়ে আছিল৷ এই বিৰল পদার্থবিধ উদ্ধাৰ হৈছিল ৫১ বছৰ পূর্বে উত্তৰ মেক্সিকো মহাকাশৰ পৰা এটা উল্কাপিণ্ডৰ মাজত৷ যাৰ নাম এলেণ্ডি৷ ১৯৬৯ চনৰ ফ্রেব্রুৱাৰীত পৃথিৱীত পৰিছিল ‘এলেণ্ডি’৷ ব্রহ্মাণ্ডৰ আদিমতম এই কঠিন পদার্থক কোৱা হয় ‘প্রি–ছ’লাৰ গ্রেইনছ’৷ উল্কাপিণ্ডটোৰ মাজতে সোমাই আছিল এই বিৰল পদার্থ ‘এলেণ্ডি’৷ প্রথম অৱস্থাত এই পদার্থটো কি আৰু কিহেৰে তৈয়াৰী, সেয়া জানিব পৰা হোৱা নাছিল৷ ন’বেল বঁটা বিজয়ী ৰাসায়নবিদ মেৰী কুৰিৰ নামেৰে তেতিয়া এই পদার্থবিধৰ নাম দিয়া হৈছিল ‘কিউৰিয়াছ মেৰী’৷ ৰাসায়নিক বিশ্লেষণৰ পিছত জানিব পৰা গ’ল যে ‘এলেণ্ডি’ৰ মাজত থকা পদার্থবিধ আচলতে কেলচিয়াম আৰু এলুমিনিয়াম ধাতুৰ এটা যৌগ৷ আৰু তাৰ মাজত আছে ছিলিকন আৰু কার্বনৰ একোটা যৌগ– ছিলিকন কার্বাইড৷ যি আছে এতিয়াও অত্যন্ত কঠিন অৱস্থাত৷ ব্রহ্মাণ্ডত যাৰ জন্ম হৈছিল সূর্যৰ জন্মৰো পূর্বে, আজিৰ পৰা অন্তত ৫০০–৫৫০ বছৰ পূর্বে৷ ছেণ্ট লুছিয়াৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ এই গৱেষণা পত্রখন প্রকাশ পাইছে আন্তর্জাতিক বিজ্ঞান আলোচনী ‘নেচাৰ এষ্ট্রোনমী’ত৷ মূল গৱেষক ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ অধ্যাপক অলগা প্রেভটিভেছভাই কয়– ‘ব্রহ্মাণ্ডৰ যি সময়ত এই কঠিন পদার্থৰ সৃষ্টি হৈছিল, সেই সময়ত তাৰ পক্ষে বেছি সময় কঠিন অৱস্থাত থকা সম্ভৱ নাছিল৷ কাৰণ ব্রহ্মাণ্ডৰ তাপমাত্রা সেই সময়ত আছিল অত্যন্ত বেছি৷ যি তাপমাত্রাত কোনো পদার্থই কঠিন অৱস্থাত বেছি সময় থাকিব নোৱাৰে৷ কিন্তু এই পদার্থই আমাক অবাক কৰি দিছে৷ আৰু অবাক কৰিছে যে সেই পদার্থটো সৃষ্টি হৈছিল কেলচিয়াম আৰু এলুমিনিয়ামেৰে৷ যাৰ গলনাংগ বৰ বেছি নহয়৷’ উল্লেখ্য যে ৫১ বছৰ পূর্বে পৃথিৱীৰ বুকুত পৰা এই ‘এলেণ্ডি’ নামৰ উল্কাপিণ্ডটো ৰখা হৈছে চিকাগো ফিল্ড মিউজিয়ামত৷ উল্কাপিণ্ডটো সন্দর্ভত অধ্যাপক অলগাই আৰু কয়– আমাৰ সূর্যৰ জন্মৰ আগে বিশ্বব্রহ্মাণ্ডৰ কোনো কোনো স্থানত হয়তো এনে তাপমাত্রা আছিল, য’ত ছিলিকন কার্বাইডৰ দৰে কঠিন পদার্থ সৃষ্টি হৈছিল আৰু কেইবাকোটি বছৰ ধৰি এনেদৰে আছিল৷ আনহাতে সূর্যৰ জন্মৰ আগেয়ে যি কঠিন পদার্থৰ জন্ম হৈছিল, তাৰ সকলো প্রচণ্ড তাপমাত্রাত গলি বা ভস্মীভূত হৈ গৈছিল৷

You might also like