নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্লো হৈ গৈছে নেকি ম’বাইল ফোন, স্পীড আনিবলৈ ৪টা টিপছ

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ স্মাৰ্টফোন আমাৰ দৈনিক জীৱনৰ অন্যতম সংগী। কিন্তু সময় যোৱাৰ লগে লগে আন বহুতো ইলেক্ট্ৰনিক সামগ্ৰীৰ দৰে আমাৰ ফোনবোৰৰ গতিও লেহেম হয়। এইক্ষেত্ৰত কেইটামান পৰামৰ্শ দিয়া হৈছে, যি আপোনাৰ ফোনৰ গতি বৃদ্ধি কৰিবলৈ সক্ষম। এবাৰ চাওঁ আহক।

কেচ্ছ পৰিষ্কাৰ কৰক

স্মাৰ্টফোনত আপুনি যি কাম কৰে সেয়া আপোনাৰ ফোনত কেচ্ছ ডাটা ৰূপে ৰৈ যায়। এনে ক্ষেত্ৰত আপুনি এই ফাইলবোৰ পৰিষ্কাৰ কৰি আপোনাৰ ফোনৰ গতি সলনি কৰিব পাৰে। কেচ্ছ পৰিষ্কাৰ কৰিবলৈ ছেটিংছ > ষ্টোৰেজ> কেচ্ছলৈ যাওক। ইয়াৰ পিছত কেচ্ছ পৰিষ্কাৰ কৰক।

এনিমেচন বন্ধ কৰক

ফোনত বিভিন্ন লাইভ ৱালপেপাৰত এনিমেচন হয়। ইয়াৰ উপৰি বহু লঞ্চাৰতো বিভিন্ন এনিমেচন থাকে। ই ফোনটো অধিক ধুনীয়া কৰি তোলে, কিন্তু ফোনটো লেহেম হয়। সেয়েহে এনিমেচন বন্ধ কৰক।

আপডেট ছফ্টৱেৰ ব্যৱহাৰ কৰক

আপোনাৰ ফোনৰ এণ্ড্ৰইড সংস্কৰণ পৰীক্ষা কৰক। যদি এটা পুৰণি সংস্কৰণ থাকে. তেন্তে নতুন আপডেট ইনষ্টল কৰক। কাৰণ নতুন আপডেটত কোম্পানীয়ে পূৰ্বৱৰ্তী সংস্কৰণতকৈ কিবা নতুন দিয়ে। সেয়েহে আপডেট সংস্কৰণটো ব্যৱহাৰ কৰিব লাগে।

ফেক্টৰী ৰিচিট

যদি ইমান কৰাৰ পিছতো আপোনাৰ ফোনৰ গতি বৃদ্ধি নহয়, অন্তিম বিকল্পটো হৈছে ফেক্টৰী ৰিচিট। আপুনি ছেটিংছৰ তলত এই বিকল্পটো পাব। ই ফোন মেমৰিৰ সকলো ডাটা বিলোপ কৰিব। গতিকে এইটো অন্তিম বিকল্প। এই বিকল্পত ক্লিক কৰাৰ আগতে ডাটা বেকআপ ৰাখিব লাগিব।

You might also like