নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰথম ভাৰতীয় হিচাপে অনন্য নজিৰ মিতালীৰাজৰ

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ  বিৰল কৃতিত্ব। দহ হাজাৰ ৰানৰ এলিট ক্লাবত প্রৱেশ কৰিলে ভাৰতৰ মহিলা ক্রিকেট দলৰ অধিনায়ক মিতালীৰাজে। দেশৰ প্রথম মহিলা ক্রিকেটাৰ হিচাপে দহ হাজাহ আন্তর্জাতিক ৰান পূর্ণ কৰিলে মিতালীৰাজে। শুকুৰবাৰে দক্ষিণ আফ্রিকাৰ সৈতে হোৱা চিৰিজৰ তৃতীয় মেচত এই মাইল ষ্টোন স্পৰ্ষ কৰিলে ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়কগৰাকীয়ে। ৩৮ বছৰ বয়সীয়া মিতালীয়ে মেচখনৰ ২৮ তম অভাৰত এই কৃতিত্ব অৰ্জন কৰে।

 উল্লেখ্য যে মিতালীৰ ৩১১ খন খেলত মুঠ ৰান আছিল ১০০০১ ৰান। মিতালীৰ ২১২ খন এদিনীয়াত ৭ টা শতক আৰু ৫৪ টা অৰ্ধশতক আছে।

You might also like