জানুৱাৰীৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছত শ্লীপাৰ কোচ্চৰ সুবিধা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ ডিচেম্বৰঃ দীৰ্ঘ দূৰত্বৰ যাত্ৰা আৰামদায়ক কৰি তুলিবলৈ ভাৰতীয় ৰেলৱেই অহৰহ নতুন সুবিধা বৃদ্ধি কৰি আহিছে। ৰেলৱেই এতিয়া তীব্ৰবেগী ৰে’ল বন্দে ভাৰতত শ্লীপাৰ দবা প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। ৰে’ল মন্ত্ৰালয়ৰ তথ্য অনুসৰি বন্দে ভাৰতৰ শ্লীপাৰ ট্ৰেইন চেটৰ প্ৰথমটো প্ৰ’ট’টাইপ সাজু হৈছে। ইয়াৰ ফিল্ড ট্ৰায়েল অতি সোনকালে কৰা হ’ব। গাইডলাইন অনুসৰি বহু পৰীক্ষা সম্পন্ন কৰা হ’ব। পৰীক্ষাৰ সফলতাৰ পিছতহে যাত্ৰীসকলৰ বাবে মুকলি কৰা হ’ব। জানুৱাৰী মাহত ইয়াৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যসভাত দাখিল কৰা এক বিবৃতিত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বন্দে ভাৰত শ্লীপাৰখন দীৰ্ঘ আৰু মধ্যম দূৰত্বৰ যাত্ৰাৰ বাবে ডিজাইন কৰা হৈছে, যাৰ ফলত অতি আৰামদায়ক যাত্ৰা সম্ভৱ হ’ব। বন্দে ভাৰতৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে ইয়াৰ নিৰাপদ মডেল। সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা এই মডেলটোৰ প্ৰতি বেছিভাগ মনোযোগ দিয়া হৈছে। এই ৰেলখনত কাভাচ ৪ৰো ব্যৱস্থা কৰা হৈছে। এই ৰেলখন EN-45545 HL3 অগ্নি সুৰক্ষাৰ মানদণ্ড অনুসৰি নিৰ্মাণ কৰা হৈছে। বন্দে ভাৰত শ্লীপাৰৰ কাপলাৰবোৰো ইমান আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে যে ৰে’লখন সম্পূৰ্ণ জৰ্ক ফ্ৰী হ’ব। ইয়াৰ ব্ৰেকিং চিষ্টেমো অত্যাধুনিক আৰু ৰেলখনৰ এক্সিলেৰেশ্যন টাইমিংও অতি কম। কোনো জৰুৰীকালীন অৱস্থাত লোকো পাইলট আৰু ৰেল পৰিচালকৰ মাজত যোগাযোগৰ বাবে টক বেকৰ ব্যৱস্থাও কৰা হৈছে। এই ৰেলখনত যাত্ৰীবাহী সা-সুবিধাৰ প্ৰতি বিশেষ যত্ন লোৱা হৈছে। ইয়াত অতিৰিক্ত দুটা শৌচাগাৰৰ ব্যৱস্থাও কৰা হৈছে। ইয়াত স্বয়ংক্ৰিয় দুৱাৰ স্থাপন কৰা হৈছে, যাতে ৰে’লখন এবাৰ ষ্টাৰ্ট হ’লেই কোনো অসামাজিক উপাদানে দুৱাৰ খুলি যাত্ৰীসকলৰ লাগেজ আদিৰ ক্ষতি কৰিব নোৱাৰে। এটা দবাৰ পৰা আন এটা দবালৈ যাবলৈ মাজৰ গেংৱেটোও সম্পূৰ্ণ ছীল আৰু নিৰাপদ কৰি তোলা হৈছে। এই ৰেলখনত যাত্ৰীসকলে ওপৰৰ বাৰ্থলৈ উঠিবলৈ সহজ হ’ব, কাৰণ ইয়াত এৰগ’নমিক ডিজাইনৰ জখলাও স্থাপন কৰা হৈছে। যাত্ৰীৰ সুবিধা যেনে এয়াৰ কণ্ডিচনাৰ, চেলুন লাইটিং আদি নিৰীক্ষণৰ বাবে কেন্দ্ৰীয় নিয়ন্ত্ৰিত দবা নিৰীক্ষণ ব্যৱস্থাও স্থাপন কৰা হৈছে। লগতে সকলো দবাত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে।