নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘এ আই’ৰ জৰিয়তে পাঠদান : ধন ওভতাই লাগে ছাত্রীক

আমেৰিকাৰ বিশ্ববিদ্যালয়ত শিক্ষকৰ বিৰুদ্ধে শিহৰণকাৰী অভিযোগ

‘এ আই’ৰ জৰিয়তে পাঠদান : ধন ওভতাই লাগে ছাত্রীক

নিউজ ডেস্ক, ১৯ মে’ : ইংৰাজী সাহিত্যৰ শিক্ষার্থীসকলৰ বহুতৰে বাবে জনপ্রিয় গল্প হৈছে ‘ৰিফাণ্ড’৷ এই গল্পটোৰ মূল চৰিত্র ছাত্রই তেওঁৰ পুৰণি শিক্ষানুষ্ঠানলৈ উভতি গৈ দীর্ঘদিনীয়া অধ্যয়নৰ সমস্ত খৰচ ওভতাই বিচাৰিছিল৷

ছাত্রজনৰ যুক্তি আছিল যে স্কুল–কলেজত পঢ়ি উত্তীর্ণ হোৱাৰ পাছতো তেওঁ চাকৰি পোৱা নাই৷ অর্থাৎ তেওঁৰ শিক্ষা কোনো কামত লগা নাই৷ গতিকে তেওঁ শিক্ষাৰ নামত খৰচ কৰা ধন ওভতাই দিব লাগে৷ এইবাৰ বাস্তৱত আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ত দেখিবলৈ পোৱা গ’ল একেই কাহিনী৷ বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্রীয়ে কর্তৃপক্ষৰ পৰা শিক্ষাৰ নামত ব্যয় হোৱা ধন ওভতাই বিচাৰিছে৷

ছাত্রীগৰাকীৰ অভিযোগ হৈছে শিক্ষকে কৃত্রিম মেধা (এআই)ৰ সহায়ত ক্লাছত নোট দিছিল৷ অর্থাৎ শিক্ষকগৰাকীয়ে নিজাকৈ কোনোধৰণৰ পৰিশ্রম কৰা নাছিল৷ গতিকে তেওঁ খৰচ কৰা ধন ওভতাই দিব লাগে৷ ছাত্রীগৰাকীৰ নাম এলা ষ্টেপলেটন৷ আমেৰিকাৰ নর্থ–ইষ্টার্ন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লৈছে এলাই৷ কিন্তু ইয়াৰ পাছতে এলাই এটা কথা উপলব্ধি কৰিবলৈ সক্ষম হয় যে দীর্ঘদিন ধৰি ক্লাছত শিক্ষকে যি পঢ়ুৱাইছিল সেয়া চ্যাটজিপিটি অর্থাৎ এআইৰ সহায়ত পঢ়ুওৱা হৈছিল৷

আনকি ক্লাছত নোটো লিখিবলৈ দিয়া হৈছিল কৃত্রিম মেধাৰ জৰিয়তে৷ বিষয়টো এলাই সহপাঠীসকলক জনোৱাৰ উপৰি শিক্ষকগৰাকীয়ে কোনোধৰণৰ পৰিশ্রম নোহোৱাকৈ ক্লাছত নোট দিয়া বুলি অভিযোগ আনে৷ অকল সেয়াই নহয়, বিশ্ববিদ্যালয় কর্তৃপক্ষক ছাত্রীজনীয়ে শিক্ষাৰ নামত খৰচ হোৱা ধন ওভতাই বিচাৰিছে৷

You might also like