আধাসিজা ৰুটী আধাভজা বেঙেনা
মই অসম সাহিত্য সভাৰ সভাপতি (২০০১–২০০২) হৈ থকা সময়ৰ কথা৷ এবাৰ পাঠশালাত মোৰ লগত হোৱা ‘অন্তৰংগ আলাপ’ত এজন প্রশ্ণকর্তাই মোক সুধিছিল– ‘আপোনাক যদি আপোনাৰ জীৱনৰ এসাঁজ স্মৰণীয় খোৱাৰ কথা ক’বলৈ কোৱা হয়, তেতিয়া কোনসাঁজ খোৱাৰ কথা প্রথমে আপোনাৰ মনলৈ আহিব?’ প্রশ্ণটোৰ শব্দবোৰ হয়তো অবিকলভাৱে মই মনত পেলাব পৰা নাই কিন্তু ভাবার্থটো আছিল মোটামুটিভাৱে এনেকুৱাই৷
সাহিত্য, সাংবাদিকতা, ৰাজনীতি আৰু জীৱন–দর্শনৰ বিষয়ে সোধা নানা প্রশ্ণৰ মাজতে মোৰ ভোজনৰ অভিজ্ঞতাৰ বিষয়ে সোধা প্রশ্ণটোৰ এটাই মাত্র কাৰণ থাকিব পাৰে বুলি মই অনুমান কৰোঁ৷ সেইটো হৈছে এই যে মই মোৰ বহুতো ব্যক্তিগত ৰচনাত বিচিত্র সুখাদ্য খোৱাৰ অভিজ্ঞতাৰ কথা লিখিছোঁ৷ আনকি কুকুৰৰ মাংসও বাদ পৰি যোৱা নাই৷ বহুতো মানুহেই লোভনীয় সুখাদ্য খোৱাৰ অভিজ্ঞতা ৰমণীয় ভাষাৰে বর্ণনা কৰে৷ কিন্তু মই দাবী কৰিব খোজোঁ যে মোৰ ভোজন–সাহিত্য আৰু আনৰ ভোজন–সাহিত্যৰ মাজত কিছু পার্থক্য আছে৷ পার্থক্যটো হ’ল জিভা আৰু হূদয়ৰ পার্থক্য৷ কেৱল জিভাত জুতি লগোৱা আৰু উৎকৃষ্ট ৰন্ধন–কলাৰ নিদর্শনস্বৰূপ বেছিভাগ সুস্বাদু সুখাদ্যৰ কথাই মই পাহৰি গৈছোঁ মনত ৰাখিছোঁ কেৱল হূদয়ক গভীৰভাৱে স্পর্শ কৰা সুখাদ্য বা আনকি অখাদ্যবোৰৰ কথাহে৷ মাত্র এটা উদাহৰণ দিলেই মোৰ বক্তব্য স্পষ্ট হ’ব৷
বহু বছৰৰ আগৰ কথা৷ মই তেতিয়া ডিব্রুগড় চৰকাৰী হাইস্কুলৰ নৱম শ্রেণীৰ ছাত্র৷ কোনোবা এবাৰ বন্ধত গাঁৱৰ ঘৰলৈ আহোঁতে দিচাংঘাটৰ পৰা নাৱেৰে ব্রহ্মপুত্র পাৰ হওঁতেই ৰাতি হ’ল৷ গাঁও পাবলৈ তেতিয়াও আঠ মাইল বাট বাকী পাৰ হ’ব লাগিব এখন গভীৰ অৰণ্য৷ ইফালে, আকাশখন ছাটি ধৰিছে বাৰিষাৰ ক’লীয়া মেঘে৷ মোৰ অসহায় অৱস্থা দেখি এজন মিচিং সহযাত্রীয়ে তেওঁৰ চাংঘৰত ৰাতিটো থাকিবলৈ মোক নিমন্ত্রণ কৰিলে৷ সেই ৰাতিটোৰ অভিজ্ঞতা বর্ণনা কৰি আঢ়ৈকুৰি বছৰমানৰ আগতে লিখা ‘গধূলিৰ অতিথি’ নামৰ এখন ৰচনাত মই লিখিছিলোঁ– ‘…খৰিকাত দিয়া মাছৰ লগত আপং খাই থাকোঁ মানে মানুহজনে জুইৰ পৰা কৌ–পাতৰ টোপোলাটো উলিয়াই তাৰ ভিতৰত থকা বস্তুখিনি মুখেৰে ফুঁৱাই ফুঁৱাই ঠাণ্ডা কৰি বেলেগ এখন পাতত উলিয়াবলৈ ধৰিলে৷ তেতিয়াহে দেখিলোঁ– পাতত দিয়া বস্তুটো হ’ল তিতা ভেকুৰিৰ গুটি৷ তেল–নিমখ সানি সেই পাতত দিয়া তিতা–ভেকুৰিখিনিও তেওঁ মোক খাবলৈ দিলে৷ সেই দিয়াৰ মাজত কি আচৰিত কৰুণ–কোমল চেনেহ সোমাই আছিল মই নাজানো কিন্তু অনেক ধনী–গৃহ আৰু দামী ৰেস্তোৰাঁৰ মহার্ঘ সুখাদ্যয়ো সেই তিতা ভেকুৰিকেইটাৰ অনির্বচনীয় স্বাদ আজিলৈকে মোৰ জিভাৰ পৰা আৰু হূদয়ৰ পৰা মচি পেলাব পৰা নাই৷’
মোৰ জীৱনৰ অবিস্মৰণীয় ভোজন–ভিজ্ঞতাৰ ভিতৰত এটা হ’ল শৰৎচন্দ্র সিংহৰ লগত হোৱা ব্রেকফাষ্ট৷
অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ নামি অহাৰ পিছৰ কথা৷ দিছপুৰৰ নতুন ৰাজধানীৰ ঘৰবোৰ সজাৰ কাম তেতিয়াও সম্পূর্ণ হোৱা নাই৷ কিন্তু মুখ্যমন্ত্রী শৰৎচন্দ্র সিংহই ইতিমধ্যে এটা ঘৰ দখল কৰি তাত থাকিবলৈ আৰম্ভ কৰিছে৷ সেই ঘৰত তেওঁৰ পৰিয়ালৰ প্রৱেশ নিষেধ৷ দুখনমান চকী আৰু টেবুলৰ বাহিৰে ঘৰটোত আচবাব বুলিবলৈ বিশেষ একো নাই৷
মই তেতিয়া ‘সাপ্তাহিক নীলাচল’ নামৰ বার্তালোচনীৰ সম্পাদক৷ মুখ্যমন্ত্রীৰ এটা আছুতীয়া সাক্ষাৎকাৰ ল’বলৈ মন কৰি এদিন তেওঁলৈ টেলিফোন কৰিলোঁ৷ তেওঁ সাক্ষাৎকাৰ দিবলৈ ততালিকে ৰাজী হ’ল৷ নির্দিষ্ট দিনটোত পুৱা আঠ বজাতে তেওঁৰ বাসভৱনলৈ যাবলৈ মুখ্যমন্ত্রীয়ে মোক অনুৰোধ কৰিলে৷ একেলগে ব্রেকফাষ্ট খাই তেওঁ মোৰ লগত কথা পাতিব– এইটোৱেই আছিল তেওঁৰ পৰিকল্পনা৷
ইয়াৰ প্রায় তিনি বছৰৰ আগতেই মই শৰৎচন্দ্র সিংহৰ ঘনিষ্ঠ সম্পর্কলৈ আহিছিলোঁ৷ গতিকে তেওঁৰ বিষয়ে কিছু কথা মই জনা হৈছিলোঁ৷ কিন্তু তেওঁৰ খাদ্যাভ্যাসৰ বিষয়ে মোৰ একো ধাৰণা নাছিল৷ মহেন্দ্রমোহন চৌধুৰী ১৯৭১ চনত কেইমাহমানৰ কাৰণে মুখ্যমন্ত্রী হৈ থাকোঁতে এদিন তেওঁ মোক গুৱাহাটীৰ চার্কিট হাউছত ব্রেকফাষ্ট খাবলৈ নিমন্ত্রণ কৰিছিল৷ টেবুল–ভর্তি ব্রেকফাষ্টৰ আকাৰ আৰু প্রকাৰ দেখি মই আতংকিত হৈছিলোঁ৷ কিবা কাৰণত সেইদিনা মহেন্দ্র মোহন চৌধুৰীয়ে একো এটা বস্তু মুখত দিয়া নাছিল৷ কিন্তু পিতৃসুলভ স্নেহৰ দাবীৰে তেওঁ ব্রেকফাষ্টৰ একো বস্তু বাদ নিদিয়াকৈ খাই শেষ কৰিবলৈ মোক বাধ্য কৰিছিল৷ মহেন্দ্র মোহন চৌধুৰীয়ে নিজে খাই খুব ভাল পাইছিল কিন্তু তাতোকৈ বেছি ভাল পাইছিল আনক খুৱাই৷ চৰকাৰী ভ্রমণত ৰাজ্যখনৰ বিভিন্ন ঠাইলৈ গৈ চার্কিট হাউছত থাকিব লগা হ’লে তেওঁ নিজে খাবলৈ বহাৰ আগতে ড্রাইভাৰকে ধৰি ব্যক্তিগত ষ্টাফৰ প্রত্যেকজন সদস্যৰে খোৱাৰ খবৰ লৈছিল তেওঁলোকৰ খোৱাৰ ব্যৱস্থা হৈছে বুলি জানি সন্তুষ্ট হোৱাৰ পিছতহে তেওঁ নিজে খাবলৈ বহিছিল৷
শৰৎচন্দ্র সিংহৰ ব্রেকফাষ্ট কেনেকুৱা হ’ব, সেই বিষয়ে মোৰ মনত একো স্পষ্ট ধাৰণা নাছিল৷ কিন্তু তেওঁ নিজে যিমানেই মিতব্যয়ী আৰু মিতাহাৰী নহওক কিয়– মই স্বতঃসিদ্ধ হিচাপে এই কথা ধৰি লৈছিলোঁ যে ষ্টেণ্ডার্ড ব্রেকফাষ্ট বুলিলে যিটো বস্তু বুজায়, অন্ততঃ সেইখিনি বস্তু খাবলৈ পোৱা যাব৷ আন একো নহ’লেও মাখন পাউৰুটী, এটা অমলেট বা সিজোৱা কণী, কল–আপেল জাতীয় কিবা এবিধ ফল… ইত্যাদি৷
মই গৈ পোৱাৰ লগে লগে মোৰ লগত একেখন ছোফাত বহি শৰৎচন্দ্র সিংহই কথা ক’বলৈ আৰম্ভ কৰিলে৷ তেওঁৰ স্বপ্ণ, তেওঁৰ আদর্শ, তেওঁৰ পৰিকল্পনা… এটা যেন দীঘলীয়া স্বগতোক্তি৷ মোৰ এনেহে অনুভৱ হ’ল– তেওঁ যেন ব্রেকফাষ্ট দূৰৰ কথা, মোৰ অস্তিত্বও পাহৰি গ’ল৷ তেওঁৰ কথাবোৰত আছিল গভীৰ আন্তৰিকতা, আদর্শবাদিতা আৰু আত্মপ্রত্যয়৷ মই মন্ত্রমুগ্ধ হৈ শুনি থাকিবলৈ ধৰিলোঁ৷
আধাঘণ্টামানৰ মূৰত ব্রেকফাষ্ট আহিল৷ দুখন ঢ়েপেলা ঢ়েপেল আটাৰ শুকান ৰুটী, কাষত দুটুকুৰামান বেঙেনা–ভজা৷ বছ, সিমানেই৷ শৰৎচন্দ্র সিংহই কথা কৈ কৈ মুখত ৰুটী ভৰালে৷ তেওঁক দেখি ময়ো খাবলৈ আৰম্ভ কৰিলোঁ৷ ৰুটী মুখত দিয়েই বুজি পালোঁ যে ভালকৈ সিজা নাই৷ ভজা বেঙেনাৰ অৱস্থাও তথৈবচ৷ আধাসিজা ৰুটী চোবাই চোবাই মই শৰৎচন্দ্র সিংহৰ মুখলৈ চালোঁ৷ তেওঁৰ মুখৰ ভাব দেখি স্পষ্ট বুজা গ’ল যে তেওঁ কি খাইছে বা খাই জিভাত কেনে লাগিছে সেইবোৰ তুচ্ছ পার্থিৱ কথালৈ মন দিবলৈ তেওঁৰ সময় নাই৷ তেওঁ বিচৰণ কৰিবলৈ আৰম্ভ কৰিছে নিজৰ চিন্তা আৰু কল্পনাৰ জগতখনত৷
জীৱনত তথাকথিত সুস্বাদু সুখাদ্য বহুত খালোঁ৷ জন্মান্তৰৰ স্মৃতিৰ দৰে সেইবোৰ কথা মোৰ মনৰ পৰা কেতিয়াবাই হেৰাই গ’ল৷ কিন্তু আজিও পাহিৰব পৰা নাই, জীৱনৰ শেষ মুহূর্তলৈকে পাহৰিব নোৱাৰিম, শৰৎচন্দ্র সিংহৰ লগত খোৱা ব্রেকফাষ্টৰ আধাসিজা ৰুটী আৰু বেঙেনা–ভজাৰ ‘অনির্বচনীয়’ সোৱাদ৷ মানুহজনৰ জীৱনৰ এটা প্রধান সাধনা আছিল ৰাজনীতিৰ পৰা হেৰাই যোৱা নৈতিক মূল্যবোধৰ পুনৰুদ্ধাৰ৷ তেওঁৰ সেই সাধনাৰেই যেন প্রতীক আছিল তেওঁৰ আধাসিজা ৰুটী আৰু বেঙেনা–ভজাৰ ব্রেকফাষ্ট৷
শৰৎচন্দ্র সিংহৰ লগত সেই অবিস্মৰণীয় ব্রেকফাষ্ট খোৱাৰ কেইবাবছৰ পিছত, ১৯৮১ চনত আগৰতলাত ত্রিপুৰাৰ তদানীন্তন মুখ্যমন্ত্রী স্বর্গীয় নৃপেন চক্রৱর্তীৰ ঘৰতো মোৰ প্রায় একেধৰণৰ ব্রেকফাষ্ট খোৱাৰ অভিজ্ঞতা হৈছিল৷ নৃপেন চক্রৱর্তীৰ কৃচ্ছ্র সাধনাও শৰৎচন্দ্র সিংহতকৈ কোনোগুণে কম নাছিল৷ জীৱনৰ শেষ মুহূর্তলৈকে ৰাজনীতি আৰু সাহিত্য সৃষ্টিত সক্রিয় হৈ থকা নৃপেন চক্রৱর্তীৰ মৃত্যু হৈছিল ৯৭ বছৰ বয়সত৷