নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোচনাক লৈ পৰেশ বৰুৱাৰ মন্তব্যৰ পিছত কি ক’লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

পৰেশ বৰুৱাৰ মন্তব্যত ইতিবাচক দিশ এটা আছেঃ মন্ত্ৰী ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ আলোচনা সন্দৰ্ভত পৰেশ বৰুৱাৰ মন্তব্যৰ পিছত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত এখন চৰকাৰে সাৰ্বভৌমত্ব বুলি কৈ আলোচনা বহিব পাৰে নে নোৱাৰে এই বিষয়টো নিশ্চয় কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিব। কিন্তু এসময়ত আলফাৰ লগত কেন্দ্ৰীয় চৰকাৰৰ আলোচনাৰ এটা বাতাবৰণ তৈয়াৰ কৰা হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰে উল্লেখ কৰিছিল যে আমি আলফাৰ সৈতে সকলো বিষয়ত আলোচনা কৰিবলৈ প্ৰস্তুত। গতিকে শব্দটোতকৈ বিষয়টোহে বেছি গুৰুত্বপূৰ্ণ আৰু জনসাধাৰণৰ আশা-আকাংক্ষা বেছি গুৰুত্বপূৰ্ণ।

 

                   আলফা(স্বাঃ)-এ যি কথা ক’ব বিচাৰিছে আৰু ভাৰত চৰকাৰে শুনিব বিচাৰে তেতিয়া হ’লে আলোচনাৰ এটা পটভূমি তৈয়াৰ কৰিব পৰা যাব। এই বিষয়বস্তুবোৰ সংবাদমাধ্যৰ দ্বাৰা বহু দূৰ আগবঢ়াই নিব নোৱাৰি। বড়ো জনসাধাৰণে যেনেকৈ স-শস্ত্ৰ সংগ্ৰামত থকা গোটেইকেইটা উগ্ৰপন্থী সংগঠন ঘূৰাই আনিলে ঠিকে তেনেদৰে আলফাৰ স-শস্ত্ৰ সংগ্ৰামী যুৱকসকলকো সকলোৱে ঘূৰাই বিচাৰিছে। এটা ইতিবাচক মন ল’লে আমি আলোচনাৰ পথত যাব পাৰিম। পৰেশ বৰুৱাৰ মন্তব্যত ইতিবাচক দিশ এটা আছে। ইয়াক এটা ইতিবাচক বাতাবৰণৰ মাজৰে আগুৱাই নিয়াত সহায় কৰিম লগতে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰী আৰু এই বিষয়টো আলোচনা কৰিম বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।