ইউনিফর্ম নিবিদাক কেন্দ্র কৰি মাৰপিট, দাঁত ওফৰিল সদস্যৰ
নিয়মীয়া বাৰ্তা, ৮মার্চঃ স্বামীৰ অকথ্য নির্যাতন তথা চৰম প্রতাৰণাৰ বলি হোৱা এগৰাকী দুই সন্তানৰ মাতৃয়ে আৰক্ষী আৰু আদালতৰ পৰা ন্যায় নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ স্বামীৰ নির্যাতন সহিব নোৱাৰি পিতৃগৃহত আশ্রয় গ্রহণ কৰি আছে মহিলাগৰাকী৷ নাৰী নির্যাতনৰ এই জঘন্য ঘটনাটো সংঘটিত হৈছে কামৰূপ জিলাৰ বকো থানাৰ অন্তর্গত বালিঝাৰ বৰুৱা পথাৰত৷ প্রাপ্ত বাতৰি মতে, বকোৰ মন্দিৰা আৰক্ষী চকীৰ অন্তর্গত ২নং উত্তৰ ছেকাটাৰী গাঁও নিৱাসী জেহান আলীৰ কন্যা জেচমিন বেগমৰ (২৫) সাত বছৰ পূর্বে একে আৰক্ষী চকীৰ অন্তর্গত বালিঝাৰ বৰুৱা পথাৰ নিৱাসী ছফিউৰ ৰহমানৰ পুত্র মজিনুল হকৰ লগত সামাজিক ৰীতি–নীতি মতে বিয়া হয়৷ বিয়াৰ প্রথম কেইবছৰ সংসাৰ ঠিকে–ঠাকেই চলে যদিও প্রথম সন্তান জন্ম হোৱাৰ পিছতে মহিলাগৰাকীৰ ওপৰত আৰম্ভ হয় স্বামী মজিনুলৰ শাৰীৰিক আৰু মানসিক নির্যাতন৷ ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি পৰস্ত্রীৰ সৈতে অবৈধ প্রেমৰ সম্পর্ক ৰক্ষা কৰি চলা স্বামীয়ে ওপৰত অকথ্য নির্যাতন আৰু মাৰপিট চলাই আহিছে৷ পত্নী জেচমিনে স্বামীৰ এই কুকীর্তিৰ বিষয়ে অৱগত হোৱাৰ পিছৰে পৰাই তাইৰ ওপৰত স্বামীৰ নির্যাতন দুগুণে বৃদ্ধি পায়৷ এনে অৱস্থাত কেইবাবাৰো সামাজিকভাৱে বিচাৰ হয় যদিও জেচমিনে সুফল লাভ কৰিবলৈ সক্ষম নহয়৷ ইফালে, জেচমিনে দ্বিতীয়টো সন্তান জন্ম দিয়াৰ সময়ত তাইক স্বামী মজিনুলে সংগ দিয়াৰ পৰিৱর্তে অন্য ধর্মৰ আন এগৰাকী মহিলাক বিয়া কৰায়৷ এনে পৰিস্থিতিত স্বামীগৃহত জেচমিনে তিনি মাহমান থাকে যদিও অত্যাচাৰ সহ্য কৰিব নোৱাৰি লগতে মাৰি পেলোৱাৰ চেষ্টা চলোৱাত পিতৃগৃহলৈ গুচি আহে৷ পিছত জেচমিনে মন্দিৰা আৰক্ষীৰ শৰণাপন্ন হয়৷ মন্দিৰা আৰক্ষী চকীত যোৱা ২৮ নৱেম্বৰত এজাহাৰ দিয়াৰ পিছত মন্দিৰা আৰক্ষীয়ে ৩০ নৱেম্বৰত মজিনুলক আটক কৰি লৈ গৈছিল যদিও গোপন বুজাবুজিৰে এৰি দিছিল৷ পিছৰ পর্যায়ত জেচমিনে তাইৰ লগতে সন্তানৰ খোৰাকী বিচাৰি বকো আৰক্ষী থানা আৰু আদালতৰ দাৰস্থ হয়৷ কিন্তু বর্তমানলৈ কোনো ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ইপিনে, জেচমিনৰ প্রথম নাবালক ল’ৰা সন্তানটোক স্বামী মজিনুলে বলপূর্বক নিজ ঘৰত ৰাখি থোৱা বুলিও মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে৷ নাৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সততে জহাই অহা ৰাজ্য চৰকাৰখনে কোলাত কেঁচুৱা লৈ ন্যায়ৰ বাবে দৌৰি ফুৰা এই ভুক্তভোগী মহিলাগৰাকীৰ ক্ষেত্রত কি ব্যৱস্থা গ্রহণ কৰে, সেয়াহে হ’ব লক্ষণীয়।