গেলামালৰ ক্ষুদ্র দোকানৰ বিক্রী ৪০ শতাংশ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৩ মেঃ ক’ভিড–১৯ লকডাউনে সলনি কৰিলে দেশৰ বজাৰৰ স্থিতি৷ লকডাউনৰ বাবে ঘৰতে আবদ্ধ থাকিবলগীয়া হোৱাত প্রতিটো পৰিয়ালৰ গেলামাল সামগ্রীৰ ব্যয় বৃদ্ধি পাইছে৷ তেনেদৰে অত্যাৱশ্যকীয় গেলামাল সামগ্রীৰ ক্ষুদ্র ক্ষুদ্র খুচুৰা দোকানৰ বিক্রী বৃদ্ধি পাইছে৷ স্নেপবিজ নামৰ সংস্থা এটিয়ে দেশজুৰি চলোৱা সমীক্ষাৰ প্রতিবেদনত প্রকাশ পোৱা মতে, সম্প্রতি দেশৰ গেলামাল সামগ্রীৰ বিক্রীৰ লগতে গেলামাল সামগ্রীৰ বজাৰখনত ৯৮ শতাংশই ক্ষুদ্র দোকানৰ অধীনত৷
লকডাউনৰ নিষেধাজ্ঞাৰ বাবে লোকসকলে এক কিলোমিটাৰ দূৰত্বৰ ভিতৰতে নিজৰ প্রয়োজনীয় সামগ্রী ক্রয় কৰিবলগীয়া হোৱাত এনে ক্ষুদ্র দোকানৰ ব্যৱসায় ৪০ শতাংশ বৃদ্ধি পাইছে৷ তদুপৰি এনে দোকানসমূহে এম আৰ পিতকৈ অধিক দামত সামগ্রী বিক্রী কৰিছে৷ মার্চ আৰু এপ্রিল মাহত ক্ষুদ্র দোকানত গ্রাহকৰ পৰিমাণ বৃদ্ধি পাইছে৷ লক্ষণীয় যে ক্ষুদ্র দোকানৰ বিক্রী বৃদ্ধি পোৱাৰ বাবেই কোম্পানী আৰু পাইকাৰী দোকানীৰ খাদ্য সামগ্রীৰ দাম বৃদ্ধি কৰি ক্ষুদ্র দোকানীৰ জৰিয়তে লাভৱান্বিবত হৈছে৷
ডিষ্ট্রিবিউচন এণ্ড ট্রেডার্ছ এছ’চিয়েচন (এফএনচিজি) অধ্যক্ষ দেৱেন্দ্রৰ অগ্রৱালাই প্রকাশ কৰা মতে, সামগ্রিকভাৱে গেলামাল সামগ্রীৰ বিক্রী নিম্নগামী হ’লেও পৰিয়ালৰ সকলো লোক একেলগে আবদ্ধ হৈ থাকিবলগীয়া হোৱাত ক্ষুদ্র দোকানত বিক্রী বৃদ্ধি পাইছে৷ চাউল–দাইলকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ পাছতো ক্ষুদ্র দোকানৰ এনে সামগ্রীৰ বিক্রী বৃদ্ধি হ্রাস পোৱা নাই৷ বৰঞ্চ পূর্বৰ তুলনাত ৪০ শতাংশ বৃদ্ধি হৈছে৷ প্রাক্ ক’ভিড পৰিস্থিতিৰ তুলনাত প্রতিটো পৰিয়ালৰ গেলামালৰ ব্যয় ১.৫ গুণ বৃদ্ধি পাইছে বুলি প্রতিবেদনত প্রকাশ পাইছে৷