নলবাৰী উপায়ুক্ত কার্যালয়ত নিযুক্তি কেলেংকাৰি
নিয়মীয়া বাৰ্তা, ২৪ মেঃ লকডাউনৰ মাজতে নলবাৰী জিলা উপায়ুক্তৰ কার্যালয়ত খালী হোৱা কেইটামান কনিষ্ঠ সহায়ক পদৰ লিখিত পৰীক্ষাৰ ফলাফল ‘এনছাৰ কী’ নিদিয়াকৈ ঘোষণা কৰা ঘটনাই প্রার্থীসকলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে পৰীক্ষা পদ্ধতিৰ স্বচ্ছতাৰ ক্ষেত্রতো প্রশ্ণৰ অৱতাৰণা হৈছে৷ এয়াই নহয় একাংশ প্রার্থীয়ে পৰীক্ষা অনুষ্ঠিত কৰাত কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগো তোলে৷ উল্লেখনীয় যে ২০১৮ বর্ষৰ মার্চ মাহতে নলবাৰী জিলাৰ তদানীন্তন উপাযুক্ত এছ কে দাসৰ কার্যকালত খালী হোৱা নলবাৰী জিলাৰ উপায়ুক্তৰ কার্যালয়ৰ ওঠৰটা কনিষ্ঠ সহায়কৰ পদৰ লিখিত পৰীক্ষা বহু পলমকৈ যোৱা ৮ মার্চ তাৰিখে অনুষ্ঠিত হৈছিল৷ দুবছৰ ধৰি উক্ত পৰীক্ষা অনুষ্ঠিত নকৰাৰ বিষয়ে সংবাদ মাধ্যমত প্রকাশ পোৱাৰ পিছতেই যোৱা ১৪ ফেব্রুৱাৰী তাৰিখে উক্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বর্তমানৰ উপায়ুক্তই জাননী জাৰি কৰে৷ সেইমর্মে প্রায় পাঁচ সহস্রাধিক পৰীক্ষার্থীয়ে যোৱা ৮ মার্চত লিখিত পৰীক্ষাত অৱতীর্ণ হয়৷ লিখিত
পৰীক্ষাৰ সময়ত পৰীক্ষার্থীসকলক উত্তৰপত্রৰ ‘কার্বন কপী’ নিজৰ লগত নিবলৈ দিয়া হৈছিল যদিও আজিকোপতি জিলা প্রশাসনৰ অফিচিয়েল ৱেবছাইটত কোনোধৰণৰ ‘এনছাৰ কী’ উপলব্ধ নহ’ল৷ সাধাৰণতে কার্বন কপী নিবলৈ দিলে পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পৰা ফলাফল ঘোষণাৰ মাজৰ সময়ত উক্ত প্রশ্ণকাকতৰ উত্তৰমালা বিভাগীয়ভাৱে উপলব্ধ কৰা হয়৷ শেহতীয়াকৈ ওদালগুৰি জিলাৰ উপায়ুক্ত কার্যালয়ৰ কনিষ্ঠ সহায়কৰ পদৰ লিখিত পৰীক্ষাৰ এনছাৰ কীও ফলাফল ঘোষণাৰ পূর্বে উপলব্ধ কৰিছিল৷ নলবাৰী জিলাৰ এই পৰীক্ষাৰ কোনোধৰণৰ এনছাৰ কী প্রকাশ নকৰাকৈ ২০ মে’ৰ বিয়লি উক্ত লিখিত পৰীক্ষাৰ ফল ঘোষণা কৰা হয়৷ সেই অনুসৰি ওঠৰটা পদৰ বিপৰীতে বাসত্তৰগৰাকী প্রার্থীক অহা ১ আৰু ২ জুন তাৰিখে অনুষ্ঠিত হ’বলগীয়া কম্পিউটাৰৰ ব্যৱহাৰিক পৰীক্ষালৈ আমন্ত্রণ জনোৱা হৈছে৷ এই সময়তে কোনোধৰণৰ এনছাৰ কী উপলব্ধ নকৰাকৈ লিখিত পৰীক্ষাৰ ফল ঘোষণা কৰা কার্যত একাংশ প্রার্থীয়ে তীব্র ক্ষোভ উজাৰে৷ কিয়নো, পৰীক্ষাৰ পিছত এনছাৰ কী উপলব্ধ হ’লে পৰীক্ষার্থীসকলে নিজৰ পাৰদর্শিতাক লৈ সন্তুষ্ট হোৱাৰ লগতে সমগ্র ব্যৱস্থাটো স্বচ্ছ আৰু নিকা পদ্ধতিৰে সম্পন্ন হোৱা বুলি পতিয়ন যাব পাৰে৷