নীপকোৱে এৰিলে ৰঙানদীৰ পানী, লখিমপুৰত জলমগ্ন ১০খনৰো অধিক গাঁও
নিয়মীয়া বাৰ্তা, ২৩ মেঃ কোনো জাননী নিদিয়াকৈ নীপকোৱে এৰি দিলে ৰঙানদীৰ পানী। ফেনেফুটুকাৰে বাঢ়ি অহা ৰঙানদীয়ে বুৰালে লখিমপুৰৰ প্ৰায় ১০খনকৈ গাঁও। ৫নং গেটেৰে এৰি দিছে নীপকোৱে এৰি দিছে পানী। বৰবিল, পাঁচনৈ,মাজ চাপৰিকে ধৰি কেইবাখনো গাঁও এতিয়া পানীৰ তলত।
এফালে ৰাজ্য়ত ক’ৰোনাৰ আতংক তাৰ মাজতে জিলা প্ৰশাসনৰ অজ্ঞাতে নীপকোৱে পানী এৰি দিয়াত এতিয়া আলৈ-আথানি নোহোৱা হৈছে নৈ পৰীয়া ৰাইজৰ। ধান-চাউল নষ্ট হোৱাৰ উপৰিও পানীত উটি গৈছে গৰু-ছাগলীকে ধৰি ঘৰচীয়া জীৱ। এইক্ষেত্ৰত লখিমপুৰ জিলা প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।