নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিদিনে দেশত ৫–৬ হাজাৰকৈ ক’ৰোনাত আক্রান্ত

নিয়মীয়া বাৰ্তা, ২৪ মেঃ মহামাৰী ক’ভিড-১৯ৰ শেহতীয়া নতুন হটস্পট হৈ পৰিছে ভাৰত। দেশখনত যোৱা ২৫ মাৰ্চত প্ৰথমটো লক ডাউন আৰম্ভ হৈ ৩১ মে’লৈকে চলি থকা চতুৰ্থ লক ডাউনৰ মাজত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা। হটস্পট আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু ব্ৰাজিলতকৈ আক্ৰান্তৰ সংখ্যাৰে বিগত কেইবাদিন ধৰি ২৪ ঘণ্টাত প্রায় সমান্তৰালকৈ আগবাঢ়ি আছে৷ এনে পৰিপ্রেক্ষিতত দেশখন নতুন হটস্পটলৈ পর্যবসিত হৈছে৷ তথ্য মতে, যোৱা ১ মে’ৰ পৰা প্রতিদিনে ২৪০০কৈয়ো আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছত ৭ মে’ৰ পৰা

প্রতিদিনে ২,৫০০তকৈ অধিক ৩,০০০তকৈ কম নতুন আক্রান্ত হৈছে৷ ইয়াৰ পাছৰ পর্যায়ত যোৱা ১৯ মে’ৰ পৰা দেশত ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ৫,০০০ৰ পৰা ৬,০০০লৈ বৃদ্ধি পাইছে৷ এই সময়ছোৱাত নূ্যনতম আক্রান্তৰ সংখ্যা ৪,৯৭০৷ ২২ মে’ত আক্রান্তৰ সংখ্যা ৬,৬৪১জনলৈ বৃদ্ধি পায়৷ এই তথ্যৰ আধাৰতে সম্প্রতি ক’ভিড–১৯ আক্রান্তৰ নতুন হটস্পট হিচাপে দেশখনক চিনাক্ত কৰাৰ দিশে আগবাঢ়িছে৷ উল্লেখ্য যে যোৱা ১১ মে’ৰ পৰা কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে হঠাতে ২৪ ঘণ্টাত আক্রান্তৰ সন্দর্ভত আয়োজিত সংবাদ মেল বন্ধ কৰি দিয়াৰ পিছতে দেশত দ্রুতগতিত বৃদ্ধি পাই আছে আক্রান্তৰ সংখ্যা৷

দক্ষিণ–পূব এছিয়াৰ দেশসমূহৰ ভিতৰত সর্বাধিক আক্রান্ত দেশৰ তালিকাত শীর্ষস্থানত থকা ভাৰতত সম্প্রতি ক’ৰোনা ভাইৰাছৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পালেও এই সংক্রমণৰ মাত্রা তীব্রতৰ উঠিব জুন–জুলাই মাহতহে৷ পাব্লিক হেলথ ফাউণ্ডেচন অৱ ইণ্ডিয়াৰ দ্বাৰা বিকশিত এক আর্হিৰ মতে, ৩১ মে’ত চৰকাৰে যদি লকডাউন সম্পূর্ণ প্রত্যাহাৰ কৰে, তেতিয়া হ’লে তাৰ পাছৰ পর্যায়ত ক’ভিড–১৯ৰ সংক্রমণ তীব্রতৰ হৈ উঠিব৷ আনহাতে ১ এপ্রিলৰ পৰা ক’ভিড–১৯ৰ পৰীক্ষণ দেশত বৃদ্ধি পোৱাৰ পিছতেই হঠাতেই মে’ মাহৰ পৰা মহামাৰী ভাইৰাছটোত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছিল৷ তথ্য মতে, ১ এপ্রিলৰ পূর্বে প্রতিদিনে ৫,৬০০তকৈয়ো কম ক’ভিড–১৯ পৰীক্ষণ কৰা হৈছিল৷ সম্প্রতি বিগত পাঁচ দিন ধৰি প্রতিদিনে দেশত ১ লাখতকৈ অধিক ক’ভিড–১৯ৰ নমুনা পৰীক্ষা কৰিবলৈ লৈছে৷ ইয়াৰ বাবেই আক্রান্তৰ সংখ্যাও বৃদ্ধি পাইছে৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য যোৱা ২১ মে’লৈকে দেশব্যাপী ক’ভিড–১৯ৰ নমুনা পৰীক্ষণৰ সংখ্যা ২০ লাখ অতিক্রম কৰিছে৷ ইয়াৰে ভিতৰত ৯ মে’ৰ পৰা ১০ লাখ পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ দেশত সর্বাধিক আক্রান্ত ৰাজ্যসমূহৰ ভিতৰত ক্রমে মহাৰাষ্ট্রত ৪৫ সহস্রাধিক, তামিলনাডুত ১৫ সহস্রাধিক, গুজৰাটত ১৩ সহস্রাধিক, দিল্লীত ১২ সহস্রাধিক, ৰাজস্থানত ৬ সহস্রাধিক, মধ্যপ্রদেশত ৬ সহস্রাধিক, উত্তৰ প্রদেশত ৫ সহস্রাধিক৷ দেশৰ আটাইবোৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে এই কাৰণেই যে প্রব্রজিত শ্রমিকসমূহে নিজ নিজ ৰাজ্যলৈ গমন আৰম্ভ কৰিছে৷

প্রব্রজিত শ্রমিকৰ নিজ ৰাজ্য আগমনে সকলো ৰাজ্যতে ক’ভিড–১৯ৰ আক্রান্তৰ সংখ্যা বৃদ্ধি কৰিছে৷ ২২ মে’লৈকে এজনো ক’ভিড–১৯ ৰোগী নথকা অর্থাৎ গ্রীন জ’ন হিচাপে চর্চিত উত্তৰ–পূবৰ ৰাজ্য ছিকিমো অৱশেষত ক’ভিড–১৯ আক্রান্তৰ মানচিত্রত সোমাল৷ আজি ৰাজ্যখনত প্রথমগৰাকী ক’ভিড–১৯ ৰোগী চিনাক্ত হয়৷ দিল্লীফেৰৎ দক্ষিণ ছিকিমৰ বাসিন্দা এজনৰ দেহত আজি ক’ভিড–১৯ পজিটিভ হয়৷ তাৎপর্যপূর্ণ যে ছিকিমত এতিয়ালৈকে ক’ভিড–১৯ৰ পৰীক্ষণৰ গৱেষণাগাৰ নাই বাবে লোকজনৰ নমুনা শিলিগুৰিস্থিত উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰা হৈছে৷ তাতেই পৰীক্ষণৰ অন্তত লোকজনৰ দেহত ক’ভিড–১৯ পজিটিভ হয়৷ ইপিনে নতুন দিল্লীৰ এইমছৰ জ্যেষ্ঠ চিকিৎসক এগৰাকী ক’ভিড–১৯ত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে৷ চিকিৎসকজন হৈছে জিতেন্দ্র নাথ পাণ্ডে৷

ইপিনে, বিশ্বব্যাপী ক’ৰোনাত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পায়েই আছে৷ ২১৩খন দেশলৈ সম্প্রসাৰিত মহামাৰী ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা ৫৩.৫০ লাখ অতিক্রম কৰাৰ সমান্তৰালকৈ মৃতকৰ সংখ্যা ৩.৪০ লাখ অতিক্রম কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্র, ৰাছিয়া, ব্রাজিল, গ্রেট ব্রিটেইন আদিত আক্রান্তৰ সংখ্যা বর্ধিত ৰূপতেই আছে৷ অৱশ্যে ইউৰোপৰ স্পেইন, ইটালী, ফ্রান্স, জার্মানী আদি দেশত আক্রান্তৰ সংখ্যা নিম্নগামী হৈছে৷ সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষত থকা আমেৰিকাত আক্রান্তৰ সংখ্যা ১৬.৫০ লাখ অতিক্রম কৰাৰ বিপৰীতে মৃতকৰ সংখ্যা ৯৮ হাজাৰ অতিক্রম কৰিছে৷ দেশখনত আক্রান্তৰ সংখ্যা দুই–এদিনতে এক লাখ স্পর্শ কৰিব৷

ইপিনে, আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত তথ্য মতে, আক্রান্তৰ তালিকাত দ্বিতীয় স্থানত থকা ৰাছিয়াক চেৰ পেলাই ব্রাজিলে দ্বিতীয় স্থান লাভ কৰিছে৷ ব্রাজিলত বিগত ২৪ ঘণ্টাত ক্রমাগত তৃতীয় দিনৰ বাবে মৃতকৰ সংখ্যা ১০০০কৈ বৃদ্ধি পাইছে৷ দেশখনত আক্রান্তৰ সংখ্যা ৩.৩৯ লাখ অতিক্রম কৰাৰ বিপৰীতে মৃতকৰ সংখ্যা ২১ সহস্রাধিক৷ বিশ্ব স্বাস্থ্য সংস্থাই দক্ষিণ আমেৰিকাক মহামাৰীৰ নতুন এপিচেণ্টাৰ হিচাপে ঘোষণা কৰিছে৷ আনহাতে প্রাদুর্ভাৱ ঘটা চীনত বিগত ২৪ ঘণ্টাত এজনো লোক ক’ভিড–১৯ত আক্রান্ত হোৱা নাই৷ অর্থাৎ প্রথমবাৰৰ বাবে প্রাদুর্ভাৱ ঘটাৰ পিছত এজনো আক্রান্ত হোৱা নাই৷

You might also like