প্রব্রজিত শ্রমিকৰ ওভতনি যাত্রা: আজিৰ পৰা আৰম্ভ কাউণ্টাৰত টিকট বুকিং
নিয়মীয়া বাৰ্তা, ২৩ মেঃ দীর্ঘদিনীয়া লকডাউনৰ ফলত ব্যাহত হৈ পৰা ৰে’লসেৱা পুনৰ আৰম্ভ হ’ব ১ জুনৰ পৰা৷ ইতিমধ্যে কেন্দ্রীয় ৰে’ল মন্ত্রালয়ে ১ জুনৰ পৰা দেশত ২০০খন ৰে’লৰ নিয়মীয়া সেৱা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে৷ ইয়াৰ লগে লগে এই নিয়মীয়া ৰে’ল সেৱাৰ বাবে আৰম্ভ হৈছে টিকট বুকিং প্রক্রিয়া৷
প্রাথমিকভাৱে এই সেৱাৰ বাবে অনলাইনযোগে টিকট বুকিং প্রক্রিয়া মুকলি কৰা হৈছে৷ কিন্তু আজিৰে পৰা ১ জুনৰ পৰা চলিবলগীয়া নিয়মীয়া ৰে’লসেৱাৰ বাবে ষ্টেচনসমূহৰ কাউণ্টাৰত আৰম্ভ হৈছে টিকট বুকিং৷ অর্থাৎ অনলাইন প্রক্রিয়াৰ জৰিয়তে আইআৰচিটিচি এপৰ জৰিয়তে টিকট বুকিং কৰাৰ লগতে এতিয়াৰে পৰা কাউণ্টাৰত গৈ টিকট বুকিং কৰিব পাৰিব যাত্রীসকলে৷ অৱশ্যে এইক্ষেত্রত পূর্বতকৈ ৰে’ল টিকট বুকিঙৰ ক্ষেত্রত নীতি–নিয়ম সালসলনি কৰা হৈছে৷
উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ জনসম্পর্কৰক্ষী বিষয়া নৃপেন ভট্টাচার্যই সদৰী কৰা অনুসৰি, ৰে’ল ষ্টেচনসমূহত পুৱা ৮ বজাৰ পৰা দুপৰীয়া দুই বজালৈ টিকট বুকিং কৰিব পাৰিব যাত্রীসকলে৷ একেদৰে টিকট বুকিঙৰ দিনাৰ পৰা আৰম্ভ কৰি ৩০ দিনৰ ভিতৰত যাত্রা সম্পন্ন কৰিব লাগিব যাত্রীয়ে৷ আনহাতে, বাতানুকূল শ্রেণী, শ্লীপাৰ শ্রেণীৰ উপৰি এতিয়াৰে পৰা সাধাৰণ শ্রেণীত ভ্রমণ কৰা যাত্রীৰ বাবেও প্রযোজ্য হ’ব কনফার্ম টিকট৷ কনফার্ম টিকট অবিহনে কোনো শ্রেণীয়ে সাধাৰণ শ্রেণীত ভ্রমণ কৰিব নোৱাৰিব বুলি সদৰী কৰি জনসম্পর্কৰক্ষী বিষয়াজনে কয়–‘ৰে’ল যাত্রাৰ ক্ষেত্রত স্বাস্থ্য বিভাগৰ নিয়মাৱলীসমূহ কঠোৰভাৱে বলৱৎ কৰা হ’ব৷ যাত্রীসকলে যাত্রাৰ ডেৰ ঘণ্টাৰ পূর্বে ষ্টেচনত উপস্থিত হ’ব লাগিব৷ যাত্রাকালত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ তদুপৰি ছেনিটাইজাৰৰ ব্যৱহাৰ কৰিব লাগিব যাত্রীসকলে৷ পৰাপক্ষত ৰে’ল যাত্রাৰ সময়ত সামাজিক দূৰত্বৰ নীতি যাত্রীসকলে মানি চলিব লাগিব৷ ৰে’ল যাত্রাৰ পূর্বে ষ্টেচনসমূহত স্ক্রীনিং কৰা হ’ব৷ কোনো যাত্রীৰ ক’ৰোনাৰ লক্ষণ দেখা পালে তেওঁৰ টিকট বাতিল কৰা হ’ব আৰু যাত্রা কৰিবলৈ অনুমতি দিয়া নহ’ব৷’
উল্লেখ্য যে দেশৰ আন প্রান্তৰ লগতে ১ জুনৰ পৰা উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অধীনত ছখন ৰে’ল নিয়মীয়াভাৱে চলাচল কৰিব৷ ৰে’লসমূহ হৈছে– দিল্লী–ডিব্রুগড় ব্রহ্মপুত্র মেইল, গুৱাহাটী–মুম্বাই লোকমান্য তিলক এক্সপ্রেছ আৰু গুৱাহাটী–যোৰহাট জনশতাব্দী এক্সপ্রেছ৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অধীনৰ আন তিনিখন ৰে’ল বংগৰ পৰা দেশৰ বিভিন্ন প্রান্তলৈ চলাচল কৰিব৷ ইপিনে, অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন প্রান্তত আবদ্ধ হৈ থকা উত্তৰ প্রদেশৰ প্রায় ১৩০০ শ্রমিক কঢ়িয়াই আজি এখন বিশেষ ৰে’লে ডিব্রুগড়ৰৰ পৰা যাত্রা আৰম্ভ কৰে৷ ডিব্রুগড়ৰ পৰা যাত্রা আৰম্ভ কৰা এই ৰে’লখন উত্তৰ প্রদেশৰ কানপুৰ চেণ্ড্রেল ষ্টেচনলৈ যাত্রা কৰিব৷ প্রাপ্ত তথ্য অনুসৰি উজনি অসমৰ বিভিন্ন জিলাত আবদ্ধ হৈ থকা শ্রমিকসকলে ডিব্রুগড়ৰ পৰা এই ৰে’লযোগে গৃহ অভিমুখে যাত্রা আৰম্ভ কৰে৷ উজনি অসমৰ জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে এইক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰে৷
ইপিনে, বৰাক উপত্যকাৰ লগতে নামনি অসমৰ জিলাসমূহত আবদ্ধ হৈ থকা শ্রমিকসকলে গুৱাহাটীৰ পৰা এই বিশেষ শ্রমিক ৰে’লযোগে উত্তৰ প্রদেশ অভিমুখে ৰাওনা হয়৷ গুৱাহাটীতো কেইবাশ যাত্রীয়ে এই ৰে’লযোগে যাত্রা কৰে৷ দুয়োটা ষ্টেচনতে শ্রমিকসকলৰ স্বাস্থ্য পৰীক্ষাৰ লগতে নাম–ঠিকনা আদি পঞ্জীয়ন কৰা হয়৷ এই বিশেষ ৰে’লখন কানপুৰ আৰু প্রয়াগৰাজ ষ্টেচনত যাত্রীসমূহ নমাব বুলি জানিব পৰা গৈছে৷