নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তিযুঁজাৰুৰ ভূমিত সন্দেহযুক্ত নাগৰিকৰ বেদখল

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ ভাৰতবর্ষৰ স্বাধীনতা আন্দোলনত যুঁজ দিয়া দেশৰ স্বাধীনতা সংগ্রামীৰ ভূমিও এতিয়া বেদখলকাৰীৰ পৰা সুৰক্ষিত নহয়৷ কলিয়াবৰত স্বাধীনতা সংগ্রামীৰ পৰিয়ালক চৰকাৰে আবণ্টন দিয়া ২৩১ বিঘা ভূমি দখলৰ বাবে সন্দেহযুক্ত বেদখলকাৰী চক্র উঠিপৰি লগাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কলিয়াবৰ মহকুমাৰ চামগুৰি চক্র বিষয়াৰ কার্যালয়ৰ অধীনৰ ভূৰবন্ধাত কলিয়াবৰৰ একাংশ মুক্তিযুঁজাৰু পৰিয়ালে ১৯৪৯ চনতেই চৰকাৰৰ পৰা ২৩১ বিঘা ভূমি আবণ্টন লাভ কৰি ১৯৫১ চনত বাপুজী সমবায় কৃষি পাম নামেৰে কৃষি পাম এখন গঢ়ি তোলে৷ সুদীর্ঘ বছৰ কৃষিকর্মৰ জৰিয়তে ৩৪টা পৰিয়ালে কৃষি ফার্মখন চলাই ১৯৫৯–৬০ চনত চৰকাৰী পঞ্জীয়ন কৰে৷ বর্তমান চামগুৰি ৰাজহ চক্রৰ অন্তর্ভুক্ত উক্ত পঞ্জীয়নভুক্ত কৃষি পামখনৰ কৃষিভূমিলৈ নামি আহিছে অশনি সংকেত৷ বাপুজী সমবায় কৃষি পামৰ সদস্যভুক্ত পৰিয়ালকেইটাই অভিযোগ কৰা মতে, একাংশ সন্দেহজনক লোকে বৃহৎ কৃষিভূমি দখল কৰাৰ ষড়যন্ত্র চলাই আছে৷ এই চক্রটোৱে কৃষি পামৰ সদস্যসকলক অত্যাচাৰ কৰাৰ লগতে মিছা অভিযোগ আনি ন্যায়ালয়ত গোচৰ তৰিছিল, কিন্তু ন্যায়ালয়ে বাপুজী সমবায় কৃষি পামৰ পক্ষত ৰায়দান কৰাৰ পাছত এতিয়া ধাৰাবাহিকভাৱে বৃহৎ কৃষি পামখনৰ খেতি–বাতিত গৰু–ছাগলী মেলি দি পামৰ ৰখীয়া–পহৰাদাৰক মৃত্যুৰ ভাবুকি দিয়াত কৃষি পামৰ সদস্যসকল শংকিত হৈ পৰা বুলি জানিবলৈ দিয়ে৷

অভিযোগ মতে, প্রতিদিনেই খেতিপথাৰত গৰু–ছাগলী মেলি দি শস্য নষ্ট কৰি তাৰ সুবিধাৰে বৃহৎ কৃষিভূমি দখলৰ ষড়যন্ত্র কৰা বুলি স্বয়ং কৃষি পামৰ সদস্যসকলে অভিযোগ আনিছে৷ এই সম্পর্কে আইনৰ সহায় বিচৰাৰ পাছতো কোনো সুফল পোৱা নাই বুলি আক্ষেপ কৰে একাংশ সদস্যই৷ কলিয়াবৰ মহকুমা প্রশাসন তথা নগাঁও জিলা প্রশাসনে বিষয়টো গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্রহণ কৰিবলৈ বাপুজী সমবায় কৃষি পাম লিমিটেডৰ পৰিয়ালে আহ্বান জনাইছে৷ সত্রৰ ভূমি বেদখল কৰাৰ অভিযোগ উঠি অহাৰ সময়তে চৰকাৰে মুক্তিযুঁজাৰু–স্বাধীন সংগ্রামীক প্রদান কৰা ভূমিও দখল কৰাৰ ষড়যন্ত্র চলোৱাৰ বিষয়টোৰ ক্ষেত্রত ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে৷

You might also like