লকডাউনৰ মাজতে হোজাইত এজনক গুলীয়াই হত্যা
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ লকডাউনৰ মাজতে হোজাইত এজনক গুলীয়াই হত্যা । হোজাইৰ দক্ষিণ লস্কৰ পথাৰৰ ছৈফুদ্দিন নামৰ এজন লোকক গুলীয়াই হত্যা কৰা বুলি জানিব পৰা গৈছে । আনহাতে মৃতদেহৰ কাষত উদ্ধাৰ হৈছে ৩ খনকৈ চাইকেল ।
পিঠিত গুলী লাগি মৃত্যু হোৱা ছৈফুদ্দিন এজন চোৰাং কাঠ ব্যৱসায়ী ।
উল্লেখ্য যে ছৈফুদ্দিনে সঘনাই হোজাইৰ মইনাপুৰ বনাঞ্চলৰ পৰা চোৰাংভাৱে কাঠ সৰবৰাহ কৰিছিল । ইপিনে এই হত্যাৰ অন্তৰালত বন মাফিয়া থকাৰ সন্দেহ কৰা হৈছে ।