নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

ৰাজ্যত  কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ সন্দৰ্ভত সংবাদমেল

  • অসমৰ প্ৰথমজন COVID-19ত আক্ৰান্ত লোক মহম্মদ জামালুদ্দিন
  • ৫ মাৰ্চত ৰাজধানী এক্সপ্ৰেছৰে দিল্লীলৈ গৈছিল লোকজন
  • ৬ৰ পৰা ১০মাৰ্চলৈ নিজামুদ্দিন মাৰ্কাজত অংশগ্ৰহণ কৰিছিল
  • জামালুদ্দিনৰ সংস্পৰ্শলৈ আহিছিল ১৩জনকৈ লোক
  • ১০ মাৰ্চত গুৱাহাটীৰ আঠগাঁও কৱৰস্থান মছজিদ আছিল লোকজন

         নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা অসমৰ ৫জন লোকৰ দেহত COVID-19। জনহিতাৰ্থে ৰাজ্য চৰকাৰে প্ৰচাৰ কৰিছে আক্ৰান্তসকলৰ নাম। তেওঁলোক ক্ৰমে— হজৰত আলী(জাগীৰোড)
আৰ্ছাদ আলী (নলবাৰী), মঃ নুৰুদ্দিন (জাগীৰোড), মঃ জোনাব আলী (জাগীৰোড)। তেওঁলোকৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোকক বিনাদ্বিধাই চিকিৎসকৰ পৰামৰ্শ লোৱাৰ আহ্বান স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ আৰু ৪জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত। কিন্তু তেওঁলোক বৰ্তমান দিল্লীতেই আছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। দিল্লীত সংক্ৰমিত লোকসকলৰ সৈতে আক্ৰান্ত অসমৰ ৯জনকৈ লোক। এই লোকসকলে আগতে চৰকাৰক জনোৱা হ’লে এনে পৰিস্থিতিৰ সৃষ্টি নহ’ল হয়। আমি এটা জটিল পৰিস্থিতিৰ মাজত সোমাই গৈছো বুলিও সংবাদমেলত মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

You might also like