নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মৃতিশক্তি লোপ পোৱাৰ পৰা ৰক্ষা পোৱাৰ আশা

নিয়মীয়া বার্তা,২৪ মেঃ বিশ্বৰ লক্ষ লক্ষ স্মৃতিশক্তি লোপ পোৱা ৰোগীৰ বাবে আই আই টি গুৱাহাটীয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে৷ তেনে ৰোগীৰ বাবে প্রযুক্তিবিদ্যা প্রতিষ্ঠানখনৰ গৱেষকৰ দলে উদ্ভাৱন কৰিছে এটা বিশেষ প্রযুক্তি৷ যি প্রযুক্তি ব্যৱহাৰ কৰি ৰোগীসকলে সকাহ লাভ কৰিব স্মৃতি কম হোৱাৰ পৰা৷ উল্লেখ্য যে ‘চর্ট টার্ম মেমৰী লষ্ট’ বলীউডৰ বিখ্যাত ‘গজনী’ চলচ্চিত্রখনত আমীৰ খানে অভিনয় কৰা চৰিত্রটো সদৃশ ‘ছর্ট টার্ম মেমৰী লষ্ট’ ৰোগী সমগ্র বিশ্বত আছে লক্ষ লক্ষ৷ এলজেইমাৰ নামৰ ৰোগত আক্রান্ত এই ৰোগীসকলে ক্ষণিকতে পাহৰি যায় সকলো৷ এনে স্মৃতিশক্তি লোপ পোৱা ৰোগীসকলক সকাহ দিয়াৰ উদ্দেশ্যে ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, গুৱাহাটীয়ে কৰে এক বিশেষ গৱেষণা৷ প্রযুক্তিবিদ্যা প্রতিষ্ঠানটোৰ বায়’ ছায়েঞ্চ আৰু বায়’ ইঞ্জিনীয়াৰিং বিভাগ আৰু ইলেক্ট্রনিক এণ্ড ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিং বিভাগৰ যুটীয়া উদ্যোগত নির্মাণ সম্পূর্ণ হোৱাৰ পথত এটি বিশেষ উচ্চ মানসম্পন্ন ডিভাইচ৷ যিটো প্রযুক্তি ব্যৱহাৰ কৰি এনে ৰোগীয়ে ৰক্ষা পাব স্মৃতি শক্তি লোপ পোৱাৰ পৰা৷ গৱেষণাগাৰত সকলো পৰীক্ষা–নিৰীক্ষা সম্পূর্ণ হোৱা ডিভাইচটোৰ ইতিমধ্যে জন্তুৰ দেহত পৰীক্ষা আৰম্ভ কৰিছে বুলি সদৰী কৰিছে গৱেষকৰ দলটোৱে৷

অতি সোনকালে মানৱ দেহত পৰীক্ষা সম্পন্ন হ’ব লগা বিশেষ প্রযুক্তিবিধে এলজেইমাৰ ৰোগত আক্রান্ত ব্যক্তিসকলক স্মৃতি শক্তি লোপ পোৱাৰ পৰা ৰক্ষা কৰিব বুলি আশা প্রকাশ কৰে গৱেষকৰ দলটোৱে৷ এই সন্দর্ভত প্রযুক্তিবিধ নির্মাণৰ গৱেষণাত ব্রতী বায়’ছায়েন্স আৰু বায়’ইঞ্জিনীয়াৰিং বিভাগত অধ্যাপক ভি ৰামাকৃষ্ণন আৰু ইলেক্ট্রনিক এণ্ড ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক এইচ বি নেমাডে সংবাদ মাধ্যমক কয় যে প্রযুক্তিবিধৰ উদ্ভাৱনৰ পাছত সমগ্র বিশ্বৰ লাখ লাখ লোক উপকৃত হ’ব৷ বিশেষকৈ ৬০–৭০ বছৰ বয়সৰ লাখ লাখজন চিকাৰ হোৱা এলজেইমাৰ ৰোগক এই বিশেষ ডিভাইচটোৱে বশ কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে গৱেষকদ্বয়ে।

You might also like