নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদ বিমান ট্ৰেজেডী : ভয়াৱহ দুৰ্ঘটনাত ২৪২ যাত্ৰীৰে প্ৰাণহানি

সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছৰ প্ৰতিবেদন অনুসৰি বিমানখনত থকা ২৪২জন লোকৰ আটাইকেইজন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে

আহমেদাবাদ বিমান ট্ৰেজেডী : ভয়াৱহ দুৰ্ঘটনাত ২৪২ যাত্ৰীৰে প্ৰাণহানিৰ আশংকা

নিউজ ডেস্ক, ১২ জুন : গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমান AI-171 দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ভয়ংকৰ ছবি ওলাইছে। আহমেদাবাদৰ মেঘনীনগৰ অঞ্চলত দেখা গ’ল বিশাল জুইৰ শিখা। একে সময়তে দূৰৰ পৰা ক’লা ধোঁৱা দেখা যায়। এই বিমানখনত আছিল ২৪২জন যাত্ৰী।

সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছৰ প্ৰতিবেদন অনুসৰি বিমানখনত থকা ২৪২জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু। উৰণৰ কিছু সময়ৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

ঘটনাত পৰিয়ালক লগ কৰিবলৈ লণ্ডনলৈ যোৱা এই বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল। এই AI-171 বিমানখন লণ্ডনলৈ উৰা মাৰিছিল। আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিবলৈ গৈ ওচৰৰ অট্টালিকাত খুন্দা মৰাৰ ফলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

ইফালে গুজৰাটৰ আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কেইঘণ্টামানৰ পিছতে চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পুনৰ সেৱা আৰম্ভ হৈছে। এই তথ্য চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ প্ৰশাসনে দিছে।

চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সীমিত বিমান সেৱাৰ জৰিয়তে এতিয়া বিমানবন্দৰ কাৰ্যক্ষম হৈ পৰা বুলি জানিবলৈ দিয়ে। তথ্যৰ বাবে যাত্ৰীসকলক বিমান সংস্থাসমূহৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

আনহাতে, বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই দুৰ্ঘটনা সন্দৰ্ভত কয়, ‘আহমেদাবাদত যি হৈছে সেয়া অতি দুখজনক দুৰ্ঘটনা। আমি বহুত মানুহ হেৰুৱাইছো। আমাৰ আপোনজনক হেৰুৱাই পেলোৱা সকলোকে গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ইয়াৰ ভিতৰত আছে বহু বিদেশীও। আপুনি সংশ্লিষ্ট বিভাগসমূহৰ পৰা আপডেট পাব: অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়, এয়াৰ ইণ্ডিয়া আদি। এই তথ্য মই শ্বেয়াৰ কৰিব পাৰো। এয়া পৰিৱৰ্তিত পৰিস্থিতি। উদ্ধাৰ অভিযান চলি আছে। সঠিক সবিশেষ ওলাবলৈ আমি অলপ বেছি সময় অপেক্ষা কৰিব লাগিব।’

এয়াৰ ইণ্ডিয়াই এক বিবৃতি প্ৰকাশ কৰে

এই সকলোবোৰৰ মাজতে আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এয়াৰ ইণ্ডিয়াই এক বিবৃতি প্ৰকাশ কৰিছে। বিমান সংস্থাটোৱে জনোৱা মতে, অহা ১২-১৪ জুনৰ ভিতৰত আহমেদাবাদলৈ অহা-যোৱা কৰা বিমানত বুকিং কৰা যাত্ৰীসকলৰ বাবে বিমান পুনৰ নিৰ্ধাৰণ আৰু বাতিলৰ ক্ষেত্ৰত এককালীন ৰেহাই বৃদ্ধি কৰা হৈছে। এই ৰেহাই ১২ জুনলৈকে জাৰি কৰা টিকটৰ বাবে প্ৰযোজ্য। কোনো ধৰণৰ পুনৰ নিৰ্ধাৰণ মাচুল বা ভাড়াৰ পাৰ্থক্য প্ৰযোজ্য নহ’ব। যিসকলে যাত্ৰা বাতিল কৰিব বিচাৰে তেওঁলোকৰ বাবে বাতিলৰ সম্পূৰ্ণ মাচুল ৰেহাই দিয়া হ’ব।

You might also like