নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত বাৰ্মিজ চুপাৰি ছিন্ডিকেটৰ বিৰুদ্ধে অপাৰেচন অল আউট

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰী : বাৰ্মিজ ছুপাৰি ছিন্ডিকেটৰ বিৰুদ্ধে অপাৰেচন অল আউট তীব্ৰ কৰি তুলিছে কাছাৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে। আজি কুখ্যাত ছুপাৰি মাফিয়া আবু মজুমদাৰৰ শিলচৰ ইটখলাৰ ঘৰত অভিযান চলায় কাছাৰ আৰক্ষীয় আৰু ক্ৰাইম ব্ৰাঞ্চে । প্ৰায় দুঘণ্টা ধৰি চলিছে এই অভিযান । কিন্তু আবু মজুমদাৰ ইতিমধ্যে পলাতক হৈ আছে । আবু মজুমদাৰক নাপাই তেওঁৰ পৰিয়ালৰ দুগৰাকী মহিলাক সদস্যক সোধাপোছাৰ বাবে লৈ আনিছে আৰক্ষীয়ে ।

ইপিনে যোৱা দুদিনত ৫টা কৈ চুপাৰিৰ গুদাম ছীল কৰিছে আৰক্ষীয়ে । লগতে ১২জনক গ্ৰেপ্তাৰ কৰা হৈছে ।প্ৰায় ১ হাজাৰৰ অধিক চুপাৰিৰ বস্তা বাজেয়াপ্ত কৰিছে আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱাৰ মাজত আছে এজন কুখ্যাত চুপাৰি মাফিয়া কাটিগড়াৰ হাজি নিজাম উদ্দিন । কাটিগড়াৰ পৰা নিজাম উদ্দিনক শিলচৰলৈ অনাৰ সময়ত পলাবলৈ চেষ্টা কৰিছিল । সেই সময়ত নিজামুদ্দিনক এনকাউন্টাৰ কৰিছে আৰক্ষীয়ে । বৰ্তমানে গুলীবিদ্ধ হৈ শিলচৰ মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছে নিজাম । বাকী ধৃতসকল হ’ল আবু হোছেইন তাপাদাৰ ,সঞ্জু লস্কৰ ,আলী বৰভূঞা ,ফইজ উদ্দিন, ৰূপক পাল, তপন দেব, সুব্ৰত পাল, ছাহনাজ লস্কৰ , চন্দন যাদৱ, ৰাজু শাহ, নিজামুদ্দিন আৰু আলী হুছেইন । ধৃতকেইজন কুখ্যাত চুপাৰি মাফিয়া আৰু মাফিয়াৰ কৰ্মচাৰী ।

অপাৰেশন অল আউট চলি থাকিলেও এতিয়ালৈকে চুপাৰি মাফিয়াৰ অন্যতম অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই কাছাৰ আৰক্ষীয়ে । ইতিমধ্যে কাছাৰৰ দুজন শীৰ্ষ বিষয়াৰ ভূমিকা লৈ সন্দেহৰ সৃষ্টি হৈছে । আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰক আন্ধাৰত ৰাখি এই দুই আৰক্ষী বিষয়াৰ লগত ছিন্ডিকেট বাহিনীয়ে মিতিৰালি কৰি সাৰ আৰু চুপাৰি সৰবৰাহ কৰিছিল বুলি অভিযোগ উঠিছে । সন্দেহ কৰা হৈছে এই দুই আৰক্ষী বিষয়াই ক্ৰাইম ব্ৰাঞ্চৰ অভিযানৰ আগতে ছিন্ডিকেটৰ মাষ্টাৰ মাইন্ডসকলক পলাবলৈ সুযোগ কৰি দিছে । যেতিয়ালৈকে ছিন্ডিকেটৰ মাষ্টাৰমাইণ্ড নপৰিব তেতিয়ালৈকে অপাৰেচন অল আউটৰ সফলতা পোৱা নাযাব।

ইপিনে কালি কাছাৰত পুনৰ এনকাউন্টাৰ হয় । হোছেইন আহমেদ লস্কৰ নামৰ এগৰাকী ডকাইতক ভৰিত গুলী কৰে আৰক্ষীয়ে । কালি লস্কৰক গ্ৰেপ্তাৰ কৰি তদন্তৰ বাবে লৈ যোৱাৰ সময়তে পলাবলৈ চেষ্টা কৰে । সেই সময়ত আৰক্ষীয়ে তেওঁৰ ভৰিত গুলী কৰে। তেওঁৰ পৰা .৩২এম এম এটা পিষ্টল উদ্ধাৰ হৈছে । হোছেইন বৰ্তমানে শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ।
প্ৰেৰক গৌতম তালুকদাৰ

You might also like