নিবনুৱাঃ মহামাৰীৰ প্রত্যাহ্বান
ক’ভিড–১৯ ৰ সমানে সমানে এতিয়া সমগ্র বিশ্বই যুঁজ দিব লগা হৈছে অর্থনৈতিক সমস্যা আৰু সংস্থাপনহীনতাৰ সৈতে৷ নিবনুৱা সমস্যাই সৰহসংখ্যক দেশতে জটিল ৰূপ ধাৰণ কৰিছে, যিটো বিশ্বব্যাপ্ত মহামাৰীৰ সময়ত অলপো অস্বাভাৱিক নহয়৷ ইয়াৰ প্রভাৱ পোনপটীয়াকৈ পৰিছে মানুহৰ দৈনন্দিন জীৱনত৷ ইমান কম সময়তে সমগ্র বিশ্বতে ন’ভেল ক’ৰোনা ভাইৰাছ সংক্রমিত হ’ল যে অর্থনৈতিক দিশত প্রতিৰোধমূলক পদক্ষেপ গ্রহণৰ সুযোগেই নিদিলে এই মাৰাত্মক ভাইৰাছে৷ আৰম্ভণিৰ পর্যায়ত ভাৰতে ক’ৰোনা ভাইৰাছৰ সংক্রমণ নিয়ন্ত্রণ কৰাত যথেষ্ট সফল হৈছে৷ এইক্ষেত্রত বিশেষভাৱে কেৰালাৰ প্রসংগ উত্থাপন কৰিব পাৰি৷ ভাৰতত চিনাক্ত হোৱা প্রথমজন ক’ভিড–১৯ আক্রান্ত ৰোগীজনেই আছিল কেৰালাৰ৷ চীনৰ পৰা ভাৰতলৈ অহাৰ পিছতে তেওঁৰ গাত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল৷ কিন্তু সময়োচিত পদক্ষেপ গ্রহণৰ বাবে আন ৰাজ্যৰ তুলনাত কেৰালাত ক’ভিড–১৯ৰ সংক্রমণ ৰোধ কৰাটোত বহু পৰিমাণে সফল হ’ল৷ অৱশ্যে সামগ্রিকভাৱে ক’ভিড–১৯ৰ পৰিস্থিতি যথেষ্ট উদ্বেগজনক হৈ পৰিছে৷
ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ যে দীঘলীয়া হ’ব সেই কথাও ইয়াৰ লগে লগে স্পষ্ট হৈ পৰিছে৷ অর্থনীতিবিদসকলে আশংকা প্রকাশ কৰিছে যে দেশৰ অর্থনীতিত এই ভয়ংকৰ মহামাৰীয়ে পেলোৱা প্রভাৱৰ ফলত সংস্থাপনহীনতাই আটাইতকৈ জটিল সমস্যাৰ ৰূপ ল’ব পাৰে৷ ক্ষুদ্র ব্যৱসায়ী–উদ্যোগী ফেব্রুৱাৰী মাহৰ পৰাই বিৰাট লোকচানৰ সন্মুখীন হৈছে আৰু মে’ৰ তৃতীয় সপ্তাহতো তেওঁলোক সমস্যাৰ মাজত বুৰ গৈ আছে৷ এনে পৰিস্থিতিত সৰু–সুৰা বেচৰকাৰী চাকৰিয়াল আৰু শ্রমিক কর্মহীন হোৱাৰ আশংকা বহু পূর্বেই কৰা হৈছিল৷ প্রকৃততে মহামাৰীৰ পূর্বেই ভাৰতৰ অর্থনীতিত আৰম্ভ হৈছিল মন্দাৱস্থা৷ নিবনুৱা সমস্যাও আছিল উদ্বেগজনক৷ প্রকাশিত তথ্য মতে ২০১৭–১৮ চনত ভাৰতত নিবনুৱাৰ হাৰ আছিল ২৪ শতাংশ৷ এয়া হ’ল বিগত ৪৫ বছৰত নিবনুৱাৰ সর্বাধিক হাৰ৷ বিশাল জনসংখ্যাৰ দেশখনত প্রতিবছৰে যিমান নাগৰিক চাকৰি বা আন সংস্থাপনৰ বাবে সাজু হৈ উঠে চৰকাৰে সিমান নিযুক্তি বা সংস্থাপনৰ উপায় সৃষ্টি কৰিব নোৱাৰে৷ ফলত প্রতিবছৰে নিবনুৱা সমস্যা বৃদ্ধি পাইছে৷ ইয়াৰ বিপৰীতে চৰকাৰে এই সমস্যাৰ সন্মুখীন হ’বলৈ আশানুৰূপ পদক্ষেপ গ্রহণ কৰিব পৰা নাই৷ ইতিমধ্যে নিবনুৱা সমস্যাত বুৰ গৈ থকা দেশখনলৈ শেহতীয়াকৈ আহিছে আন এক হতাশাজনক বাতৰি৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী (চিএমআইই)ৰ তথ্য মতে মে’ মাহৰ প্রথম দুটা সপ্তাহৰ সমাপ্তিত নিবনুৱা সমস্যা ২৪ শতাংশলৈ বৃদ্ধি পাইছে৷ ভাৰতত শেহতীয়াকৈ নিবনুৱা সমস্যা বৃদ্ধিৰ মূল কাৰণটোৱে হ’ল– ক’ৰোনা ভাইৰাছৰ ফলত ব্যক্তিগত খণ্ডত পৰা মোক্ষম আঘাত৷ বহুতো কল–কাৰখানা লকডাউনৰ লগতে বিত্তীয় ক্ষতিৰ ফলত বন্ধ হৈ পৰিছে৷ ক্ষুদ্র, অতি ক্ষুদ্র আৰু মজলীয়া উদ্যোগত ইয়াৰ প্রভাৱ সু–স্পষ্ট৷ ইয়াৰ পৰিপ্রেক্ষিতত লাখ লাখ শ্রমিক কর্মহীন হৈ পৰিছে৷ কেইবালাখ চাকৰিজীৱীও কর্মহীন হৈছে৷
অনাগত সময়ত নিবনুৱাৰ হাৰ ২৪ শতাংশৰ পৰা হ্রাস কৰাটো হ’ব চৰকাৰৰ বাবে আটাইতকৈ ডাঙৰ প্রত্যাহ্বান৷ ২০ লাখ কোটিৰ পেকেজৰ জৰিয়তে ব্যৱসায়–বাণিজ্য আৰু উদ্যোগক চৰকাৰে যিদৰে পুনৰুজ্জীৱিত কৰিব, তাৰ ওপৰত নিবনুৱাৰ হাৰ হ্রাস কৰাটো বহু পৰিমাণে নির্ভৰ কৰিব৷ উদ্যোগ প্রতিষ্ঠান আৰু কোম্পানীসমূহক চৰকাৰে সহযোগ কৰিব লাগিব যাতে সংস্থাপন প্রদান কৰিব পৰাকৈ এই প্রতিষ্ঠানসমূহে পুনৰ অর্থনৈতিকভাৱে থিয় দিব পাৰে৷ কেন্দ্রীয় চৰকাৰে এম এন ৰেগাত অতিৰিক্ত ৪০ হাজাৰ কোটি টকা ব্যয়ৰ সিদ্ধান্ত লৈছে৷ বহিঃৰাজ্যৰ পৰা কর্মহীন হৈ স্ব–গৃহলৈ ঘূৰি অহা শ্রমিকক নিয়োগ প্রদানৰ বাবে এম এন ৰেগাত এই অতিৰিক্ত পুঁজি দিয়া হৈছে৷ অসম চৰকাৰেও এম এন ৰেগাৰ জৰিয়তে গৃহাভিমুখী প্রব্রজনকাৰী শ্রমিকক কাম দিয়াৰ পৰিকল্পনাৰ কথা প্রকাশ কৰিছে৷ কিন্তু প্রকৃত সমস্যা সমাধানৰ বাবে এয়া যথেষ্ট হ’ব নোৱাৰে৷ অনাগত সময়ত নিবনুৱাক সকাহ দিবলৈ চৰকাৰে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ’ব৷