নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রশাসন–স্বাস্থ্যকৰ্মীক ফাঁকি দি বিভিন্ন অজুহাতত কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা পলায়ন

নিয়মীয়া বাৰ্তা, ২৩ মেঃ   যিকোনো মুহূর্ততে অসম ক’ভিড–১৯ৰ সামাজিক সংক্রমণৰ গ্রাসত পৰাৰ আশংকা অধিক প্রকট হৈ পৰিছে৷ মূলতঃ লকডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ পৰা অসমৰ লোকসকল নিজ গৃহভূমিলৈ উভতি অহাৰ পাছৰে পৰাই সেই আশংকা অধিক ঘনীভূত হৈ পৰিছে৷  ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ভিড–১৯ৰ সামাজিক সংক্রমণ ৰোধ কৰাৰ বাবে জনসাধাৰণক বাৰম্বাৰ সজাগ আৰু সচেতন হ’বলৈ সোঁৱৰাই থকাৰ পিছতো একাংশ দায়িত্বজ্ঞানহীন লোক আৰু সমাজৰ অৱহেলাৰ বাবেই ৰাজ্যখন ভয়ানক সংকটৰ দিশে ধাৱমান হৈছে৷

ৰেড জ’নকে ধৰি দেশৰ বিভিন্ন প্রান্তৰ পৰা উভতি অহা লোকসকলৰ শৰীৰত ইতিমধ্যে সোমোৱা ক’ভিড–১৯ যাতে তেওঁলোকৰ পৰিয়ালৰ বা গাঁৱৰ আন লোকৰ শৰীৰলৈ সংক্রমিত হ’ব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ৰাজ্যখনৰ ভিন্ন প্রান্তত কোৱাৰেণ্টাইন কেন্দ্র স্থাপন কৰিছে৷ ৰাজ্যখনত আহি উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক নির্দিষ্ট কোৱাৰেণ্টাইন কেন্দ্রলৈ আনি প্রথম এসপ্তাহ ৰখাৰ ব্যৱস্থা কৰিছে৷ এই এসপ্তাহৰ ভিতৰত তেওঁলোকৰ ছোৱাব পৰীক্ষা কৰি যদিহে ফলাফল নিগেটিভ হয়, তেতিয়া হ’লে তেওঁলোকক এসপ্তাহৰ বাবে হোম কোৱাৰেণ্টাইনত থকাৰ নির্দেশ দি ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰে৷ কিন্তু বহিঃৰাজ্যৰ পৰা উভতি অহা একাংশ ব্যক্তিয়ে সমূলি এই বাধা নিষেধ উলংঘা কৰি আহিছে৷

গুৱাহাটীৰ সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্র, কোকৰাঝাৰ কোৱাৰেণ্টাইন কেন্দ্র, সোণাৰি কোৱাৰেণ্টাইন কেন্দ্রত বাধা নিষেধ উলংঘনৰ বহুকেইটা ঘটনা ইতিমধ্যে সংঘটিত হৈছে৷ একাংশই ফেচিলিটী কোৱাৰেণ্টাইনত থকাৰ পৰিৱর্তে হোটেল কোৱাৰেণ্টাইনত থকাৰ উল্লেখ কৰাৰ লগতে বিভিন্ন ফাঁকি–ফুকা দি নানান অজুহাতত কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা পলায়ন কৰিছে৷ ছোৱাব পৰীক্ষাৰ ফলাফল অহাৰ পূর্বেই কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা পলায়ন কৰি নিজ গৃহত উপস্থিত হোৱা এতিয়ালৈ মুঠ ৬গৰাকী ব্যক্তিৰ দেহত পৰৱর্তী পর্যায়ত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰা ঘটনাই সামাজিক সংক্রমণৰ আশংকা অধিক প্রকট কৰি তুলিছে৷

যোৱা দুটা দিনৰ ভিতৰত এই মাৰাত্মক ঘটনাই অধিক শংকা বৃদ্ধি কৰিছে৷ যোৱা ১৯ মে’ত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰা ৪২গৰাকী ব্যক্তিৰ ভিতৰত ৩জনেই কোৱাৰেণ্টাইন কেন্দ্রৰ পৰিৱর্তে নিজ গৃহতহে আছিল৷ নলবাৰীৰ মুকালমুৱাৰ ভাংনামাৰীৰ হামিদুল আহমেদ (২২), ছাহজাহান আলী (২১) আৰু হোজাইৰ মহম্মদ ছাইদুল আলম (২০)ৰ দেহত যেতিয়া ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে, সেই মুহূর্তত তেওঁলোক সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্রৰ পৰিৱর্তে নিজ গৃহতহে আছিল৷ ছোৱাব টেষ্টৰ ফলাফল অহাৰ পূর্বেই তেওঁলোকে অতি কৌশলেৰে কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা পলায়ন কৰাৰ তথ্য পৰৱর্তী পর্যায়ত পোহৰলৈ আহে৷ নলবাৰীৰ যুৱক দুজনে সৰুসজাইৰ পৰা এখন বাছেৰে প্রথমতে জালুকবাৰীলৈ যায়৷ তাৰ পৰা তেওঁলোকে এখন টেম্পো ভাৰা কৰি মুকালমুৱাত উপস্থিত হয় আৰু তাৰ পৰা দুখন বাইকেৰে নিজ গৃহত উপস্থিত হয়৷ এই যাত্রাপথত তেওঁলোক কিমানজনৰ সংস্পর্শলৈ আহিছিল, সেয়া সহজেই অনুমেয়৷ তদুপৰি গাঁৱলৈ গৈ তেওঁলোকে বজাৰ–সমাৰ কৰাৰ লগতে বিভিন্নজনৰ সৈতে মিলামিছা কৰাৰ তথ্য ইতিমধ্যে প্রকাশ পাইছে৷ উক্ত যুৱক দুজনৰ সৈতে সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা নলবাৰী জিলাৰ আন ৫জন যুৱকো একেলগে পলায়ন কৰে৷ পিছত সেই ৫ যুৱকক প্রশাসনে আটক কৰি পুনৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে৷

অৱশ্যে তেওঁলোকৰ এতিয়ালৈ পজিটিভ ওলোৱা নাই৷ সেইদৰে হোজাইৰ যুৱকজনেও ছোৱাব পৰীক্ষাৰ ৰিপ’ট অহাৰ পূর্বেই সৰুসজাইৰ পৰা পলায়ন কৰি এখন বাছেৰে ডবকাত উপস্থিত হয় আৰু ডবকাৰ পৰা খোজকাঢ়ি হোজাইৰ এখন বিদ্যালয়ত আত্মগোপন কৰি থাকে৷ অনুৰূপ ধৰণে কালি নতুনকৈ ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰা ২২গৰাকী ব্যক্তিৰ ভিতৰত তিনিজনেই ছোৱাব পৰীক্ষাৰ ৰিপ’ট অহাৰ পূর্বেই নিজ গৃহত উপস্থিত হৈছিল৷ ধুবুৰীৰ ছাদ্দাম হুছেইন আৰু বাগ্সাৰ তিলক লামা নামৰ যুৱক দুজনে কোকৰাঝাৰ কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা বাছযোগে নিজ নিজ গৃহলৈ গৈছিল৷ কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা গৃহাভিমুখী যাত্রাত এওঁলোক দুজনেও যে বহুজনৰ সংস্পর্শলৈ আহিছিল, সেই কথা নতুনকৈ উল্লেখ কৰাৰ প্রয়োজন নাই৷ একেদৰে সোণাৰিৰ ভাস্কৰ লাহন নামৰ ক’ভিড–১৯ত আক্রান্ত হোৱা ব্যক্তিজনেও কোৱাৰেণ্টাইন কেন্দ্রত থকা অৱস্থাত পত্নী অন্তঃসত্ত্বা বুলি কর্তৃপক্ষক জানিবলৈ দি এবছৰীয়া সন্তান আৰু পত্নীক লৈ পৰহি নিজ গৃহত উপস্থিত হয়৷ কালি তেওঁৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ লগে লগে অঞ্চলটোত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ ইয়াৰ উপৰি হোটেলত কোৱাৰেণ্টাইনত থাকিম বুলি ফাঁকি দি সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা পলায়ন কৰা ছয়গাঁৱৰ আকবৰ আলী, ইনামুল হুছেইন, বকোৰ ৰাহুল আমিন, ছাদ্দাম হুছেইন নামৰ দুজন যুৱক চাৰিজনকো আৰক্ষীয়ে গ্রেপ্তাৰ কৰি পুনৰ কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে৷ তদুপৰি যোৰহাট–তেজপুৰত কোৱাৰেণ্টাইনত থকা একাংশ যুৱকে সামাজিক দূৰত্ব উলংঘনেৰে গাতে গা লগাই মর্নিং ৱাক কৰাৰ ছলেৰে টিকটক কৰি ফুৰিছে৷ এই কার্যত স্বয়ং স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আশ্চর্য প্রকাশ কৰিবলগীয়া হৈছে৷ সেইদৰে ছোৱাব পৰীক্ষাৰ ফলাফলত নিগেটিভ অহাৰ পিছত এসপ্তাহৰ বাবে হোম কোৱাৰেণ্টাইনত পঠিওৱা হয়৷ পিছে ৰাজ্যখনত হোম কোৱাৰেণ্টাইনো কার্যতঃ ভেঁকো–ভাওনাত পৰিণত হৈছে৷ নিজ গাঁৱলৈ উভতি গৈ হোম কোৱাৰেণ্টাইনত থকা বিভিন্নজনে গাঁওখনত ইঘৰৰ পিছত সিঘৰলৈ আড্ডা মাৰি ফুৰাৰো বাতৰি পোৱা গৈছে৷ এনে কার্য দেখি গহপুৰ–বিশ্বনাথত স্বয়ং ৰাইজেই আপত্তি কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে৷ সেইদৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ সূত্রধৰপাৰাৰ ৰুবুল সূত্রধৰ নামৰ হোম কোৱাৰেণ্টাইনত থকা এজন যুৱকে নিজ গৃহৰ পৰা ওলাই আহি চুবুৰীয়া এগৰাকী মহিলাক লাঠীৰে উপর্যুপৰি মাৰপিট কৰাৰ লগতে দাৰেও আক্রমণ কৰিবলৈ উদ্যত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

হোম কোৱাৰেণ্টাইনত থকা এজন যুৱকে কিদৰে চুবুৰীয়াৰ ঘৰত গৈ আক্রমণ কৰিব পাৰিলে, সেয়া চিন্তনীয় বিষয়৷ মুঠতে বহিঃৰাজ্যৰ পৰা উভতি অহা একাংশ লোকৰ দায়িত্বজ্ঞানহীনতা, বেপৰোৱা স্বভাৱৰ বাবেই অসমত ক’ভিড–১৯ৰ সামাজিক সংক্রমণ আৰম্ভ হোৱাৰ শংকা অধিক ঘনীভূত হৈছে৷ যিটো মুহূর্তত অসমৰ ২১ হাজাৰ গাঁৱত স্বাস্থ্য বিভাগে নিজাববীয়াকৈ কৰা পৰীক্ষাত এজনো ক’ভিড–১৯ত আক্রান্ত ব্যক্তি নোলাল, সেই সময়তে বহিঃৰাজ্যৰ পৰা অহা একাংশ দায়িত্বজ্ঞানহীন লোকে ৰাজ্যখনক ভয়ংকৰ বিপর্যয়ৰ দিশলৈ ধাৱিত কৰিবলৈ ওলোৱাটো অতিকৈ চিন্তনীয় বিষয় হৈ পৰিছে৷ এনে পৰিস্থিতিৰ পৰিপ্রেক্ষিতত শেহতীয়াকৈ ৰাজ্য চৰকাৰে কোৱাৰেণ্টাইন ব্যৱস্থা আপোচবিহীন কৰাৰ নির্দেশ দিয়াৰ লগতে কোৱাৰেণ্টাইনৰ নীতি–নিয়ম উলংঘাকাৰীসকলৰ বিৰুদ্ধে জামিনবিহীন ফৌজদাৰী গোচৰ ৰুজু কৰি আইনগত ব্যৱস্থা লোৱাৰ দৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হৈছে৷

কঠোৰভাৱে যাতে কোৱাৰেণ্টাইন ব্যৱস্থা প্রযোজ্য হয়, তাৰ বাবে প্রতিখন গাঁৱতে কোৱাৰেণ্টাইন নিৰীক্ষণ কমিটী পর্যন্ত গঠন কৰিছে৷ আজি স্বাস্থ্যমন্ত্রী ড০ শর্মাই আপোচবিহীন কোৱাৰেণ্টাইন যাতে কঠোৰভাৱে বলৱৎ হয়, তাৰ বাবে ৰাইজক অধিক সচেতন আৰু সতর্ক হোৱাৰ আহ্বান জনাই কোৱাৰেণ্টাইনত থকাসকলক ৰঙাচকুৰে চোৱাৰ আহ্বান জনায়, যাতে সেই সময়ছোৱাত কোনেও ঘৰৰ পৰা ওলাই আহিব নোৱাৰে৷ চুবুৰীয়াৰ ৰঙাচকু থাকিলে হোম কোৱাৰেণ্টাইনত থকাসকলে কোৱাৰেণ্টাইনৰ নীতি–নিয়ম আখৰে আখৰে পালন কৰিবলৈ বাধ্য হ’ব৷

You might also like