“অসম এতিয়া নিৰাপদ নহয়”- কিয় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুখত বাৰে বাৰে কয় এই কথা ? By নিয়মীয়া বাৰ্তা On May 24, 2020 Share নিয়মীয়া বাৰ্তা, ২৪ মেঃ ৰাজ্যত সঘনাই বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা । শনিবাৰে দিনটোত সৰ্বাধিক ৮৭ জন লোক আক্ৰান্ত হৈছিল মহামাৰী ক’ৰোনাত । যি বিগত আঢ়ৈ টা মাহৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত বুলি পৰিগণিত হৈছে । যাৰ বাবে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ আছে -অসম এতিয়া নিৰাপদ নহয় । উল্লেখ্য যে ৰাজ্যত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১০০ জনৰ পৰা ২০০ হ’বলৈ সময় লাগিছিল ৪ দিন । ২০০ ৰ পৰা ৩০০ হ’বলৈ সময় লাগিছিল মাত্ৰ ২ দিন । আনহাতে আক্ৰান্তৰ সংখ্যা ৩০০ ৰ পৰা ৩৫০ হ’বলৈ লাগিল মাত্ৰ ২০ ঘণ্টাৰ সময় । ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদমেলত কয় যে আক্ৰান্ত লোকসকলৰ ৯০ শতাংশ লোকেই কোৱাৰেণ্টাইন চেণ্টাৰৰ । লগতে কামৰূপ আৰু হোজাই জিলা এতিয়া ক’ৰোনাৰ হটবেদ ৰূপে চিনাক্ত হৈছে। কিয়নো কামৰূপৰ পাছতেই হোজাইত সৰ্বাধিক লোক আক্ৰান্ত হৈছে ক’ৰোনাত । লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়- বহিঃৰাজ্যৰ পৰা অহা এই লোকসকলৰ ভিতৰত অধিকাংশই হোটেল আৰু ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত নিৰাপত্তাৰক্ষী । লগতে মুম্বাই আৰু চেন্নাইৰ পৰা অহা লোকসকলেই সৰ্বাধিক আক্ৰান্ত হৈছে ক’ৰোনাত । সামাজিক দূৰত্ব নমনাৰ বাবেই সৰ্বাধিক লোক আক্ৰান্ত হৈছে ক’ৰোনাত । Share