নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোড কাগজ কল চিকিৎসালয় কোভিড-১৯ চিকিৎসা শাখালৈ ৰূপান্তৰ

নিয়মীয়া বাৰ্তা ২৪ মেঃ হিন্দুস্থান পেপাৰ কৰ্পোৰেচনৰ জাগীৰোড কাগজ কল চিকিৎসালয়খন সম্পূৰ্ণৰূপে কোভিড-১৯ চিকিৎসা শাখালৈ ৰূপান্তৰ কৰা হৈছে ৷ আজি মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে চিকিৎসালয়খন ভ্ৰমণ কৰি যাৱতীয় প্ৰস্তুতি তথা সা-সুবিধাৰ বুজ লোৱাৰ উপৰি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক সাক্ষাৎ কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, কোভিড-১৯ সংক্ৰান্তীয় এই জটিলতা আতৰি যোৱাৰ পিছত এইখন ৫০ খন বিচনাযুক্ত চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হ’ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি মন্তব্য কৰে ।

You might also like