ডিঙিত গামোচাঃ আকাশমার্গেৰে উম্পুনৰ ধ্বংসলীলা পৰিদর্শন প্রধানমন্ত্রীৰ
নিয়মীয়া বাৰ্তা, ২৩ মেঃ বংগোপসাগৰসৃষ্ট কালঘূর্ণি উম্পুনৰ সংহাৰত বিধ্বস্ত হোৱা পশ্চিমবংগৰ অঞ্চলসমূহ শুকুৰবাৰে আকাশমার্গেৰে পৰিদর্শন কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ আকাশমার্গেৰে বিধ্বস্ত অঞ্চল পৰিদর্শন কৰাৰ সময়ত প্রধানমন্ত্রী মোদীয়ে ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা মেৰিয়াই লৈ পুনৰ এবাৰ অসমবাসীক গৌৰৱৰ সুযোগ দিলে৷ পশ্চিমবংগৰ বিধ্বস্ত অঞ্চলসমূহ পৰিদর্শন কৰা প্রধানমন্ত্রী মোদীয়ে ৰাজ্যপাল জগদীশ ধানখৰ আৰু মুখ্যমন্ত্রী মমতা বেনার্জীৰ সৈতে বার্তালাপ কৰি ক্ষতিগ্রস্ত অঞ্চলৰ বুজ লয়৷ ঘূর্ণিবিধ্বস্ত অঞ্চল পৰিদর্শন কৰাৰ অন্তত প্রধানমন্ত্রী মোদীয়ে এক বিবৃতিযোগে পশ্চিমবংগৰ ক্ষতিগ্রস্ত অঞ্চল পুনৰ নির্মাণ কৰাৰ বাবে অন্তর্ৱর্তীকালীন হিচাপে ১০০০ কোটি টকা আর্থিক সাহায্য আগবঢ়ায়৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে এই ঘূর্ণিত প্রাণ হেৰুওৱা লোকৰ পৰিয়াললৈ ২ লাখ টকাৰ ক্ষতিপূৰণ আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ আগবঢ়ায়৷ আজি পুৱা কলকাতা বিমানবন্দৰত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীক ৰাজ্যপাল ধানখৰ আৰু মুখ্যমন্ত্রী বেনার্জীয়ে আদৰণি জনায়৷ ইয়াৰ পিছতেই সেনাৰ হেলিকপ্ঢাৰেৰে প্রধানমন্ত্রী মোদীয়ে ৰাজ্যখনৰ উপকূলীয় উম্পুনত বিধ্বস্ত অঞ্চল পৰিদর্শন কৰে৷ এই পৰিদর্শনৰ সময়ত মুখ্যমন্ত্রী মমতা বেনার্জীয়েও সংগ দিয়ে৷ উত্তৰ ২৪ পৰগনা জিলাৰ বছিৰহাটৰ পৰিস্থিতি সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে ৰাজ্যপাল আৰু মুখ্যমন্ত্রীৰ সৈতে পর্যালোচনা কৰে৷
পৰিদর্শনৰ অন্তত প্রধানমন্ত্রী মোদীয়ে উম্পুন ক্ষতিগ্রস্ত অঞ্চলসমূহৰ ক্ষতিৰ তথ্য বিতংভাৱে সংগ্রহ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি দল এটা পঠিয়াব বুলিও ঘোষণা কৰে৷ তাৎপর্যপূর্ণ যে ক’ভিড–১৯ৰ সৈতে যুঁজি থকাৰ সময়তে উম্পুনৰ প্রভাৱ পৰিব পৰা অঞ্চলৰ সামাজিক দূৰত্বৰ কথা নাভাবি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছিল৷ মুখ্যমন্ত্রী বেনার্জীৰ সৈতে প্রধানমন্ত্রী মোদীৰ মাজত ক’ভিড–১৯ক লৈ গ্রহণ কৰা পদক্ষেপক লৈ বিতর্কৰ মাজতে আজি প্রধানমন্ত্রীগৰাকীয়্ মমতা বেনার্জীৰ নেতৃত্বক প্রশংসা কৰে৷ বংগত এই অনুকূল সময়ত আমি সকলো একলগ হৈ আছোঁ বুলি প্রধানমন্ত্রীগৰাকীয়্৷
উম্পুন–বিধ্বস্ত পশ্চিমবংগ আমি একেলগে পুনৰ নির্মাণ কৰিম বুলিও কয় প্রধানমন্ত্রীগৰাকীয়্৷ উল্লেখ্য যে ২০ আৰু ২১ মে’ত ঘূর্ণি উম্পুনে ওড়িশা আৰু পশ্চিমবংগত ধ্বংসলীলা চলায়৷ এই ধ্বংসলীলাত ঐতিহাসিক কলকাতা চহৰ বিধ্বস্ত হোৱাৰ লগতে উত্তৰ আৰু দক্ষিণ ২৪ পৰগনা জিলা, পূব আৰু পশ্চিম মেদিনীপুৰ, হাওৰা আৰু হুগলীত বিস্তৰ ক্ষতি হয়৷ কলকাতাত ১৫জনসহ পশ্চিমবংগত ৭৭জনে প্রাণ হেৰুওৱাৰ লগতে উল্লেখিত অঞ্চলসমূহত উম্পুনৰ সংহাৰত সহস্রাধিক বাসগৃহ, গাড়ী, বিভিন্ন প্রতিষ্ঠানৰ আন্তঃগাঁথনি বিধ্বস্ত হয়৷ লক্ষণীয় যে ওড়িশাতো প্রায় ৪৫ লাখ লোক ক্ষতিগ্রস্ত হৈছে৷ ১৫০০ গাঁও পঞ্চায়ত এলেকাত সহস্রাধিক বাসগৃহ বিধ্বস্ত হোৱাৰ উপৰি বিদ্যুতৰ খুঁটা প্রকাণ্ড প্রকাণ্ড গছ উভালি পৰিছে৷ এনডিআৰএফ আৰু স্থানীয় প্রশাসনে ৰাজ্যত উদ্ধাৰ অভিযান চলাই আছে৷
ইপিনে, ওড়িশা–পশ্চিমবংগক মোহাৰি যোৱা উম্পুনে বাংলাদেশতো সংহাৰ চলাইছে৷ দেশখনত এই উম্পুনৰ প্রভাৱত অনেক বাসগৃহৰ ক্ষতি হৈছে৷ প্রকাণ্ড প্রকাণ্ড গছ উভালি পৰি যাতায়াত ব্যৱস্থা ব্যাহত কৰি তোলাৰ উপৰি বিদ্যুতৰ খুঁটা উভালি পৰাত বিদ্যুৎ সংযোগত ব্যাঘাত জন্মিছে৷ দেশখনত ১০জনৰ প্রাণহানি হৈছে৷