নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনঃ গেলেকীত নগাই কাটিলে ২ হাজাৰ চাহপুলি

নিয়মীয়া বাৰ্তা, ২৩ মেঃ সীমান্ত অঞ্চলৰ অসমৰ ভূমিৰ প্রতি ৰাজ্য চৰকাৰ চূডান্ত নির্লিপ্ততা আৰু সোপাঢ়িলা নীতিৰ সুযোগ গ্রহণ কৰি আগ্রাসী নগা বাহিনীয়ে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অসম–নাগালেণ্ড সীমান্তৱর্তী গেলেকীত গেলেকী সংৰক্ষিত বনাঞ্চলৰ প্রায় ৬৪০০ হেক্টৰ ভূমিৰ প্রায় ৪ হাজাৰ হেক্টৰ ভূমি অবৈধ বেদখলেৰে বৃহত্তৰ নাগালিমৰ মানচিত্র বৃদ্ধি কৰাৰ বিপৰীতে অসমৰ মানচিত্র সংকুচিত হৈ আহিছে৷

শেহতীয়াভাৱে নাগালেণ্ডৰ বিদ্রোহী সংগঠনৰে কেন্দ্রীয় চৰকাৰৰ সৈতে হোৱা নগা শান্তি চুক্তিৰ পিছত অসমৰ সীমান্ত অঞ্চলৰ ভূমিত নগাৰ প্রতিপত্তি বৃদ্ধি পাবলৈ ধৰিছে৷ যাৰ বাবে ২১ মে’ত শিৱসাগৰ জিলাৰ অসম–নাগালেণ্ড সীমান্তৱর্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ ভূমি সংলগ্ন অসমৰ ৰাজহ ভূমিতো আগ্রাসী নগা বাহিনীয়ে সীমান্ত অঞ্চলটোৰ অসমৰ থলুৱা যুৱকে স্থাপন কৰা ক্ষুদ্র চাহ বাগিচাৰ প্রায় দুহেজাৰ চাহপুলি কাটি খাস্তাং কৰাৰ লগতে অসমৰ উক্ত ৰাজহ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰি উক্ত ভূমিত পহৰা দিবলৈ যোৱা অসম আৰক্ষী বেটেলিয়নক খেদি পঠিয়ায়৷ এই কথা শিৱসাগৰ জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনে গোপনে ৰখাৰ চেষ্টা চলায়৷ ইমানে নহয় ক’ৰোনাৰ সংক্রমণ প্রতিৰোধত অসমৰ প্রশাসন ব্যস্ত থকাৰ সুযোগ গ্রহণ কৰি আগ্রাসী নগা বাহিনীয়ে অসমৰ উক্ত বৃহৎ ৰাজহ ভূমি বৃহত্তৰ নাগালিমত অন্তর্ভুক্ত কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ এক অংশ ৰূপেই নগা বাহিনীয়ে অসমৰ উক্ত ৰাজহ ভূমি গেট লগাই উক্ত ভূমি নাগালেণ্ডৰ কৰাৰ প্রচেষ্টা চলায় যদিও গেলেকী আৰক্ষীয়ে নগাই লগোৱা গেট ভাঙি দিয়ে৷

উল্লেখ্য যে বিগত বর্ষৰ আগষ্ট মাহত সীমান্তৱর্তী গেলেকীৰ শিঙিবিল, লাহন গাঁও, উখটিং, লাদৈগড, বৰহোলা আদি অঞ্চলৰ ৰাইজে গেলেকী সংৰক্ষিত বনাঞ্চল সংযোগী শিঙিবিল অঞ্চলৰ প্রায় ১ বিঘা ৰাজহ ভূমি দীর্ঘদিন ধৰি শ্মশানৰ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ শিঙিবিল অসম আৰক্ষী বেটেলিয়ন কেম্পৰ পৰা প্রায় আধা কিলোমিটাৰ নিলগত থকা এই শ্মশান নির্মাণৰ বাবে অসম চৰকাৰৰ পঞ্চায়ত বিভাগে প্রায় ২ লাখ টকা অনুমোদন দিয়ে৷ এই আবণ্টিত ধনেৰে গেলেকী ন–পুখুৰী পঞ্চায়তে উক্ত শ্মাশান ভূমিত এটি গৃহ নির্মাণৰ শুভাৰম্ভ কৰে৷ কিন্তু অতি দুর্ভাগ্যজনক যে অসমৰ ৰাজহ ভূমিত নির্মাণ কৰা এই গৃহ ২৬ আগষ্টৰ নিশাই আগ্রাসী নগা বাহিনীয়ে ভাঙি লণ্ডলণ্ড কৰে৷ পুৱা এই ঘটনাৰ খবৰ পাই অসম আৰক্ষীৰ এটা দল শ্মশানস্থলীত উপস্থিত হয়৷ কিন্তু সেই সময়তে নাগালেণ্ডৰ লংলেং জিলাৰ আৰক্ষী অধীক্ষক, উপায়ুক্ত, নগা ভিলেজ কাউঞ্চিলৰ চেয়াৰমেনসহ বৃহৎ নগা বাহিনী ঘটনাস্থলীত উপস্থিত হয়৷ সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা নাজিৰা মহকুমাৰ ভাৰপ্রাপ্ত সীমান্ত দণ্ডাধীশ অৰূপ বীৰকামিয়া, প্রথম অসম আৰক্ষী বাহিনীৰ উপ–ধিনায়ক পুনা গগৈ, ন–পুখুৰী পঞ্চায়তৰ সভাপতি লংকেশ্বৰ হাতীমূৰীয়াসহ অসমৰ প্রশাসন আৰু আৰক্ষী বিষয়াসকলৰ আগত নগাৰ দলটোৱে অসম–নাগালেণ্ডৰ সীমাক লৈ দেশৰ সর্বোচ্চ ন্যায়ালয়ত গোচৰ চলি থকাৰ কথা উল্লেখ কৰি অসমৰ এই ৰাজহ ভূমিত নির্মাণ নচলাবৰ বাবে একপ্রকাৰ কঠোৰ নির্দেশ দিয়ে৷ অসমৰ ৰাজহ ভূমিত বীৰত্ব প্রদর্শন কৰি নগাৰ বৃহৎ দলটো নাগালেণ্ডলৈ উভতি যায়৷

লজ্জাজনক কথাটো হৈছে শুকুৰবাৰে ৮ মাহে অসমৰ উক্ত ৰাজহ ভূমিত অসমৰ প্রশাসনে নিৰাপত্তাসহ উক্ত গৃহ নির্মাণ কৰিব নোৱাৰাটো দুর্ভাগ্যজনক৷ অসম চৰকাৰে অসমৰ এই ৰাজহ ভূমিৰ ক্ষেত্রত যথোচিত কোনো পদক্ষেপ গ্রহণ নকৰাত নগা বাহিনীয়ে অসমৰ উক্ত ৰাজহ ভূমি নাগালেণ্ডৰ অন্তর্ভুক্ত কৰাৰ বাবে চলোৱা প্রচেষ্টাৰ অংশৰূপে এইবাৰৰ এনে তাণ্ডৱ আৰু সন্ত্রাস চলায়৷নগাৰ এনে প্রচেষ্টাৰ বিপৰীতে স্থানীয় থলুৱা শিক্ষিত নিবনুৱা যুৱক প্রশান্ত গগৈয়ে উক্ত ভূমি অসমৰ তথা নিজৰ দখলত ৰখাৰ বাবে কপালৰ ঘাম মাটিত পেলাই ক্ষুদ্র চাহ বাগিচা স্থাপনৰ পদক্ষেপ গ্রহণ কৰি চাহপুলি ৰোপণ কৰে৷ প্রায় দুবিঘা ভূমিত গগৈয়ে যোৱা কেইবাদিন ধৰি প্রায় দুহেজাৰ চাহপুলি ৰোপণ কৰে৷ অসমৰ ভূমি ৰক্ষাৰ ক্ষুদ্র চাহ খেতিয়কৰ এনে প্রচেষ্টাত জাঙুৰ খাই উঠে নাগালেণ্ডৰ চৰকাৰ, প্রশাসন আৰু য়ংলকবস্তিৰ নগা ভিলেজ কাউঞ্চিল৷ যাৰ বাবে নগাই প্রথমে আজি কেইদিনমান পূর্বে অসমৰ উক্ত ৰাজহ ভূমিত বাঁহেৰে এখন গেট লগাই দি উক্ত ভূমি পুনৰ নাগালেণ্ডৰ বুলি দাবী সাব্যস্ত কৰাৰ চেষ্টা চলায়৷

সীমান্ত অঞ্চলটোৰ নিৰাপত্তাৰ দায়িত্বত থকা শিঙিবিলস্থিত প্রথম আৰক্ষী বেটেলিয়ন কেম্পৰ সমীপৰ এই অঞ্চলটোত ২১ মে’ত টহল দিবলৈ যোৱা অসম আৰক্ষী বেটেলিয়নৰ দলক নগাই উক্ত ভূমি নাগালেণ্ডৰহে বুলি দাবী কৰি অসম আৰক্ষীৰ দলটোক ইয়াত টহল নিদিবৰ বাবে কৈ খেদি পঠিয়ায়৷ অসম আৰক্ষীৰ দলটো পুৱা প্রায় ১০ বজাত উক্ত স্থানৰ পৰা নগাৰ ভয়ত পলায়ন কৰাৰ পিছতে নগা আৰক্ষীৰ নিৰাপত্তাৰে পৰিৱেষ্টিত হৈ নগাৰ এটা দলে প্রশান্ত গগৈৰ চাহ বাগিচাত প্রৱেশ কৰি নতুনকৈ ৰোপণ কৰা প্রায় দুহেজাৰ চাহপুলি কাটি খাস্তাং কৰে৷ এই খবৰ লাভ কৰি গেলেকী থানাৰ ভাৰপ্রাপ্ত বিষয়া দ্বীপেন্দ্র ছেত্রীৰ নেতৃত্বত এটা আৰক্ষীৰ দল ঘটনাস্থলীলৈ ৰাওনা হয়৷ কিন্তু অসম আৰক্ষীৰ দল ঘটনাস্থলী পোৱাৰ পূর্বেই নগা আৰক্ষী আৰু চাহ বাগিচা ধ্বংস কৰা নগা দুর্বৃত্তৰ দলটোৱে পলায়ন কৰে৷ আৰক্ষীৰ দলটোৱে চাহ বাগিচা ধ্বংস কৰা আৰু সীমান্তৰ অসমৰ ভূমিত সন্ত্রাস চলোৱা এজনো নগা দুর্বৃত্তক কৰায়ত্ত কৰিব নোৱাৰি আঁতৰি আহে৷ অসমৰ এক ইঞ্চিও ভূমি চুবুৰীয়া ৰাজ্যক এৰি দিয়া নহ’ব বুলি দম্ভালি মৰা, জাতি–মাটি–ভেটিৰ শ্লোগান আওৰোৱা অসম চৰকাৰৰ চূডান্ত দায়িত্বজ্ঞানহীনতা আৰু সোপাঢ়িলা নীতিৰ বাবেই অসমৰ এই বৃহৎ ৰাজহভূমি অচিৰেই বৃহত্তৰ নাগালিমত অন্তর্ভুক্ত হোৱাটো নিশ্চিত৷

You might also like