সোনম-ৰাজ-ৰ প্ৰেমৰ বলি ৰাজা : গ্ৰেপ্তাৰৰ সময়ত ধাবাত প্ৰেমিকযুগল
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জুন : ৰাজ কুশৱাহাৰ সৈতে সোনমৰ আছিল প্ৰেমৰ সম্পৰ্ক। ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যা আৰু পত্নী সোনম ৰঘুবংশীৰ নিৰুদ্দেশৰ গোচৰত এই তথ্য প্ৰকাশ পাইছে।
উত্তৰ প্ৰদেশৰ গাজীপুৰৰ নন্দগঞ্জৰ এখন ধাবাৰ সমীপত সোনমক উদ্ধাৰ কৰি জিম্মাত লোৱা হয়। বিয়াৰ মাত্ৰ কেইদিনমান পিছতে কিয় স্বামীক এনে নৃশংসতাৰে হত্যা কৰিলে সোনমে, সেই প্ৰশ্ন এতিয়া প্ৰতিগৰাকী লোকৰ মনত উদয় হৈছে।
জানিব পৰা মতে, ৰাজ কুশৱাহাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই সোনমে ৰাজাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। এই গোচৰত ইন্দোৰৰ পৰা ২ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে, আনহাতে উত্তৰ প্ৰদেশৰ এজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে।
গাজীপুৰৰ নন্দগঞ্জৰ এখন ধাবাত উপস্থিত হয় সোনম। তাৰ পৰাই তেওঁ ধাবাৰ মালিকৰ ফোনৰ পৰা ভায়েক গোবিন্দ ৰঘুবংশীলৈ ভিডিঅ’ কল কৰি গাজীপুৰত থকাৰ কথা সদৰী কৰে। লগে লগে গোবিন্দে ইন্দোৰ আৰক্ষীক খবৰ দিয়ে, যিয়ে গাজীপুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰে। তাৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সোনমক।
উল্লেখ্য যে যোৱা ২০ মে’ত মেঘালয়ৰ শ্বিলঙলৈ হনীমুনৰ বাবে যোৱা ৰাজা আৰু সোনম ২৩ মে’ত নংগ্ৰিয়াট গাঁৱৰ এটা হোমষ্টেৰ পৰা চেক আউট কৰাৰ পিছত নিৰুদ্দেশ হৈছিল। আৰক্ষীয়ে কৰা তদন্তত ২ জুনত ভেইছাৱাডং জলপ্ৰপাতৰ সমীপৰ গভীৰ জংঘলৰ পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল, যিয়ে এইটো হত্যাকাণ্ড বুলি নিশ্চিত কৰিছিল।
আৰক্ষীয়ে তদন্ত কৰাৰ সময়ত চেৰাপুঞ্জীৰ দ খাৱৈতে উদ্ধাৰ হোৱা সোনমৰ জেকেটত আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছিল তেজৰ দাগ। তাৰ পিছতে মেঘালয় আৰক্ষীৰ মনত সন্দেহ উপজিছিল।
আৰু তদন্তৰ অন্তত সোনমে সদৰী কৰিছে যে বিবাহৰ পূৰ্বে ৰাজ কুশৱাহা নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল তেওঁ, যাৰ বাবে ৰাজাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল তেওঁলোকে।
সোনমে লগতে কয় যে এই ৩ হত্যাকাৰীৰ ভিতৰত আছে সোনমৰ পৰকীয়া প্ৰেমিক ৰাজ কুশৱাহা। গ্ৰেপ্তাৰৰ সময়তো ধাবাখনত একেলগে আছিল ৰাজ কুশৱাহা আৰু সোনম।
ইফালে সোমনৰ পৰিয়ালে এই সমগ্ৰ কাণ্ডত তৃতীয় পক্ষৰ হাত আছে বুলি কৈছে । সোনমৰ পিতৃৰ মতে সকলোৰে অনুমতিৰ পিছতহে সম্পন্ন হৈছিল বিয়াখন। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান সোধা-পোচা অৱ্যাহত ৰাখিছে।