নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশাৰ খবৰঃ শীঘ্রে ৯,৬৩৫ শিক্ষকৰ পদত দিয়া হ’ব নিযুক্তি; প্রস্তুত কৰিছে প্রথমখন তালিকা

নিয়মীয়া বাৰ্তা, ২৩ মেঃ  ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণে জটিল কৰি তোলা পৰিস্থিতিৰ মাজতে ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকলৰ বাবে আহিছে এক সুখবৰ৷

ৰাজ্যত দীঘলীয়া লকডাউনে শিক্ষাখণ্ডত নমাই অনা স্থবিৰতা অৱসানৰ লক্ষ্যৰে বিদ্যালয়সমূহত খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ প্রস্তুতি চলাইছে শিক্ষা বিভাগে৷ এই উদ্দেশ্যে বিদ্যালয়সমূহৰ উচ্চ আৰু নিম্ন প্রাথমিকৰ ৯,৬৩৫টা পদ পূৰণৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ ৰাজ্যৰ ২৬খন জিলাত অতি সোনকালে নিযুক্তি–পত্র প্রদানৰ বাবে ইতিমধ্যে বিভাগত চলিছে যুদ্ধকালীন তৎপৰতা৷

প্রাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়াই জানিবলৈ দিয়া মতে, বিটিএডিৰ চাৰিখন আৰু ডিমা হাছাও, পশ্চিম কার্বি আংলং, কার্বি আংলং এই জিলাকেইখনক বাদ দি ৰাজ্যৰ আন প্রতিখন জিলাত এই নিযুক্তি প্রক্রিয়া চলিব৷ পৰিস্থিতি এতিয়াৰ দৰে স্বাভাৱিক থাকিলে লকডাউনৰ পিছতে অর্থাৎ জুন মাহত এই নিযুক্তি প্রক্রিয়া সম্পন্ন কৰা হ’ব৷

উল্লেখ্য যে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ বাবে হ’ব লগা এই নিযুক্তিৰ বাবে বিগত বর্ষৰ ছেপ্ঢেম্বৰ মাহত টেট অনুষ্ঠিত হৈছিল৷ আঠ বছৰৰ বিৰতিৰ পিছত অনুষ্ঠিত এই টেটত অৱতীর্ণ হৈছিল প্রায় ৩৫,৮১৪গৰাকী প্রার্থী৷

মন কৰিবলগীয়া যে শিক্ষা বিভাগে দিব লগা এই বৃহৎ নিযুক্তিত ষ্টেট পুল আৰু ঠিকা ভিত্তিক শিক্ষকসকলো অন্তর্ভুক্ত কৰা হ’ব৷ প্রাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিবে জানিবলৈ দিয়া মতে, নিযুক্তি প্রক্রিয়াৰ বাবে প্রার্থীৰ নথিপত্র পৰীক্ষাৰ কাম চলি আছে৷ এই পৰীক্ষণৰ পিছতে প্রথমখন তালিকা প্রস্তুত কৰা হ’ব৷

মন কৰিবলগীয়া যে যোৱা জানুৱাৰী মাহত টেট পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত ব’হাগ বিহুৰ পূর্বে নিযুক্তি দিয়াৰ কথা আছিল যদিও লকডাউনৰ ফলত এই প্রক্রিয়া পিছুৱাই দিয়া হয়৷ শিক্ষা বিভাগৰ তথ্য অনুসৰি, ৯,৬৩৫টা পদৰ বিপৰীতে হোৱা টেটত ৩৫,৮১৪গৰাকী প্রার্থী অৱতীর্ণ হৈছিল যদিও ১১,৩২২গৰাকী প্রার্থী টেট উত্তীর্ণ হৈছিল৷

You might also like