নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত সুৰাৰ বাবে বন্ধকত দিলে ৰেচন কার্ড

নিয়মীয়া বাৰ্তা ৪ মেঃ লকডাউনৰ সময়ত ৰাজ্যত সুৰাৰ বিপণীসমূহ বন্ধ হৈ থকাৰ সুযোগ লৈ চৰাইদেউ জিলাৰ একাংশ অবৈধ ব্যৱসায়ীয়ে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা অৰুণাচলী সুৰা আনি জিলাখনত ৰমৰমীয়া ব্যৱসায় চলাই থকা বুলি জানিব পৰা গৈছে৷

চুবুৰীয়া ৰাজ্যখনৰ লগত যোগসূত্র থকা উপপথৰ মাধ্যমেৰে সৰবৰাহ কৰা অৰুণাচলী সুৰাসমূহ আনি এজেণ্টৰ মাধ্যমেৰে সুৰা আসক্ত ব্যক্তিৰ হাতত দুগুণ মূল্যৰ বিনিময়ত তুলি দিছে৷ উক্ত সুৰা ব্যৱসায়ীসকলে প্রধানকৈ বাগিচা আৰু বাগিচা অধ্যুষিত অঞ্চলক লক্ষ্য কৰি লকডাউনৰ সময়ছোৱাত বিক্রী কৰিছে৷ প্রতিখন বাগিচাত মূল গেট আৰু বাগিচাৰ কলনীসমূহত প্রৱেশ কৰা উপপথসমূহত বাহিৰা মানুহৰ প্রৱেশ নিষেধ বুলি লিখি ডাং মাৰি সুৰা ব্যৱসায়ীসকলক সুৰা সৰবৰাহ কৰাৰ ক্ষেত্রত সুৰুঙা দিয়াত উৎসাহিত কৰি আহিছে বাগিচাৰ গাঁওৰক্ষী বাহিনী আৰু একাংশ শ্রমিক নেতাই৷

আবকাৰী বিভাগৰ চকুৰ সন্মুখতে উক্ত চক্রটোৱে জিলাখনত অৰুণাচলী সুৰাৰ এখন সুকীয়া বজাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে লকডাউনৰ সময়ছোৱাত৷ জিলাখনত প্রায়সংখ্যক বাগিচাতেই লকডাউনৰ সুযোগ লৈ অবৈধ সুৰাৰ বেহা প্রতিৰোধত চৰাইদেউ জিলাৰ আবকাৰী বিভাগ চূডান্তভাৱে ব্যর্থ হৈছে৷ তলাবন্ধৰ সময়ত চৰকাৰে প্রদান কৰা খাদ্য সামগ্রী লাভ কৰা বাগিচাৰ শ্রমিকসকলে পূবর্তকৈ অধিক সুৰা সেৱন কৰা পৰিলক্ষিত হৈছে৷ অবৈধ সুৰা ব্যৱসায়ীসকলে অৰুণাচলী সুৰাৰ লগত চুলাই সংমিশ্রণ ঘটাই এটা বটলৰ পৰা দুই–তিনিটা বটল প্রস্তুত কৰি চাহ শ্রমিকৰ মাজত দুগুণ দামত বিক্রী কৰাৰ নিমিত্তে প্রতিখন বাগিচাত ব্যৱসায়ী চক্রটোৱে কমিছন ভিত্তিত এজেণ্ট নিয়োগ কৰি আহিছে৷

তলাবন্ধৰ সময়ছোৱাত সুৰা ব্যৱসায়ীসকলে বাগিচাত বিক্রী কৰা সুৰা সেৱন কৰিবলৈ নাপাই একাংশ শ্রমিকে নিজৰ ৰেচন কার্ডকে বন্ধকত দিয়াৰ দৰে দুর্ভাগ্যজনক ঘটনা বাগিচাসমূহত সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে৷ ইমানেই নহয়, বাগিচাসমূহত থকা শ্রমিক সংগঠনৰ নেতা, গাঁওৰক্ষী বাহিনীৰ কর্মীৰ দায়িত্বজ্ঞানহীন আৰু সোপাঢ়িলা ব্যৱস্থাৰ বাবেই একাংশ শ্রমিকে খাদ্য লাভৰ বিনিময়ত লাভ কৰা চাউলৰ পৰা সাঁজপানী প্রস্তুত কৰিবাগিচাৰ কলনীত নিতৌ বিক্রী কৰাৰ ফলত বাগিচাত অপ্রকাশ্যভাৱে পোহৰলৈ নহাকৈ বহুকেইটা পাৰিবাৰিক ঘটনা সংঘটিত হৈছে৷

প্রচাৰ মাধ্যমৰ পৰা বহু নিলগত থকা চাহ শ্রমিকসকলে তলাবন্ধৰ সময়ছোৱাত বহুকেইটা পাৰিবাৰিক ঘটনাৰ দ্বাৰা নির্যাতিত হোৱা মহিলা–পুত্র–কন্যা আনৰ ঘৰত আশ্রয় লোৱা দেখা গৈছে৷  তলাবন্ধৰ সুযোগ লৈ সুৰা ব্যৱসায়ীয়ে চাহ বাগিচাত অব্যাহত ৰখা সুৰা প্রচলন ৰোধত আবকাৰীয়ে শীঘ্রে কঠোৰ ব্যৱস্থা গ্রহণ কৰাটো জৰুৰী হৈ পৰিছে৷

You might also like