সুকন্যা : বিশিষ্ট পৰিৱেশ বিজ্ঞানী ড০ পূৰবী শইকীয়াৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪
২০২৪ চনত সন্মানজনক যুৱ শান্তি স্বৰূপ ভাটনাগৰ বঁটা লাভ কৰিছিল অসম কন্যা তথা বিশিষ্ট বিজ্ঞানী ড০ পূৰবী শইকীয়াই৷ ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৰ হাতৰ পৰা তেওঁ গ্রহণ কৰিছিল এই সন্মান৷ বিজ্ঞানৰ বিভিন্ন ক্ষেত্রত চলাই থকা অসামান্য আৰু গুৰুত্বপূর্ণ গৱেষণামূলক কামৰ স্বীকৃতিস্বৰূপে প্রতিবছৰে দেশৰ নির্বাচিত কেইগৰাকীমান বিজ্ঞানীক এই বঁটা প্রদান কৰে কাউঞ্চিল অৱ ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্রিয়েল ৰিছার্চ (চিএছআইআৰ)–এ৷ সম্প্রতি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ৰূপে কর্মৰত হৈ আছে ড০ শইকীয়া৷ ২০২৫ চনত অসম চৰকাৰে প্রদান কৰা ৰাজ্যখনৰ শ্রেষ্ঠ অসামৰিক সন্মান অসম সৌৰভ বঁটাৰে বিভূষিত ড০ শইকীয়াৰ ঘৰ লখিমপুৰ জিলাৰ চিয়াজুলি বাগান গাঁৱত৷ চন্দ্রেশ্বৰ শইকীয়া আৰু আইধান শইকীয়াৰ নুমলীয়া জী ড০ পূৰবী শইকীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ ইয়াৰ পিছতে তেওঁ অৰুণাচল প্রদেশৰ ইটানগৰৰ নিৰজুলীস্থিত নর্থ ইষ্টার্ন ৰিজি’নেল ইনষ্টিটিউট অৱ ছায়েঞ্চ এণ্ড টেকন’লজীৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰে৷ ২০১৩ চনৰ পৰা তেওঁ ঝাৰখণ্ড কেন্দ্রীয় বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক ৰূপে কার্যনির্বাহ কৰাৰ পিছত যোৱা বছৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত যোগদান কৰে৷ সম্প্রতি দেশৰ বিভিন্ন খণ্ডত কাম কৰি থকা বিজ্ঞানীসকলৰ ভিতৰত ড০ শইকীয়া অন্যতম৷ এইগৰাকী প্রতিভাসম্পন্ন অসম কন্যাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰ ‘নিয়মীয়া বার্তা’ৰ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ’ল–
📌এইটোও পঢ়ক উপাসনা দাসৰ সফলতাৰ যাত্ৰা
আপোনাৰ জন্মস্থান আৰু শৈশৱ ক’ত অতিবাহিত কৰিছিল?
মোৰ ঘৰ লখিমপুৰ জিলা চিয়াজুলি বাগান গাঁৱত৷ দেউতাৰ নাম চন্দ্রেশ্বৰ শইকীয়া আৰু মা আইধান শইকীয়া৷ দেউতা এগৰাকী কৃষক আছিল যদিও আমাৰ ৮টা সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰিবলৈ তেওঁ সদায় উৎসাহিত কৰিছিল৷ আমাৰ দুগৰাকী ককাই–ভাই আৰু ছগৰাকী কন্যাৰ ভিতৰত মই আটাইতকৈ সৰু৷ চাহ বাগানৰ নৈসর্গিক সৌন্দর্যৰ মাজত আমি শৈশৱ আৰু জীৱনৰ এক দীঘলীয়া সময় অতিবাহিত কৰিছোঁ৷ সেইবাবে হয়তো মোৰ প্রকৃতিৰ প্রতি এক অনাবিল আকর্ষণ আৰম্ভ হয়৷
আপোনাৰ শৈক্ষিক জীৱন অতিশয় মেধাসম্পন্ন৷ যাৰ বাবে আপুনি পৰৱর্তী সময়ত নিজকে সর্বভাৰতীয় পর্যায়ত প্রতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে৷ আপোনাৰ শৈক্ষিক জীৱন সম্পর্কে জনাব নেকি?
মই চৰকাৰী বিদ্যালয়তে শিক্ষা জীৱন সম্পূর্ণ কৰিছোঁ৷ এখন ভেঞ্চাৰ বিদ্যালয়ত মই শিক্ষা জীৱনৰ আদিপাঠ গ্রহণ কৰিছিলোঁ৷ ভোলাৰাম প্রাথমিক বিদ্যালয় নামৰ এই বিদ্যালয়খনত আমাৰ শিক্ষাগুৰু আছিল যতীন বৰা ছাৰ৷ এই বিদ্যালয়খনৰ পৰা উত্তীর্ণ হোৱাৰ পিছত মই দীর্ঘা মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত এইখন মহাবিদ্যালয়ৰ পৰা মই উদ্ভিদ বিজ্ঞান বিভাগত অনার্ছসহ স্নাতক ডিগ্রী অর্জন কৰিছিলোঁ৷ আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই স্নাতকোত্তৰ ডিগ্রী লাভ কৰিবলৈ সক্ষম হওঁ৷ পৰৱর্তী সময়ত মই নর্থ ইষ্টার্ন ৰিজ’নেল ইনষ্টিটিউট অৱ ছায়েঞ্চ এণ্ড টেকন’লজীত প্রফেছ’ৰ এমএল খানৰ অধীনত পিএইচডি ডিগ্রী সম্পন্ন কৰোঁ৷ ২০০৭ চনত ড০ খানৰ অধীনত মই জৈৱ–প্রযুক্তি বিভাগে স্প’নচৰ কৰা এটি গৱেষণামূলক প্রকল্পক প্রথমে এগৰাকী জুনিয়ৰ আৰু পিছত ছিনিয়ৰ ৰিছার্চ ফেল’ৰ ভূমিকাত অৱতীর্ণ হৈছিলোঁ৷ এই প্রকল্পৰ মূল উদ্দেশ্য আছিল উত্তৰ–পূব ভাৰতত উদ্ভিদ সম্পদৰ মানচিত্র তৈয়াৰ কৰা আৰু সেইবোৰৰ পৰিমাণগত মূল্যায়ন কৰা৷ প্রকল্পটো উত্তৰ–পূব ভাৰতৰ ৭খন ৰাজ্যৰ লগতে ছিকিমৰ সৈতে সম্পর্কিত আছিল যদিও মই অৰুণাচল প্রদেশত ড০ খানৰ সৈতে কাম কৰিছিলোঁ৷ এই প্রকল্পৰ অংশ হ’বলৈ পোৱাটো মোৰ জীৱনৰ এক গুৰুত্বপূর্ণ দিশ আছিল৷ ২০১৩ চনত মই ঝাৰখণ্ডৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ত ১২ বছৰ পৰিৱেশ বিজ্ঞান বিভাগত শিক্ষকতা কৰিছিলোঁ৷ যোৱা বছৰ মই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত উদ্ভিদ বিজ্ঞান বিভাগত সহযোগী অধ্যাপক হিচাপে যোগদান কৰিছোঁ৷
কোনবোৰ বিষয়ে আপোনাক উদ্ভিদ বিজ্ঞানৰ প্রতি আকর্ষিত কৰিলে?
১৯৯৯ চনত মই মেট্রিক পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ সেই সময়ত ৭০–৮০ শতাংশ নম্বৰ লাভ কৰা ছাত্র–ছাত্রীয়ে বিজ্ঞান পঢ়িবই লাগিব বুলি সকলোৰে এটা ধাৰণা আছিল৷ আনহাতে, মেধাৱী ছাত্র–ছাত্রীসকলে ফিজিক্স, কেমেষ্ট্রী আৰু গণিতসহ বিজ্ঞান পঢ়াটো বিচাৰিছিল৷ কিন্তু আমাৰ কলেজৰ শিক্ষক ড০ প্রদীপ মিত্র ছাৰৰ বাবে উদ্ভিদ বিজ্ঞান পঢ়াৰ সিদ্ধান্ত লৈছিলোঁ৷ তেওঁ এই বিষয়টোৰ ভৱিষ্যতে যথেষ্ট সম্ভাৱনা থকা বুলি মোক জানিবলৈ দিছিল৷ সেইবাবে মই প্রথমে উদ্ভিদ বিজ্ঞানৰ প্রতি আকর্ষিত হৈছিলোঁ৷ আনহাতে অৰুণাচলত আমাৰ ছাৰ প্রফেছ’ৰ ড০ খানৰ সৈতে কাম কৰাৰ পিছত মোৰ আগ্রহ অধিক বৃদ্ধি পাইছিল৷ পিএইচডি কৰাৰ সময়ৰ পৰাই মই বনজ সম্পদৰ মানচিত্র তৈয়াৰ কৰাৰ প্রতি আগ্রহী হৈ উঠিছিলোঁ৷ সেই সময়ত অৰুণাচল প্রদেশৰ গৱেষণা অঞ্চলত ৩৫০ৰো অধিক গছ–গছনিৰ প্রজাতি চিনাক্ত কৰিবলৈ সক্ষম হৈছিলোঁ৷ এই প্রকল্পৰ জৰিয়তে মই যি অভিজ্ঞতা লাভ কৰিছিলোঁ তাৰ পিছত এই ক্ষেত্রখনত অধিক কাম কৰিবলৈ আগ্রহী হৈ পৰিছিলোঁ৷
আপোনাৰ ব্যক্তিগত জীৱন সম্পর্কে জনাব নেকি?
মই বিবাহপাশত আবদ্ধ হৈছোঁ অধ্যাপক অমিত কুমাৰৰ সৈতে৷ তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক৷ আমাৰ দুটি কন্যা সন্তান আছে৷ ডাঙৰজনীৰ নাম আৰহী কুমাৰ আৰু বয়স ১০ বছৰ আৰু সৰু ছোৱালী আভিক্ষা কুমাৰৰ বয়স ৩ বছৰ৷ শহুৰ আৰু শাহু আমাৰ সৈতে থাকে৷
আপুনি যোৱা বছৰ বিজ্ঞান যুৱ শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ লাভ কৰিছে৷ আনহাতে এইবাৰ আপুনি অসম চৰকাৰৰ অসম সৌৰভ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ এই সম্পর্কত আপোনাৰ অনুভৱ কেনে?
দেশৰ ৪৫ বছৰৰ অনূর্ধ্বৰ যুৱ বিজ্ঞানীসকলক তেওঁলোকৰ গৱেষণাৰ ক্ষেত্রত ‘ব্যতিক্রমী অৱদানৰ স্বীকৃতিস্বৰূপে বিজ্ঞান যুৱ শান্তি স্বৰূপ ভাটনাগৰ পুৰস্কাৰ’ প্রদান কৰা হয়৷ বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্রত অসামান্য গৱেষকসকলৰ অৱদানৰ স্বীকৃতিস্বৰূপে বিভিন্ন বিভাগত ৰাষ্ট্রীয় বিজ্ঞান পুৰস্কাৰেৰে সন্মানিত কৰা হয়৷ এই বঁটা যথেষ্ট সন্মানজনক৷ অৱশ্যে ইয়াৰ বাবে আমি আবেদন জনাবলগীয়া হয়৷ মই কৰি থকা গৱেষণাৰ কামৰ বিশদ বিৱৰণসহ এই আবেদন জনাইছিলোঁ৷ তেতিয়া মই এই সন্মানৰ বাবে নির্বাচিত হ’ম বুলি কিছু আশাও কৰিছিলোঁ৷ কিন্তু অসম চৰকাৰৰ দ্বাৰা প্রদান কৰা অসম সৌৰভ বঁটা মোৰ বাবে অনন্য৷ কাৰণ চৰকাৰে কেবিনেট বৈঠকত সিদ্ধান্ত গ্রহণ কৰি মোক অসম সৌৰভ বঁটাৰ বাবে নির্বাচিত কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মেলত এই সম্পর্কে ঘোষণা কৰাৰ লগে লগে মোক অসমৰ পৰা আত্মীয়সকলে ফোনযোগে এই খবৰ দিছিল৷ মই টিভি চাই অভিভূত হৈ পৰিছিলোঁ৷ কাৰণ মই বাহিৰত কৰি থকা গৱেষণাৰ কামৰ বিষয়ে জানি অসমৰ মানুহে মোক স্বীকৃতি প্রদান কৰিছে৷ জীৱনত আপুনি যিমানেই সফল নহওক কিয়, যেতিয়ালৈ আপুনি কৰি থকা কামৰ বিষয়ে নিজৰ ঠাইৰ মানুহখিনিয়ে নাজনে তেতিয়ালৈ কৰি থকাৰ কামৰ সার্থকতা নাথাকে৷ যেতিয়া সকলোৱে বিশেষকৈ নিজৰ সমাজখন আৰু ওচৰ–চুবুৰীয়াই মোৰ কর্মৰাজিৰ বিষয়ে জানে তেতিয়াই এই কামৰ সার্থকতা আহি পৰে৷ সেইবাবে মই অসম সৌৰভ বঁটা লাভ কৰি যি অনন্য অনুভৱ লাভ কৰিছোঁ সেয়া অন্য কোনো বঁটাৰ সৈতে তুলনা নহয়৷ অসম সৌৰভ বঁটা মোৰ বাবে মোৰ জীৱনৰ অন্যতম প্রাপ্তি৷
আপুনি এগৰাকী মহিলা হিচাপে অৰণ্যৰ মাজলৈ গৈ গৱেষণা কৰোঁতে নিশ্চিতভাৱে বিভিন্ন প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ এগৰাকী মহিলা হিচাপে আপুনি কিদৰে সেয়া সম্ভৱ কৰি তুলিছিল?
মন কৰিলেই চন৷ মহিলাই কৰিব নোৱাৰা কাম এই পৃথিৱীত একো নাই৷ অৱশ্যে মহিলা হোৱা বাবে কিছুমান ঠাইলৈ গৈ গৱেষণাৰ কাম কৰাত কিছু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়৷ কিন্তু মনৰ আগ্রহ থাকিলে আৰু কর্মৰ প্রতি স্পৃহা থাকিলে সেই অসুবিধাসমূহ দূৰ কৰিব পাৰি৷ মই এইক্ষেত্রত ৰাজ্যিক বন বিভাগৰ পৰা যথেষ্ট সহায় পাইছিলোঁ৷ গৱেষণাৰ ছাত্রী হিচাপে অৰণ্যলৈ যোৱাৰ সময়ত এই সহায় সিমান নাছিল যদিও এগৰাকী অধ্যাপক হিচাপে গৱেষণাৰ কামলৈ যাওঁতে সকলো সময়তে বন বিভাগৰ বিষয়া–কর্মীসকল সক্রিয় হৈ পৰিছিল৷ জংঘলৰ ভিতৰত পোক–পৰুৱাৰ পৰা আৰম্ভ কৰি জীৱ–জন্তু আৰু বিষাক্ত সর্পৰ সন্মুখীন হ’বলগীয়া হয়৷ এনে সমস্যাসমূহ পুৰুষৰ দৰে মহিলায়ো মনৰ জোৰেৰে সমাধান কৰিব পাৰে৷
আপুনি অসমীয়া মাধ্যমত আৰু চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষা গ্রহণ কৰি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ দৰে দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানত পাঠদান কৰি আছে৷ এইক্ষেত্রত আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি?
শিক্ষাৰ ক্ষেত্রত মাধ্যম কেতিয়াও অন্তৰায় হ’ব নোৱাৰে৷ জ্ঞান অর্জনৰ প্রতি হেঁপাহ নাথাকিলে ইংৰাজী মাধ্যমত অধ্যয়ন কৰিলেও ইংৰাজী শিকিব নোৱাৰিব পাৰে৷ আনহাতে আগ্রহ থাকিলে আৰু অধ্যৱসায় থাকিলে অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্র–ছাত্রীয়েও জীৱনত সফলতা অর্জন কৰিব পাৰে৷ আমাৰ সমাজত এই উদাহৰণ যথেষ্ট আছে৷ মই এখন ভেঞ্চাৰ স্কুলত শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ আৰু লখিমপুৰৰ ভিতৰুৱা অঞ্চলৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষা সম্পন্ন কৰিছোঁ৷ তদুপৰি উচ্চ শিক্ষাও মই অসমতে গ্রহণ কৰিছোঁ৷ অসমৰ নিচিনা শিক্ষা গ্রহণ কৰা উপযুক্ত শিক্ষানুষ্ঠান হয়তো দেশত কোনো স্থানতে পোৱা নাযাব৷ মোৰ সৰুৰে পৰা ইংৰাজী শিকাৰ বাবে যথেষ্ট আগ্রহ আছিল৷ এই আগ্রহ আৰু অধ্যৱসায়ৰ বাবেই মই ঝাৰখণ্ড কেন্দ্রীয় বিশ্ববিদ্যালয় আৰু সম্প্রতি বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত হেলাৰঙে হিন্দী আৰু ইংৰাজী মাধ্যমত শিক্ষা গ্রহণ কৰা ছাত্র–ছাত্রীক পাঠদান কৰি আছোঁ৷
অসমত দ্রুতগতিত চলি থকা বন ধ্বংসযজ্ঞই জলবায়ুৰ পৰিৱর্তনত প্রভাৱ পেলাইছে৷ তদুপৰি জধে–মধে জংঘল নির্মূল কৰাৰ বাবেই ভৱিষ্যৎ প্রজন্মৰ মাজলৈ এক অনিশ্চিত আশংকা আহি আছে৷ এইক্ষেত্রত আপুনি কি ক’ব?
জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে বনাঞ্চলৰ ওপৰত মানুহৰ ধ্বংসযজ্ঞ চলাটো স্বাভাৱিক৷ কাৰণ জনসংখ্যা যিদৰে বৃদ্ধি পাইছে সেই অনুপাতে বনাঞ্চলৰ বৃদ্ধি হোৱা নাই৷ তদুপৰি আধুনিক প্রযুক্তিৰ জৰিয়তে বন ধ্বংস কৰি বিভিন্ন বাট–পথকে ধৰি উদ্যোগ আদি গঢ়ি তোলা হৈছে৷ কেৱল এয়াই নহয়, একাংশ অসাধু লোকে চোৰাংকৈ গছ–বন কাটি ব্যক্তিগত লাভালাভৰ বাবে বন ধ্বংসত নামি পৰিছে৷ ইয়াৰ বিপৰীতে বৃক্ষৰোপণৰ পৰিৱর্তে মানুহৰ আগ্রহ হ্রাস পাইছে৷ ফলত বন ধ্বংসৰ প্রতিকূল প্রভাৱ জলবায়ুৰ ওপৰত পৰা পৰিলক্ষিত হৈছে৷ এনেদৰে বন ধ্বংস কৰিলে ভৱিষ্যৎ প্রজন্ম তিল্তিল্কৈ মৃত্যুৰ দিশে আগবাঢ়িব৷ এইক্ষেত্রত চৰকাৰে কঠোৰ আইন প্রণয়ন কৰাৰ প্রয়োজন আহি পৰিছে৷ গছ কাটিলে বৃহৎ পৰিমাণৰ জৰিমনাৰ ব্যৱস্থা কৰিব লাগিব৷ এই আইন সকলো শ্রেণীৰ লোকৰ ওপৰত প্রযোজ্য হ’ব লাগিব৷ তেতিয়াহে বন ধ্বংস প্রতিৰোধ কৰা সম্ভৱপৰ হ’ব৷
আপোনাৰ জীৱনত সর্বাধিক প্রভাৱ পেলোৱা ব্যক্তি বুলি ক’লে কাৰ কথা মনলৈ আহে?
মোৰ জীৱনত আটাইতকৈ অধিক প্রভাৱ পেলোৱা ব্যক্তিগৰাকী হৈছে মোৰ দেউতা৷ মই এইপর্যন্ত লগ পোৱা ব্যক্তিসকলৰ ভিতৰত দেউতা হৈছে শ্রেষ্ঠ গণিতজ্ঞ৷ দেউতাৰ এখন গেলামালৰ দোকান আছিল৷ দোকানৰ সকলো হিচাপ তেওঁৰ আঙুলিৰ মূৰত ৰাখিব পাৰিছিল৷ আমাৰ দুই ককাই–ভাইকে ধৰি আঠটা সন্তানৰ সমৃদ্ধ ঘৰখন দেউতাই কৃষিকর্মৰে নিয়াৰিকৈ চলাইছিল৷ এইক্ষেত্রত দেউতাক সহায় কৰিছিল আমাৰ মায়ে৷ আমাৰ মায়ে চতুর্থ শ্রেণীলৈ আৰু দেউতাই অষ্টম শ্রেণীলৈ পঢ়িছিল৷ কিন্তু সন্তানসকলক পঢ়া–শুনা কৰি সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ চেষ্টাৰ ত্রুটি কৰা নাছিল৷ পুৱা–গধূলি আমি সকলোৱে পঢ়া–শুনা কৰাটো তেওঁলোকে বিচাৰিছিল৷ দেউতাই ঘৰখনৰ সকলো ব্যয় বহন কৰিছিল আৰু মায়ে ঘৰ চম্ভালিছিল৷ পঢ়া–শুনাৰ ক্ষেত্রত দেউতা কঠোৰ আছিল৷ আনকি স্কুলৰ পৰা আহি নপঢ়িলে সন্ধিয়া টিভি চাবলৈ অনুমতি দিয়া নাছিল৷ দেউতাৰ পঢ়া–শুনাৰ প্রতি আগবঢ়োৱা সমর্থনৰ বাবে আমি আটাইকেইগৰাকী বাই–ভনী সমাজত প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছোঁ৷
অৰণ্য সম্পর্কে আপোনাৰ ধাৰণা কেনে?
অৰণ্য আমাৰ জীৱিকাৰ অন্যতম পথ৷ যিসকলে গছৰ সৈতে ডাঙৰ–দীঘল হৈছে তেওঁলোকেহে গছ বা প্রকৃতিক ভাল পাব পাৰে৷ প্রকৃতিৰ পৰাই আমি অধিক খাদ্য আহৰণ কৰোঁ৷ শাক–পাচলিৰ পৰা কচুলৈকে আৰু বিভিন্ন ফল আমি গছ–গছনিৰ পৰাই পাওঁ৷ সেইবাবে মোৰ দৃষ্টিত আমাৰ জন্মদাত্রী৷ তদুপৰি উত্তৰ–পূর্বাঞ্চল দেশৰ উদ্ভিদ বিজ্ঞানৰ হাবস্বৰূপ৷ উদ্ভিদ বিজ্ঞানৰ গৱেষণা বুলি ক’লে উত্তৰ–পূর্বাঞ্চলক বাদ দি সেয়া সম্ভৱ নহয়৷ উত্তৰ–পূবৰ অৰণ্যত যিমান প্রজাতিৰ উদ্ভিদ আছে, সেয়া ক’তো পোৱা নাযায়৷ উত্তৰ–পূর্বাঞ্চলত বৰষুণৰ পৰিমাণ অধিক হোৱাৰ বাবেই বিভিন্ন প্রজাতিৰ উদ্ভিদ এই অঞ্চলত পোৱা যায়৷ কিন্তু নতুন প্রজন্মই গৱেষণাগাৰত বহি গৱেষণা কৰি ভাল পায়৷ তেওঁলোকে অৰণ্যৰ মাজলৈ গৈ গৱেষণা কৰাটো কষ্টসাধ্য বুলি ভাবে৷ হয়তো আমি নতুন প্রজন্মক গৱেষণাৰ বাবে অৰণ্যলৈ আকর্ষিত কৰিব পৰা নাই৷ প্রকৃতিৰ প্রতি ভাল পোৱা বৃদ্ধি পালে প্রকৃতি সংৰক্ষণ সম্ভৱ হ’ব৷
📌লগতে পঢ়ক ভাৰত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, শক্তিধৰ ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব ৪০খন বিপজ্জনক যুঁজাৰু বিমান
গৱেষণাৰ বাবে মেধাৰ কিমান প্রয়োজন বুলি আপুনি ভাবে? আপোনাৰ ভৱিষ্যৎ পৰিকল্পনা সম্পর্কে জনাব নেকি?
পঢ়া–শুনাৰ বাবে মেধাৰ প্রয়োজন৷ কিন্তু গৱেষণাৰ বাবে মেধাতকৈও আগ্রহ, কঠোৰ পৰিশ্রম কৰাৰ ক্ষমতা আৰু অধ্যৱসায়ৰ অধিক প্রয়োজন৷ গৱেষণাত সফলতা লাভ কৰাৰ এয়াই মূলমন্ত্র৷ মই কেতিয়াও গৱেষণাক পেছা হিচাপে গ্রহণ কৰা নাই৷ মোৰ এই বিষয়টোৰ প্রতি থকা গভীৰ আগ্রহৰ বাবে গৱেষণা অব্যাহত ৰাখিছোঁ৷ যিমান দিনলৈ সম্ভৱ মই উদ্ভিদৰ ওপৰত গৱেষণা অব্যাহত ৰাখিম৷ মই সময়তকৈ আগতে কাম কৰি ভাল পাওঁ৷ মোৰ সৰুৰ পৰাই সেয়া অভ্যাস৷ ভৱিষ্যতে মই তেনেদৰেই কাম কৰি যাম৷