সুকন্যা : ঐতিহাসিক শিৱসাগৰ
কন্দৰ্প বড়ো
শিৱসাগৰ চহৰ গুৱাহাটীৰ পৰা উত্তৰ-পূবে প্ৰায় ৩৬৯ কি মি দূৰত্বত অৱস্থিত। অসমৰ এখন ঐতিহাসিক চহৰ। সূদীৰ্ঘ ৬০০ বছৰ কাল অসমত শাসন কৰা আহোমসকলৰ ৰাজধানী আছিল শিৱসাগৰ। যাৰ পুৰণি নাম ৰংপুৰ বা কলংচুপাৰ। ইংৰাজ আগমনৰ পূৰ্বেই ছশ বছৰতকৈও অধিক সময় অসমত শাসন কৰা শক্তিশালী আহোমসকলৰ ৰাজধানী আছিল বৰ্তমানৰ শিৱসাগৰ। আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ। কাৰেং ঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ । চাওলুং চুকাফাই ১২২৮ খ্ৰীষ্টাব্দত চীনদেশৰ দেহ’ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্তৰ (পূৰ্বৰ পূব মু’ঙ মাও) পৰা আহি পাটকাই পৰ্বতেদি অসমৰ তিনিচুকীয়া জিলাত প্ৰৱেশ কৰিছিল । চুকাফাই প্ৰথম ৰাজ্য স্থাপন কৰোঁতে এই ৰাজ্যক ‘মুঙ ডুন চুন্ খাম’ বুলি কৈছিল। যাৰ অসমীয়া অৰ্থ হল ‘সোণোৱালী শইচৰ দেশ’ (Country of Golden Crops) নাম দিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত অসম ৰাজ্যৰ প্ৰতিষ্ঠা কৰি, ১২৫৩ চৰাইদেউ’ত স্থায়ীকৈ ৰাজধানী পাতে। ৬০০ বছৰ শাসন কৰা আহোমসকল ইতিহাসৰ পাতত শুবেই বিৰল । আহোম শাসন কালত নিৰ্মাণ কৰা উল্লেখযোগ্য কীৰ্তিচিহ্ন হৈছে–
(১) ৰংঘৰ – ৰংঘৰ হ’ল এটা দুমহলীয়া ঐতিহাসিক ইটাৰে নিৰ্মাণ কৰা গৃহ, যাক আহোম শাসনকালত পেভেলিয়ন (Pavilion) হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পৰাই এসময়ত ৰাজ-পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম’হ যুঁজ, শেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। ৰংঘৰ এছিয়াৰ মহাদেশৰ প্ৰথমটো এম্ফিথিয়েটাৰ (Amphitheatre)। এই ঘৰটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত প্ৰমত্ত সিংহৰ (চুচেনফা; ১৭৪৪-১৭৫১) শাসনকালত শিৱসাগৰৰ ওচৰৰ ৰংপুৰত নিৰ্মাণ কৰা পেভেলিয়ন ৰংঘৰ। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত (১৬৯৬-১৭১৪) এই ভৱনটো প্ৰথমে বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তীকালত স্বৰ্গদেউ প্ৰমত্ত সিংহই ইটাৰে পুনৰ নিৰ্মাণ কৰে। ৰংঘৰ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ পৰা ৩ কি মি’ৰ দূৰত আৰু অসম ট্ৰাংক ৰোডৰ কাষত অৱস্থিত এইখন ৰংপুৰ প্ৰাসাদৰ উত্তৰ-পূব দিশত অৱস্থিত, যিটো তলাতল ঘৰ আৰু কাৰেং ঘৰক সামৰি লোৱা প্ৰায় পাঁচ মহলীয়া ৰজাঘৰীয়া ৰাজপ্ৰাসাদীয় অঞ্চল। ৰংঘৰ’ক Colosseum of the East বুলিও কোৱা হয়।
(২) কাৰেংঘৰ বা গড়গাঁও ৰাজপ্ৰসাদ – শিৱসাগৰ চহৰৰ পৰা ১৫ কি মি দূৰত্বত গড়গাঁৱত অৱস্থিত। কাৰেংঘৰ আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। প্ৰথমে স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকাল, ১৭৫১ খ্ৰীষ্টাব্দলৈকে ইয়াক কাঠেৰে নিৰ্মাণ কৰা হৈছিল। ১৭৫২ খ্ৰীষ্টাব্দত কাৰেং ঘৰটো বেয়াকৈ ক্ষতি হোৱাৰ ফলত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ’ই (১৭৫১–১৭৬৯ দ্বাৰা বৰ্তমানৰ সাতমহলীয়া গঠন হিচাপে পুনৰ নিৰ্মাণ কৰা হয়। ই আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। ঘৰটোৰ দুমহলা মাটিৰ তলত আৰু পাঁচমহলা ওপৰত। মিৰজমুলাই অসম আক্ৰমণ কৰিবলৈ আহোতে তেওঁৰ লগত অহা বৰকাকতীয়ে লিখিছিল- “গড়গাঁৱৰ ৰাজকাৰেঙৰ নিচিনা কটকটীয়া, ধুনীয়া আৰু নানান কাৰুকাৰ্যৰে সুশোভিত ঘৰ গোটেই পৃথিৱীতে বিৰল।” প্ৰথম অৱস্থাত বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰা এটা প্ৰকাণ্ড চাংঘৰ আছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহই কাৰেং ঘৰ নিৰ্মাণৰ দায়িত্ব লৈছিল যদিও বৰ্তমানৰ গাঁথনিটো ৰাজেশ্বৰ সিংহই (সুৰেম্ফা) নিৰ্মাণ কৰিছিল। ১৭৫১ কাৰেংঘৰ বা গড়গাঁও ৰাজপ্ৰসাদ গঠন কাঠ আৰু শিলেৰে নিৰ্মাণ কৰা হৈছিল। ১৭৫১ চনত সুখৰুংফাৰ (স্বৰ্গদেউ ৰুদ্ৰ সিংহ) পুত্ৰ সুনেনফাই (স্বৰ্গদেউ প্ৰমত্ত সিংহ) গড়গাঁও প্ৰাসাদ আৰু তালৈ যোৱা শিলৰ দুৱাৰখনক আগুৰি প্ৰায় ৫ কি মি দৈৰ্ঘ্যৰ ইটাৰ দেৱাল নিৰ্মাণ কৰে। কাৰেং ঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে তাঁতীৰ গড় সাজিছিল। গড়ৰ কিছু দূৰত্বত চৌদিশে হাতী আৰু মাউতে তল যোৱাকৈ দ খাৱৈ খান্দিছিল। এই খালত বাৰমাহেই পানী আছিল। শত্ৰুপক্ষৰ পৰা ৰাজপ্ৰসাদটো ৰক্ষা কৰাৰ বাবে এনে খাল খান্দি ৰাখিছিল।
(৩) তলাতল ঘৰ : শিৱসাগৰ চহৰৰ পৰা পৰা ৩ কি মি দূৰত্বত অৱস্থিত ৰংপুৰ নগৰত থকা তলাতল ঘৰটো আহোমৰ সামৰিক ঘাটি আছিল। আহোম যুগত নিৰ্মিত স্মৃতিসৌধৰ ভিতৰত ই আটাইতকৈ ডাঙৰ। বৰ্তমানৰ কেইবামহলীয়া তলাতল ঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত ১৭৫১-১৭৬৯ চনৰ ভিতৰত সাজি উলিওৱা হৈছিল। তেৱেঁই মাটিৰ তলত তলাতল ঘৰ নামৰ তিনিটা মহল যোগ দিয়ে। ইয়াৰ স্থাপত্যৰ সমসাময়িক মোগলসকলৰ মিল আছে । তলাতল ঘৰত মাটিৰ তলত দুটা গোপন সুৰংগ আছিল। তাৰে এটাৰ দৈৰ্ঘ্য আছিল প্ৰায় ৩ কি মি, যি দিখৌ নৈৰ লগত সংযোগী আছিল। প্ৰায় ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আনটো সুৰংগই তলাতল ঘৰক গড়গাঁৱৰ কাৰেংঘৰৰ লগত সংযোগ কৰিছিল। শত্ৰুৰ আক্ৰমণত আত্মগোপন কৰাৰ বাবে এইকেইটা নিৰ্মাণ কৰা হৈছিল। প্ৰথমতে ইয়াক সেনা ঘাটি হিচাপে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ ২টা সুৰংগ আৰু ৩টা মাটিৰ তলৰ মহলা আছিল। স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৭০৭ খ্ৰীষ্টাব্দত (তেতিয়া টেংগাবাৰী নামেৰে জনাজাত) গড়গাঁৱৰ পৰা ৰংপুৰলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। তেওঁ তলাতল ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও প্ৰথম অৱস্থাত অৰ্ধস্থায়ী সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছিল। তেওঁ বিশেষকৈ কোঁচবিহাৰৰ পৰা ঘনশ্যাম নামৰ এজন স্থপতিবিদক আনিছিল, যাক তেওঁ মুখ্য স্থপতি হিচাপে নিযুক্তি দি, নতুন ৰাজধানী চহৰ ৰংপুৰৰ নক্সাৰ দায়িত্ব অৰ্পণ কৰিছিল। পিছলৈ তেওঁৰ উত্তৰাধিকাৰী ৰজা ৰাজেশ্বৰ সিংহই ইটাৰ ডাঙৰ সংযোজনেৰে তলাতল ঘৰ নিৰ্মাণ কৰে। বৰ্তমান উন্মুক্ত ওপৰৰ মহলাটোত কাঠ আৰু অন্যান্য অস্থায়ী সামগ্ৰীৰে নিৰ্মিত পূৰ্বৰ কোঠা আছিল, যিবোৰ মোৱামাৰিয়া বিদ্ৰোহ, বাৰ্মিজ আক্ৰমণৰ সময়ত আৰু ব্ৰিটিছে জ্বলাই দিছিল। ৰাজপ্ৰসাদটো ৭ মহলীয়া আছিল, ইয়াৰে ৪ মহলীয়া ওপৰ ভাগত দেখা যায় আৰু বাকী ৩ মহলীয়া যিবোৰ মাটিৰ তলত আছিল সেইবোৰ ইংৰাজ শাসনকালত বন্ধ কৰি দিয়া হৈছিল। ইয়াত দুটা গোপন সুৰংগ আছে, আৰু মাটিৰ তলত তিনিটা মহলা আছে যিবোৰ আহোমসকলে যুদ্ধৰ সময়ত অন্য ৰাজ্য বা শত্ৰুৰ আক্ৰমণৰ সময়ত প্ৰস্থান পথ হিচাপে ব্যৱহাৰ কৰা হৈছিল। মাটিৰ মহলাটো ঘোঁৰাৰ গোহালি, ভঁৰাল ঘৰ আৰু, চাকৰৰ কোঠা হিচাপে ব্যৱহাৰ কৰা হৈছিল। ৰজাঘৰীয়া কোঠাবোৰ ওপৰৰ মহলাত আছিল যিবোৰ এতিয়া অৰ্ধস্থায়ী সামগ্ৰীৰে নিৰ্মিত হোৱাৰ বাবে বহু পৰিমাণে নষ্ট হৈ গৈছে। কাৰেঙৰ প্ৰৱেশদ্বাৰ আৰু ওপৰত কিছুমান জীয়াই থকা ফুলৰ ধ্বংসাৱশেষ মাটিৰ তলৰ তিনিটা মহলা যোগ কৰিলে। এইটো ইটা আৰু থলুৱা প্ৰকাৰৰ চিমেণ্ট অৰ্থাৎ বৰা চাউলৰ মিশ্ৰণ, চাউলৰ শস্যৰ আঠাযুক্ত জাত, হাঁহৰ কণী ইত্যাদিৰে তৈয়াৰ কৰা হয়। তলাতল ঘৰত দুটা গোপন সুৰংগ আছিল। প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা তলাতল ঘৰক দিখৌ নদীৰ সৈতে সংযোগ কৰিছিল, আনহাতে আনটো গড়গাঁও প্ৰাসাদলৈ। কাৰেং ঘৰটো মূলতঃ কাঠেৰে নিৰ্মাণ কৰা হৈছিল, যিটো সময়ৰ লগে লগে নষ্ট হৈ গৈছিল। ওপৰৰ মহলাত ৰাজকীয় কোঠাবোৰ আছিল, যাৰ ভিতৰত এতিয়া মাত্ৰ কেইটামান কোঠাহে বাকী আছে, উত্তৰ ডেউকাৰ এটা অষ্টভুজ কোঠাৰ ওচৰত যিটোৱে এসময়ত প্ৰাৰ্থনা ঘৰ হিচাপে কাম কৰিছিল। চিৰিৰ উত্তৰ দিশত মন্ত্ৰনঘৰ আৰু তাৰ পূবে বৰচ’ৰা যিটো ইয়াৰ ওচৰতে বাঁহ আৰু কাঠৰ খুঁটাৰে নিৰ্মিত আছিল, গান্ধিয়া বৰুৱাৰ অধীনত ঘণ্ডিয়া ভৰাল নামৰ ৰাজকীয় পুৰালেখ আছিল আৰু গান্ধিয়া ফুকন। পূবে ন্যায়-সোধা-ফুকন (মুখ্য ন্যায়াধীশৰ আদালত), দক্ষিণে ভিতৰুৱাল ফুকন (গোপন বিধানসভা)। দক্ষিণে এটা বিচ্ছিন্ন কোঠা থিয় হৈ আছে যিটো ৰাণীয়ে বন্দীত্বৰ সময়ত ব্যৱহাৰ কৰিছিল বুলি ধাৰণা কৰা হৈছে। দক্ষিণ-পশ্চিমে আন এটা বিচ্ছিন্ন কোঠা থিয় হৈ আছে, সম্ভৱতঃ ৰাজকীয় পাকঘৰ। ৰাজপ্ৰসাদৰ ভিতৰ আৰু বাহিৰৰ অংশত এসময়ত চিকাৰৰ দৃশ্য, ফুলৰ ছবি, দেৱ-দেৱীৰ ত্ৰাণ পোৱা সুন্দৰকৈ খোদিত কৰা হৈছিল। তলৰ মহলাত ঘোঁৰাৰ গোহালি ৰংপুৰ প্ৰাসাদটো এসময়ত ইটাৰ দুৰ্গ আৰু পানীৰে ভৰা বান্ধযুক্ত মাটিৰ গড় আগুৰি আছিল।
ফোনঃ ৮৮৭৬০৪১৩৮৬