সুকন্যা : ড০ মালিনী গোস্বামীৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণ : কুমুদ তালুকদাৰ
ফোন : ৮৬৩৮৪–১৪৯৫৪
ফটো : দিব্যজ্যোতি ৰাভা
অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপিকা, সংস্কৃত ভাষা–সাহিত্যৰ গৱেষক–পণ্ডিত ড০ মালিনী গোস্বামীয়ে অসমীয়া সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াই আহিছে৷ যোৰহাটৰ গৌৰাংগ সত্রৰ জীয়ৰী ড০ গোস্বামী প্রয়াত পদ্মেন্দ্র নাৰায়ণ গোস্বামী আৰু নলিনী গোস্বামীৰ কন্যা৷ যোৰহাট বাল্যভৱনৰ পৰা মেট্রিক, জেবি কলেজৰ পৰা প্রাকবিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী আৰু ১৯৮৮ চনত পিএইচডি ডিগ্রী লাভ কৰা ড০ গোস্বামীয়ে ৰঙিয়া কলেজত চাৰি বছৰ অধ্যাপনা কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্রহণ কৰে৷ যোৰহাটত অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে কার্যনির্বাহ কৰা ড০ গোস্বামীয়ে এইপর্যন্ত ৩৬খন মননশীল আৰু গৱেষণাধর্মী গ্রন্থ লিখিছে৷ ইয়াৰ ভিতৰত মৃচ্ছকটিকমীমাংসা, ৰঘুৰপি কাব্যম্, অসমত সংস্কৃত চর্চাৰ ইতিহাস, পাঠ সমীক্ষা, সংস্কৃতায়ন, শ্রুতিভাৰতী, বাণভট্ট, বিৰচিত হর্ষচৰিত, শ্রীমদ্ভাগৱদপুৰাণ শ্রীধৰ স্বামীৰ ভাগৱত ভাবার্থ দীপিকা টীকা সহিত, আধুনিক অসমীয়া কবিতাৰ তিনিটা স্তৰ, আনন্দৰাম বৰুৱা, শ্রীধৰস্বামীৰ টীকা সুবোধিনীসহিত শ্রীমদ্ভগৱদগীতা, সংস্কৃত সাধনা, ভাগৱত ৱিভূতি, কৃষ্ণকান্ত সন্দিকৈ আদি অন্যতম৷ হর্ষচৰিতৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা এইগৰাকী বিশিষ্ট সাহিত্যিকৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সম্পাদিত ৰূপ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ’ল–
আপুনি এগৰাকী অত্যন্ত মেধাৱী ছাত্রী আছিল৷ ইচ্ছা কৰা হ’লে আপুনি যিকোনো বিষয়ত উচ্চ শিক্ষা গ্রহণ কৰিব পাৰিলেহেঁতেন৷ ইয়াৰ পিছতো আপুনি কিয় সংস্কৃত সাহিত্যৰ প্রতি অনুৰাগী হৈ পৰিছিল?
আমাৰ সত্রৰ ঘৰখনত সংস্কৃতৰ চর্চা আছিল৷ বৰককা পণ্ডিত হেমচন্দ্র গোস্বামী আৰু ককা সাহিত্য ভূষণ গোলাপ চন্দ্র গোস্বামীৰ কিতাপবোৰ ঘৰত সৰুৰে পৰা দেখিছোঁ৷ পিছে বিশিষ্ট পণ্ডিত ড০ মুকুন্দ মাধৱ শর্মা আৰু ড০ অশোক কুমাৰ গোস্বামীৰ উদ্গনিতহে সংস্কৃতত মেজৰ পঢ়াৰ সিদ্ধান্ত লৈছিলোঁ৷ অন্যথা মই অর্থনীতিত বিশ্ববিদ্যালয়ৰ সর্বোচ্চ নম্বৰ পোৱা বুলি সেই বিষয়কে পঢ়িলোঁহেঁতেন৷
বর্তমান সময়ৰ সংস্কৃত ভাষা–সাহিত্যৰ গভীৰ চর্চা আৰু গৱেষণা কৰা ব্যক্তিসকলৰ কথা ক’লে আপোনাৰ নামটো প্রথমে মনলৈ আহে৷ আপোনাৰ এই বিদ্যায়তনিক যাত্রা কিদৰে আৰম্ভ হৈছিল?
স্কুলত পঢ়ি থকা সময়ত সকলোৱে আখৰ মিলাই মিলাই মনে মনে বাহিৰা বহীত কবিতা লিখাৰ দৰে ময়ো কিছুমান কবিতা লিখিবলৈ লৈছিলোঁ৷ ইয়াৰে কিছু কবিতা জনমভূমি, অসমবাণীৰ অকণিৰ চ’ৰাত প্রকাশ পোৱাৰ পিছত ১৯৭১ চনত অসম সাহিত্য সভাৰ চেমনীয়া গল্প প্রতিযোগিতাত মোৰ ‘বন্ধন’ নামৰ গল্প এটিয়ে প্রথম পুৰস্কাৰ লাভ কৰিছিল৷ ‘কিশোৰ’ নামৰ সাহিত্য সভাৰ চেমনীয়া মুখপত্রখনত গল্পটো প্রকাশ হৈছিল৷ তাকে আমাৰ বিভাগৰ ড০ প্রাঞ্জল শর্মা বশিষ্ঠই কেইদিনমান আগতে মালিনী বাইদেউৰ ক্লাছ টেনত লিখা গল্প বুলি ফেচবুকত দিছিল৷ ইয়াৰ পিছত জেবি কলেজৰ আলোচনীত আৰু ৰচনা প্রতিযোগিতাৰ বাবে দুই–এটা গধুৰ বিষয়ত পঢ়া–শুনা কৰি লিখাৰ অভ্যাস হ’ল৷ লাহে লাহে সংস্কৃত, অসমীয়া, ইংৰাজী বিষয়ৰ প্রয়োজনীয় যেন লগা বিষয়ত লিখা আৰম্ভ হ’ল৷ তাগিদাত, নিমন্ত্রণত, প্রয়োজনত, নিজৰ আগ্রহত ইত্যাদি হেতুৱে হেঁচা দিলে, লগতে দুই–চাৰিখন গ্রন্থ লিখিবলৈ মনো গ’ল৷ লোকে দিয়া দায়িত্বও আহিল৷ এনেকৈ পঢ়া, ভবা, চিন্তা কৰা, খণ্ডন, মণ্ডন কৰা কাম চলি আছে কাগজ–কলমেৰে৷ পিছে লেখিকা বুলি নহয়৷
আপুনি এগৰাকী মননশীল লেখিকা হিচাপে অসমীয়া সাহিত্যলৈ প্রভূত বৰঙণি আগবঢ়াই আহিছে৷ ইয়াৰ বাবে কোনবোৰ দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্রয়োজন বুলি আপুনি ভাবে?
মননশীল লেখকৰ জনপ্রিয়তাও নাই আৰু আদৰো নাই৷ মননশীল লেখক এজনৰ বাবে সবাতোকৈ প্রয়োজনীয় দিশটো হৈছে বিষয় নির্বিশেষে গভীৰ অধ্যয়ন৷ বিষয়ৰ ওপৰত ফ’কাছ৷ তদুপৰি গভীৰ আৰু পদ্ধতিগত চিন্তনৰো প্রয়োজন৷ প্রতিষ্ঠিত তত্ত্বৰ প্রতি সন্মান ইত্যাদি অভ্যাস কৰি ল’ব পাৰিলে ভাল৷ মই গৱেষক ছাত্রসকলক সদায় এটা কথাই কৈ থাকোঁ যে কুঁৱা খান্দা, পুখুৰী নাখান্দিবা৷ কুঁৱা যিমান গভীৰ হ’ব সিমানে চাফা পানী পাবা৷ সিদ্ধান্তক আকৌ পৰীক্ষা কৰা৷ নিজৰ এক দৃষ্টিভংগী গঢ়ি তোলা৷ সৎ আৰু সাহসী হোৱা৷ মই নিজেও সেই কথা বিশ্বাস কৰোঁ– অৱশ্যে সফল হ’ব পাৰিছোঁ নে নাই নাজানো৷
আপুনি সংস্কৃত সাহিত্যৰ লগতে অসমীয়া সাহিত্যত বিভিন্ন গৱেষণা অব্যাহত ৰাখিছে৷ বাতৰিকাকততো চিন্তাগধুৰ লেখাৰে অসমৰ পঢ়ুৱৈ সমাজক বহু চিন্তাশীল বিষয়ৰ অভিজ্ঞতা প্রদান কৰিছে৷ এইক্ষেত্রত আপুনি কেনেদৰে অনুপ্রাণিত হৈছিল?
আচলতে কাকত–পত্রত লিখা–মেলাৰ বাবে মোক অনুপ্রাণিত কৰিছিল শ্রদ্ধেয় হোমেন বৰগোহাঞিদেৱে৷ আগতে প্রকাশ, গৰীয়সী, সূত্রধাৰ আদিত দুই–এটা প্রবন্ধ প্রকাশ পাওঁতেই এদিন কথা প্রসংগত তেখেতে কৈছিল– এইবোৰ কথা আমাৰ নিচিনা মানুহে জানিব নালাগে নেকি? সাধাৰণ মানুহকো বেদ–পুৰাণৰ কথা জনালেহে সমাজখনৰ সকলো স্তৰৰ পাঠকক সহায় কৰা হ’ব৷ ইয়াৰ বাবে মাজে মাজে মোক আৰু মোৰ স্বামীলৈ ফোন কৰি সোঁৱৰাই দিছিল৷ তেনেকৈ আমাৰ অসমৰ পৰিপূৰিকা ‘পূর্বাচল’ত মই উপনিষদৰ আধাৰত এলানি ৰচনা লিখিছিলোঁ৷ বাট দেখুওৱাৰ বাবে বৰগোহাঞিদেৱৰ প্রতি মই সদায় কৃতজ্ঞ৷
আপুনি গীতা আৰু ভাগৱত পুৰাণ সংস্কৃতৰ পৰা অনুবাদ কৰিছে৷ এই কর্ম আপোনাৰ সাহিত্যিক জীৱনৰ অন্যতম কীর্তিস্তম্ভ৷ শেহতীয়াভাৱে ‘ভাগৱত–ৱিভূতি’ নামৰ এখন গ্রন্থ প্রণয়ন কৰিছে৷ এই সম্পর্কে আপুনি ক’ব নেকি?
মোৰ পঢ়ি উঠি ভাবি থাকিবলৈ ভাল লগা গ্রন্থবোৰৰ ভিতৰত ভাগৱতো এখন৷ ধর্মতকৈ অতিৰিক্ত বহু বিষয় কিতাপখনত পোৱা যায়৷ ভাৰতৰ ইতিহাসৰ এছোৱা দুঃসময়ৰ সংবাদ তাৰ মাজত বিচাৰি পোৱা যায়৷ ভাৰতত চর্চিত বহু জ্ঞান–বিজ্ঞানৰ কথা, ভাৰতীয়সকলৰ সংস্কৃতি, চৰিত্র আদিও এই গ্রন্থখনে নিয়ন্ত্রণ কৰি আছে৷ কেৱল বিচাৰি লৈ সেই জ্ঞানৰাশিক মান্যতা দিব লাগে৷ ২০১৫ চনত শ্রীধৰস্বামীক টীকাৰে সৈতে ভাগৱত আৰু গীতাৰ অনুবাদ আৰু ব্যাখ্যা প্রকাশ পোৱাৰ সময়ত উদ্দেশ্য আছিল যে শ্রীশংকৰদেৱে প্রতিষ্ঠা কৰা অসমৰ বৈষ্ণৱ ধর্মৰ ভেটিটোত শ্রীধৰস্বামীৰ ‘দীপিকা’ৰ আৰু ‘সুবোধিনী’ৰ প্রভাৱ আছে৷ সেই কথা শ্রীশংকৰদেৱে নিজে বাৰে বাৰে স্বীকাৰ কৰি গৈছে৷ শংকৰদেৱক জানিবলৈ হ’লে শ্রীধৰস্বামীৰ ৰচনা জনাটো প্রয়োজন৷ তদুপৰি আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল ‘ৱ’ আৰু ‘য়’ আখৰটোৰ যথাযথ প্রয়োগ নোহোৱাকৈ বজাৰত পোৱা সংস্কৃত পাঠবোৰ মুঠেই নির্ভৰযোগ্য নহয় বাবেই যিমান পাৰি সাৱধানতাৰে পূর্বভাৰতীয় পাঠ শাখা এটি নিৰূপণ কৰিবলৈ চেষ্টা কৰি শ্রীমদ্ভাৱগদপুৰাণ শ্রীধৰ স্বামীৰ দীপিকাৰে সৈতে সম্পাদনা আৰু সাৰ, টোকা দিছিলোঁ৷ গীতাখনৰ ক্ষেত্রতো একে নীতি আছিল যদিও ইয়াত মূল শ্লোকৰ আৰু শ্রীশংকৰদেৱে উল্লেখ কৰা স্বামীৰ সুবোধিনী টীকাৰ অৱশ্যে আক্ষৰিক অনুবাদ আগবঢ়োৱা হৈছে৷ ভাগৱত–ৱিভূতি নামৰ গ্রন্থখন ঐতিহাসিক, সামাজিক, নৈতিক, বৈজ্ঞানিক বিষয়ৰ অধ্যয়নৰ সামান্য ফচল বুলি ক’ব পাৰি৷
আপুনি যোৰহাটৰ মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্যৰ দায়িত্ব গ্রহণ কৰাৰ পিছত নির্ধাৰিত সময় সম্পূর্ণ নোহোৱাকৈ কিয় সেই সন্মানীয় আৰু লোভনীয় পদৰ পৰা পদত্যাগ কৰিলে?
এক কথাত ক’বলৈ হ’লে আচার্যৰ পৰা অহা ভালেমান প্রশাসনীয় হস্তক্ষেপে আগবঢ়াৰ বাটত হেঙাৰ দিছিল৷ সবাতোকৈ অসুবিধা হৈছিল তেতিয়া, যেতিয়া চৰকাৰে দি থোৱা পদকেইটা পূৰণ কৰিবলৈ সাক্ষাৎকাৰ পাতিবলৈ যো–জা কৰি কার্যবাহী পৰিষদত সাক্ষাৎকাৰৰ বাবে সদস্য নির্বাচন কৰি সমিতিখনৰ অনুমোদনো ECৰ পৰা লোৱা হ’ল, তেতিয়া সাক্ষাৎকাৰ বন্ধ কৰি দিয়া হ’ল এটা অভিযোগত যে ছিলেকচন কমিটীতChancellor’s nominee নাই৷ প্রকৃততে বিশ্ববিদ্যালয়ৰActখনতে তেনে ব্যৱস্থা দিয়া হোৱা নাছিল৷ বহুত বুজোৱা হ’ল যেActত নথকা কোনো কাম মই কৰিব নোৱাৰোঁ, সি মোৰ বাবে অপৰাধ৷ শেষত বিভিন্ন দিশৰ পৰা মোক হেঁচা প্রয়োগ কৰা হ’ল যে উপাচার্যৰ অফিচৰ পৰা চেঞ্চেলৰলৈ চিঠি এখন দি চেঞ্চেলৰৰ ন’মিনী বিচাৰিব লাগে আৰু তেনেnominee এজন ল’ব লাগে৷ তাৰ পিছতহেSelection Boardখন বহুৱাব পাৰিম৷ ময়ো বিনয়েৰে মাননীয়জনক অফিচত কৈ থৈ আহিলোঁ যেSir you are my boss and guardian of the University. I can not disobey you. At the same time I can not violate the Act.Act is the Veda For me. So… এইটো আছিল প্রথম কাৰণ৷ তাৰ লগে লগে লকডাউন, বিধানসভা নির্বাচনৰ বাবে বহু দিন কাম–কাজ স্থবিৰ হৈ পৰিছিল৷ লকডাউনৰ মাজে মাজে আমি সকলো অনুষ্ঠানতকৈ আগতেই অনলাইন পৰীক্ষাও পাতিলোঁ৷ ফলাফলো ঘোষণা কৰিলোঁ৷ ইয়াৰ লগতে অৱশ্যে কিছু পুৰণা বিত্তীয় অসুবিধাও আছিল৷ লগতে লকডাউনৰ সময়তে মোৰ স্বামীও অলপ বেছি অসুস্থ হৈ পৰিছিল আৰু কাষত থাকি তেওঁক পৰিচর্যা কৰাটো মোৰ কাৰণে গুৰুদায়িত্ব বুলিও মই ভাবিছিলোঁ৷ এনে বহু কাৰণত মই উপযুক্ত সময়তে বিশ্ববিদ্যালয়খন এৰিলোঁ৷ বিবেকক ফাঁকি নিদিয়াকৈ সম্ভৱ, অসম্ভৱ বহুখিনি কাম আগবঢ়াই দি আহিলোঁ বুলি মোৰ বিশ্বাস৷
আপুনি যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রথম উপাচার্য হিচাপে দায়িত্ব লোৱাৰ সময়ত অনুষ্ঠানটোৰ আন্তঃগাঁথনি বুলিবলৈ বিশেষ একো নাছিল৷ ইয়াৰ পিছতো আপুনি কিদৰে প্রায় ডেৰ বছৰৰ ভিতৰতে উচ্চ শিক্ষাৰ অনুষ্ঠানটি চলমান কৰি তুলিবলৈ সক্ষম হৈছিল?
সীমিত সময়ৰ ভিতৰত মই কিমান সফলতা অর্জন কৰিছোঁ সেয়া নাজানো৷ কিন্তু যিখিনি কৰিছোঁ সেয়া মোৰ কর্তব্য বুলিয়েই বিবেচনা কৰোঁ৷ মই জংঘল কটাৰ পৰা আৰম্ভ কৰি প্রতিষ্ঠানটোৰ ভিতৰত থকা চিআৰপিএফৰ গা ধোৱা ঘৰ পর্যন্ত ভাঙি আন্তঃগাঁথনিৰ কাম আৰম্ভ কৰিছিলোঁ৷ মোৰ পূর্বে যিহেতু উপাচার্য নাছিল, সেইবাবে কার্যবাহী পৰিষদ, শৈক্ষিক পৰিষদ আদিও নাছিল৷ এনে বোর্ড, পৰিষদ, কমিটী আদিৰ অনুমোদন নোহোৱাকৈ আমি কোনো কাম কৰিব নোৱাৰোঁ৷ দায়িত্ব গ্রহণ কৰিয়েই প্রায় সকলোবোৰ পৰিষদ গঠন কৰিছিলোঁ৷ বিশ্ববিদ্যালয়খনৰ ভৱন হিচাপে থকা দুটা গুদাম আৰু এটা তেনেই জৰাজীর্ণ অৱস্থাৰ ঘৰত কার্যালয় চলি আছিল৷ বৰষুণ দিলেই ভিতৰত পানী পৰিছিল৷ ঘৰৰ ভিতৰতেই গছ–বন গজিবলৈ লৈছিল৷ তদুপৰি দুটা কোঠা বন্ধ আছিল আৰু বহিবলৈ ঠাই নাছিল৷ যিমান সোনকালে পাৰি উপাচার্য আৰু কার্যালয়ৰ চাৰিজন মানুহ বহিব পৰাকৈ ওপৰত ততাতৈয়াকৈ টিন–পাত দিয়া হ’ল৷ টয়লেট এটা সজা হ’ল৷ এখন কেণ্টিন, ফ্লেগ পোষ্টৰ পৰা গুদাম সলনি কৰি এটা প্রেক্ষাগৃহ সজা হ’ল৷ প্রেক্ষাগৃহ নথকা বাবে ক্লাছ ছুটী দি সভা–সমিতি পাতিব লগা হৈছিল৷ প্রেক্ষাগৃহত মঞ্চ, ফেন, পর্দা আদিৰে ৫০০ মানুহ বহিব পৰা হ’ল৷ মই যোগদান কৰাৰ ৫ মাহৰ পিছতেই কনভ’কেচন পতা হ’ল৷ ইয়াৰ উপৰি ইমান দিনে নথকা এখন সুন্দৰ গেট সজা হ’ল৷ ছাত্রী নিৱাসৰ কাম বিশষ কৰিব নোৱাৰিলোঁ যদিও তেওঁলোকৰ খোৱাৰ কিছু উন্নত ব্যৱস্থা কৰা হ’ল৷ বিশ্ববিদ্যালয়ৰ পানকার্ড নথকাৰ বাবে অনুষ্ঠানটোৰ কোনো পৰিচয়ৰ প্রমাণ–পত্র নাছিল৷ কাৰণ তেতিয়ালৈ বিদ্যুতৰ বিল অহা নাছিল৷ কাষতে থকা চিআৰপিএফ কেম্পটোৰ কিছুমান ঘৰৰ বিলো আমাৰ অনুষ্ঠানটোৱে দিব লগা হৈছিল৷ এটা নতুন টেন্সফর্মাৰ সক্রিয় কৰোৱা হ’ল৷ ফলত বিশ্ববিদ্যালয়ৰ বাবে নিজা টেন্সফর্মাৰ আৰু সুকীয়া বিদ্যুতৰ ব্যৱস্থা হ’ল৷ প্রতিষ্ঠাৰ পাঁচ বছৰ পিছত অর্থাৎ ২০২০ চনৰ এপ্রিলত প্রথমখন বিদ্যুতৰ বিল বিশ্ববিদ্যালয়ৰ নামত আহিল৷ প্রতিষ্ঠাৰ সময়ৰ পৰা উত্তীর্ণ ছাত্রীসকলেএখন প্রভিজ’নেল চার্টিফিকেট লৈ চাকৰি নিয়োগত অসুবিধা পাইছিল৷ সেইবাবেই কথা দিয়া মতে কনভ’কেচনৰ আয়োজন কৰি মই যোগ দিয়াৰ ৫ মাহৰ ভিতৰত ২০২০ চনৰ ২৫ ফেব্রুৱাৰীত দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰা হৈছিল৷ মাননীয় ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচার্য, অধ্যাপক জগদীশ মুখীয়ে নিজেই উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ ডিগ্রীসমূহ প্রদান কৰি সকলোকে বাধিত কৰিলে৷ ইয়াৰ পিছতেই ক’ভিডৰ লকডাউন হোৱা বাবে বিশ্ববিদ্যালয়ৰ কাম–কাজ কিছুদিনলৈ স্থবিৰ হৈ পৰিল৷ সেই সময়খিনিত মই একো নোহোৱাকৈ বিশ্ববিদ্যালয়খন ধৰি ৰখা প্রতিগৰাকী ব্যক্তিৰ সহায়–সমর্থন পাইছিলোঁ৷ কাৰো চাকৰি নিয়মীয়া নাছিল– পঞ্জীয়ক, শৈক্ষিক পঞ্জীয়কৰ পৰা সমূহ অধ্যাপক তথা চতুর্থ বর্গলৈকে৷ কিন্তু অতি আন্তৰিকতাৰে, মমত্ববোধেৰে সকলোৱে সহযোগিতা আগবঢ়াইছিল৷ আনকি যোৰহাটৰ বহু জ্যেষ্ঠ ব্যক্তিয়ে মোক দিহা–পৰামর্শও দিছিল৷ তেনে দুগৰাকীমানৰ অনুমতি সাপেক্ষেহে মই ইস্তফাৰ চিঠি লিখিছিলোঁ৷ অনুষ্ঠানটোৰ প্রতিগৰাকী ব্যক্তি আৰু সহায় মোৰ মনত আছে, সদায় থাকিব আৰু থাকিব কৃতজ্ঞতাপূর্ণ ধন্যবাদ৷
বিশিষ্ট পণ্ডিত আনন্দৰাম বৰুৱা আৰু কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে দুখনকৈ গ্রন্থ লিখাৰ কাৰণ কি?
‘অসমত সংস্কৃত সাধনা’ নামৰ গ্রন্থখনত মধ্যযুগৰ পৰা ২০১৯ চনলৈকে অসমত ওপজা প্রায় সকলো সংস্কৃতজ্ঞকে সামৰিবলৈ চেষ্টা কৰিছোঁ৷ কিন্তু দুয়োজন বিশ্ববৰেণ্য বিদগ্ধ পণ্ডিতৰ বিষয়ে বিস্তৰ চর্চা নোহোৱাটো আমাৰ এটা অপৰাধ যেনেই লাগে৷ পাণ্ডিত্য আৰু ব্যক্তিত্বৰ বহু দিশৰ উপৰি তেখেতসকলৰ গ্রন্থকেইখনৰ বিষয়ে অসমীয়া লোকে জানিব লাগে৷ গৌৰৱ কৰিবলৈ শিকিব লাগে আৰু আর্হিৰূপে গ্রহণ কৰিব লাগে৷ ময়ো জানিব লাগে আৰু জনাব লাগে৷
অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰিছে৷ ভাষাটোৰ ইতিহাস–ঐতিহ্য সম্পর্কে আপুনি কি ক’ব?
জেক বার্জন, কাডন, এণ্ডাৰছন আদি পণ্ডিতসকলে ধ্রুপদী সাহিত্যৰ যিবোৰ লক্ষণ ধৰি–বান্ধি দিছে, সেইবোৰ প্রাচীন ভাৰতীয় সাহিত্যত স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায়৷ তেনেদৰে অসমীয়া ভাষাতো ত্রয়োদশ শতিকাৰ পৰা বা হেম সৰস্বতীৰ দিনৰে পৰা যি সাহিত্যৰ সৃষ্টি হৈছে, তাতো ভাষাৰ সমতা, বিষয়বস্তু উপস্থাপনত সমতুলতা আৰু ভাষাটোত নীতি–নিষ্ঠতা লক্ষ্য কৰা যায়৷ শ্রীশংকৰদেৱকে আদি কৰি মধ্যযুগৰ সকলো সাহিত্যিকে নির্দিষ্ট ভাষা বিধি অনুসৰণ কৰিছিল৷ সেই কথা চৰিত পুথিসমূহত পোৱা যায়৷ এইসকল জ্ঞানী লোকে অসমীয়া ভাষাত সর্বতোপ্রকাৰ বিশুদ্ধতা ৰক্ষা কৰাত সততে মনোযোগ দিছিল৷ আধুনিক কালত হেমচন্দ্র বৰুৱা, সত্যনাথ বৰা প্রমুখ্যে ভাষাবিদসকলে ব্যাকৰণ লিখি ভাষাটো বিপথগামী হোৱাৰ পৰা ৰক্ষা কৰিছিল৷ তেনে প্রচেষ্টা যোৱা দুটা দশক আগলৈকে চলি আহিছে৷ বুজা যায় অসমীয়া ভাষাও আন ধ্রুপদী ভাষাৰ দৰে সদায় নীতি–নিষ্ঠ হৈ থাকিবলৈ ভাল পোৱা এটা ভাষা৷ কেৱল ভাষাটোৰ এই ধ্রুৱবৎ অর্থাৎ ধ্রুপদ ৰূপটো ৰক্ষা কৰিবলৈ প্রতিজন অসমীয়াই সচেতনভাৱে চেষ্টা কৰা উচিত৷ উত্তৰপ্রজন্মকো এই ধ্রুপদী ৰূপ ধৰি ৰাখিবলৈ প্রস্তুত কৰাটো অভিভাৱক আৰু শিক্ষকৰ বাবে অতি গুৰুত্বপূর্ণ কথা৷
বাণভট্টৰ ‘হর্ষচৰিত’ গ্রন্থখন সংস্কৃতৰ পৰা অনুবাদ কৰি আপুনি সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰিছিল৷ গ্রন্থখন অনুবাদৰ অন্তর্নিহিতৰ কাৰণ কি?
প্রথম কথা বাণভট্টৰ ‘হর্ষচৰিত’ আৰু ‘কাদম্বৰী’ অসমীয়া ভাষালৈ অনুবাদ হোৱা নাছিল৷ তেওঁৰ গদ্য আছিল অতি জটিল৷ এনে জটিল গদ্য অসমীয়ালৈ অনুবাদ কৰাটো যথেষ্ট কঠিন আছিল৷ দেখা যায় হর্ষচৰিতে সপ্তম শতিকাৰ অসমৰ তথ্য বহুখিনি ধৰি ৰাখিছে৷ কনৌজৰ পৰা হর্ষবর্ধনৰ লগত কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বর্মাৰ মিত্রতা আৰু সেই সূত্রে উপহাৰৰ আদান–প্রদান ইত্যাদি বর্ণনাত অসমৰ সাংস্কৃতিক ইতিহাস অন্তর্ভুক্ত হৈছে৷ তেওঁলোকৰ মিত্রতাৰ চুক্তিত তদানীন্তন ভাৰতৰ মূল ভূমিৰ লগতে অসমৰ কূটনৈতিক সম্পর্কৰ বিষয়ে লিখিছে৷ তদুপৰি ভাস্কৰ বর্মাৰ হংসবেগ নামৰ ৰাষ্ট্রদূতজনে সৌমবংশৰ যিটো পৰিচয় দিছে, তাৰ মাজেৰে প্রাগজ্যোতিষত শাসন কৰা প্রাচীন বংশকেইটাৰ কালানুক্রমিক পৰিচয় আছে৷ অসমৰ বহু তথ্য বাণভট্টই হর্ষচৰিতত লিখি থৈ গৈছে৷ তাৰ পৰা পুৰণি কামৰূপৰ সাংস্কৃতিক, ৰাজনৈতিক তথ্য পোৱা যায়৷ সেইবোৰ সংস্কৃতত থাকিলে অসমৰ সাধাৰণ মানুহে পঢ়িব নোৱাৰে৷ সেইবাবে হর্ষচৰিত অনুবাদ কৰাৰ কাম হাতত লৈছিলোঁ৷
অসম সাহিত্য সভা আৰু বিশ্ববিদ্যালয়ৰ উপাচার্য পদত মহিলাসকল উপেক্ষিত হৈ অহাৰ অভিযোগ দীর্ঘদিনীয়া৷ এই সন্দর্ভত আপুনি কি ক’ব?
অসম সাহিত্য সভাৰ নীতি–নিয়মৰ বিষয়ে মই বিশেষ নাজানো৷ কিন্তু উপাচার্য সন্দর্ভত এটা কথা গম পালোঁ যে কোঠাৰি আয়োগ, ড০ ৰাধাকৃষ্ণন আয়োগ আদি আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে বান্ধি দিয়া অর্হতাখিনি উপাচার্য নির্বাচনৰ সময়ত বিবেচনা কৰাটো একান্তই বাঞ্ছনীয় হৈ পৰে৷ ত্রিপুৰা বিশ্ববিদ্যালয়ৰ এটা বৰ সংকটপূর্ণ সময়ত তাত ভিজিটৰ ন’মিনী হিচাপে মই চাৰি বছৰ (২০১৪–২০১৭) ভালেমান অনুসন্ধান সমিতি আদি প্রতিবেদন লিখা কামৰ অভিজ্ঞতা হৈছিল৷ আমাৰ বিশ্ববিদ্যালয়ৰ দুই–এটা দায়িত্ব লৈ আৰু বিশেষকৈ কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে অধ্যয়ন কৰোঁতে’VC: Why and how’ লিখিবলৈ লৈ আর্কাইভৰ পুৰণি ফাইলো চাবলগীয়া হৈছিল৷ তাত গৱেষণাৰ ব্যাপকতা, প্রশাসনীয় অভিজ্ঞতা ইত্যাদিকে ধৰি বহু বিষয়ৰ লগতে দুই– এজনৰ পৰা গোপন প্রতিবেদন বিচৰাৰ কথাও আছিল৷ সকলো নির্ধাৰিত অর্হতা পৰিপূর্ণ কৰিব পাৰিলে মহিলাও বিবেচিত নোহোৱাৰ কথা বোধহয় থাকিব নোৱাৰে৷
হেমকোষ আৰু চন্দ্রকান্ত অভিধানৰ পৰিৱর্ধন আৰু সম্পাদনাৰ কামত জড়িত হোৱাৰ অভিজ্ঞতা সম্পর্কে জনাব নেকি?
অভিধান সম্পাদনৰ অভিজ্ঞতা মোৰ আগতে নাছিল৷ চন্দ্রকান্ত অভিধানৰ চতুর্থ সংস্কৰণৰ দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রকাশন কোষে মোৰ ওপৰত ন্যস্ত কৰে৷ তৃতীয় সংস্কৰণৰ পুনৰ মুদ্রণৰ অভিজ্ঞতা থকা ড০ মহম্মদ তাহেৰ ছাৰ, অঞ্জন দাসৰে সৈতে এখন সমিতি গঠন কৰি দিয়ে আৰু সেইমতে ভাষা আৰু সংস্কৃতিৰ দুজন সহযোগীৰ সৈতে কামটো সমাপ্ত কৰা হয়৷ তেনেদৰে হেমকোষৰ পঞ্চদশ সংস্কৰণৰ বাবে ন্যাস সমিতিয়ে আমাক ২০২২ চনৰ ফেব্রুৱাৰীত দায়িত্ব দিয়ে৷ এইবাৰ মই বহু কথা শিকিবলৈ সুযোগ পালো৷ কাৰণ আমাৰ লগত আছিল আভিধানিক আৰু অভিধান তত্ত্বৰ অভিজ্ঞ পণ্ডিত ড০ বসন্ত কুমাৰ গোস্বামী ছাৰ৷ ২০২৩ চনৰ ডিচেম্বৰত পঞ্চদশ সংস্কৰণ উন্মোচন কৰা হয়৷ শব্দ সংগ্রহ, প্রবিষ্টি নির্বাচনৰ পৰা অভিধান তত্ত্বৰ নীতি প্রয়োগ কৰি শব্দ সজোৱা, গ্রহণ–বর্জনলৈকে কাম কৰা আৰু সিদ্ধান্ত লোৱাৰ ক্ষেত্রত আত্মবিশ্বাসো বাঢ়িল আৰু যুক্তিসন্মত বিচাৰৰ বাবে সাহসো বাঢ়িল৷ অভিধান সম্পাদনাৰ কামটোত সোৱাদ বেলেগ আৰু প্রত্যাহ্বানো যথেষ্ট৷ মোৰ এটা দৃঢ় বিশ্বাস হ’ল যে অসমীয়া ভাষাত শব্দৰ অভাৱ নাই৷ কেৱল চুকে কোণে, মুখে মুখে, ঠায়ে ঠায়ে চলি থকা শব্দবোৰ একগোট কৰিব লাগে আৰু শদিয়াৰ পৰা ধুবুৰীলৈ সকলোৱে অসমীয়া শব্দ বুলি সেইবোৰ ব্যৱহাৰ কৰিব লাগে৷ তোমাৰ শব্দ, মোৰ শব্দ কৰি থকাৰ সকাম নাই৷ সকলোবোৰ অসমীয়া শব্দ– চেঁচা, ঠাণ্ডা, টেকি সকলো৷