নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : কাজিৰঙাত নতুন প্রাণী বিনতুৰং

কংকণা শর্মা
ড০ বিক্রমাদিত্য বকলীয়াল

এই বছৰৰ আৰম্ভণিতে কাজিৰঙাত ‘নতুন প্রাণীৰ সন্ধান’ শীর্ষৰে বাতৰিৰ শিৰোনাম দখল কৰা বিনতুৰং Binturong) ঘন জংগলত বাস কৰা, লোকচাক্ষুৰ পৰা আঁতৰি ফুৰা এবিধ বিৰল স্তন্যপায়ী প্রাণী, যাক বৈজ্ঞানিকভাৱে Arctictisbinturong নামেৰে জনা যায়৷ চাল–চলন আৰু দেহৰ অৱয়ব কিছু পৰিমাণে ভালুক আৰু মেকুৰীৰ লগত মিলে বাবে এই মজলীয়া আকাৰৰ প্রাণীটোৰ আন এটা নাম হ’লBearcat৷ কিন্তু প্রকৃততে ইহঁত জহামাল আৰু তেনেধৰণৰ প্রাণীবোৰৰ সৈতে একেলগেViverridae নামৰ পৰিয়ালৰ অন্তর্গত৷ উত্তৰ–পূব ভাৰত, নেপাল আৰু ভূটানৰ পৰা পূবে ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু ফিলিপাইনছলৈকে দক্ষিণ–পূব এছিয়াত বিণ্টুৰং পোৱা যায় যদিও ইহঁতৰ লাজকুৰীয়া স্বভাৱ, ঘন অৰণ্যৰ গছত বসতি আৰু অৰণ্যৰ ছাঁ–পোহৰৰ লগত মিলি যোৱা দেহৰ বৰণৰ বাবে সাধাৰণ মানুহৰ চকুত নপৰাকৈ থাকে৷

সেয়েহে ইয়াৰ ভৌগোলিক বিস্তৃতিৰ পৰিসৰ বৃহৎ হোৱাৰ পিছতো ইয়াৰ অধ্যয়ন অতি কম৷ সাধাৰণতে অকলশৰীয়াকৈ আৰু কেতিয়াবা সৰু দলত দেখা পোৱা এই জন্তুটোৰ শৰীৰৰ দৈর্ঘ্য ৬০ৰ পৰা ৯৭ চেণ্টিমিটাৰৰ ভিতৰত আৰু ওজন ৩০ কিলোগ্রাম পর্যন্ত হ’ব পাৰে৷ বিনতুৰং ২৫ বছৰ পর্যন্ত জীয়াই থাকিব পাৰে৷ ক’লা বৰণৰ দেহ, সৰু সৰু ৰঙা–বাদামী চকু, মুখমণ্ডল আৰু ঠেঙত মাজে মাজে থকা পাতলীয়া বগা নোম, বগা চুলিৰে আবৃত ঘূৰণীয়া আকৃতিৰ কাণ আৰুবগা, দীঘল দাডিৰে ইয়াক মৰম লগা ৰূপ দিয়ে৷ মূলতঃ নিশাচৰ বিণ্টুুৰঙে বেছিভাগ সময় গছত কটায় যদিও মাটিতো বিচৰণ কৰা দেখা পোৱা যায়৷ চুটি ঠেং, চোকা নখ আৰু চুটি আঙুলিযুক্ত হাতোৰাৰ সহায়ত সৰু–ডাঙৰ গছ অতি সহজে বগাই ফুৰিব পাৰে৷ তদুপৰি, শক্তিশালী নোমাল নেজডালো

এখন হাতৰ দৰে ব্যৱহাৰ কৰি ডালত খামুচি ধৰিব পাৰে আৰু নিপুনভাৱে ওখ গছ–লতাত থকা বিভিন্ন ধৰণৰ ফল–মূল, পাত, পোক–পৰুৱা, সৰু প্রাণী, চৰাইৰ কণী আদি বিচাৰি খাব পাৰে৷ ই সর্বভক্ষী প্রাণী হিচাপে অৰণ্যত পৰিস্থিতি তন্ত্রৰ খাদ্য জালিকাত গুৰুৎপূর্ণ ভূমিকা পালন কৰাৰ লগতে গ্রীষ্মমণ্ডলীয় অৰণ্যত খাদ্যৰ জৰিয়তে পৰোক্ষভাৱেবীজৰ বিস্তাৰণ কৰে আৰু অৰণ্যৰ স্বকীয়তা বজাই ৰখাত সহায় কৰে৷ আজৰি সময়ত ইহঁতে শুই, নিজৰ নোম চেলেকি আৰু শৰীৰটো খজুৱাই পাৰ কৰে৷ বিনটুৰঙৰ অন্যতম আকর্ষণীয় দিশ হ’ল ইয়াৰ দেহৰ গোন্ধ৷ ইয়াৰ নেজৰ তলত থকা বিশেষ গোন্ধ গ্রন্থিৰ পৰা যি গোন্ধ নির্গত হয় তাক মাখনযুক্ত পপকর্ন ভজা গোন্ধৰ লগত ৰিজাব পাৰি৷ নিজৰ এলেকা নির্ধাৰণ তথা সংগীক আকর্ষণ কৰাৰ ক্ষেত্রত ইয়াৰ ব্যৱহাৰ হয় বুলি প্রাণীবিদসকলে অনুমান কৰে৷

মাইকী বিনটুৰঙৰ গর্ভধাৰণ আৰু ভ্রূণৰ বিকাশ আশ্চর্যকৰ৷ মার্চ আৰু এপ্রিল মাহত হোৱা প্রজনন ক্রিয়াৰ পিছত বিনটুৰঙে ভ্রূণৰ বিকাশত প্রয়োজন মতে বিলম্ব ঘটাব পাৰে৷ অর্থাৎ সন্তান জন্ম দিয়াৰ বাবে পৰিস্থিতি অনুকূল নোহোৱালৈকে ইহঁতৰ যোজনকোষৰ Zygote) পৰা গঠন হোৱা ব্লাষ্ট’চিষ্টৰ Blastocyst) পৰৱর্তী বৃদ্ধি সাময়িকভাৱে বন্ধ হৈ যায় আৰু জৰায়ুত প্লেচেণ্টা গঠন নকৰাকৈ থাকে৷ যাক বিজ্ঞানৰ ভাষাতDelayed Implantationবাড্রmbryonic Diapauseবুলি কোৱা হয়৷ সাধাৰণতে গর্ভাৱস্থাৰ সময় প্রায় ৯০ দিন আৰু এবাৰত এটাৰ পৰা তিনিটা পোৱালি জন্ম হয়৷ বিনটুৰঙৰ পোৱালিবোৰ জন্মতে অন্ধ আৰু অসহায়, সেয়েহে জন্মৰ প্রথম কেইমাহমান যত্নৰ বাবে সম্পূর্ণৰূপে মাকৰ ওপৰত নির্ভৰ কৰে৷ আমোদজনকভাৱে মাইকী বিনটুৰং মতাবোৰতকৈ ডাঙৰ আৰু প্রভাৱশালী, যিটো স্তন্যপায়ী প্রাণীৰ মাজত বিৰল৷

মাইকীবোৰেই প্রায়ে প্রজননৰ সিদ্ধান্ত আৰু নিজৰ পৰিয়ালৰ কার্যকলাপ নিয়ন্ত্রণ কৰে৷ এছিয়াৰ আন জীৱ–জন্তুৰ দৰে পৰম্পৰাগত চিকিৎসা, পোহনীয়া জন্তু হিচাপে ব্যৱহাৰৰ বাবে বন্যপ্রাণীৰ ব্যৱসায়ত চাহিদা বৃদ্ধি পোৱাৰ বাবেও ইহঁতৰ আবাদী অৱনতি ঘটিছে৷ তদুপৰি, কৃষিকার্য, উন্নয়ন, ঔদ্যোগীকৰণ আদি বিভিন্ন কাৰণত হোৱা বনাঞ্চল ধ্বংসৰ ফলত ইহঁতৰ প্রাকৃতিকবাসস্থান দ্রুতগতিত সংকুচিত হৈ আহিছে৷ সেয়েহে, কোনো প্রাণী বা উদ্ভিদ এটাৰ সংৰক্ষণ স্থিতি নির্ধাৰক সংস্থাIUCN International Union for Conservation of Nature) Red List তালিকাত ইVulnerable শিতানত (এশিঙীয়া গঁডৰ দৰে একে স্থিতিৰ অন্তর্ভুক্ত হৈছে আৰু এয়া চিন্তাৰ বিষয়৷

গতিকে, আবদ্ধ প্রজনন কার্যসূচী (অষ্ট্রেলিয়াৰ পার্থ চিৰিয়াখানা এটা সফলতাৰ উদাহৰণ, চিকাৰ বন্ধ কৰা, চোৰাং বেহা নির্মূল কৰা, ইহঁতৰবসতিস্থল চিনাক্তকৰণ আৰু সংৰক্ষণ কৰা, সজাগতা কার্যসূচীৰ আয়োজনকে ধৰি সংৰক্ষণ পদক্ষেপসমূহ এই মনোমোহা প্রাণীটোক সফলৰূপে জীয়াই থকাৰ নতুন সুযোগ প্রদান কৰিব৷ আমাৰ মানাহ ৰাষ্ট্রীয় উদ্যান আৰু লাওখোৱা বন্যপ্রাণী অভয়াৰণ্যতো পোৱা এই প্রাণীটো দর্শন কৰাৰ আটাইতকৈ উত্তম স্থান হ’ল অসম ৰাজ্যিক চিৰিয়াখানা৷

ফোন : ৯৭০৭২–৭২৬৮১
৮০১১৪–৪৩২৫৭

You might also like