নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : ৰুদ্রসিংহৰ চিৰিয়াখানা পহুগড় আৰু অসম ৰাজ্যিক চিৰিয়াখানা

প্ৰদীপ ঠাকুৰীয়া

স্বর্গদেউ ৰুদ্রসিংহহ (১৬৯৬–১৭১৪ খ্রীঃ) নিজৰ ৰাজত্বকালত বহুতো ঐতিহাসিক ৰাজমহল, দৌল–দেৱালয়, বাট–পথ আদি বনোৱাৰ সময়তে পশু–পক্ষী, বন্য জীৱ–জন্তুৰ সুৰক্ষাৰ কথা চিন্তা কৰি এখন চিৰিয়াখানা বনোৱাৰ পৰিকল্পনা কৰিছিল৷ এই চিৰিয়াখানাক পশুগড় বা পহুগড় বুলি জনা যায়৷ ৰুদ্রসিংহই ঐতিহাসিক জেৰেঙা পথাৰৰ বুকুত আশ্চর্যজনক নির্মাণশৈলী আৰু কৌশল খটুৱাই এই পশুগড়টো নির্মাণ কৰিছিল৷ এহ গড়টো বর্গক্ষেত্রাকাৰৰ আৰু তেতিয়া ইয়াৰ মাটিকালি আছিল ১২০ পুৰা৷ এই গড়টোৱে পিছলৈ মানুহৰ মুখ বাগৰি ‘পহুগড়’ নাম পাইছিল৷ গড়টোৰ মাজংশত খাৱৈ খান্দি শাৰী শাৰীকে ছ–ঁৰা অর্থাৎ ২৪টা গড় নির্মাণ কৰা হৈছিল৷ ছ–ঁৰা গড়ৰ ওপৰ অংশবোৰ সমান সমান আছিল৷ এই গড়ৰ ভিতৰলৈ সোমোৱা এটা আৰু বাহিৰলৈ ওলোৱাৰ এটা বাটহে আছিল৷ বেছৰ দৰে তৈয়াৰ কৰা গড়টোৰ দুৱাৰমুখত চিপাহী–চন্তৰী আছিল৷ এই গড়টোত সেই সময়ত পোৱা পশু–পক্ষীবোৰ সুন্দৰভাৱে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ পশুৰ উপৰি এই গড়টোৰ ভিতৰত সর্পকুলকো স্থান দিয়া হৈছিল৷ প্রতিটো গড়ৰ ভিতৰৰপৰা মূল গড়লৈ ১৫ হাতকৈ পানীৰে ভৰা ব্যৱধান ৰাখিছিল যাতে কোনো বন্যজন্তুৱে জাঁপ মাৰি পাৰ হৈ আহিব নোৱাৰে৷ সেই যুগতে ইমান কৌশল আৰু বৈজ্ঞানিক পদ্ধতিৰে এখন চিৰিয়াখানাৰ নির্মাণ কৰাটো আহোম যুগৰ এক মহৎ পৰিকল্পনা আছিল৷

সুৰক্ষা, উপযুক্ত খাদ্য আৰু বিচৰণভূমি জন্তুবোৰক দিয়া হৈছিল যাতে ইহঁতে সুকলমে বংশবৃদ্ধি কৰিব পাৰে৷ হয়াৰ উপৰি জীৱ–জন্তুবোৰ কোনো বেমাৰত আক্রান্ত হ’লে ইহঁতৰ চিকিৎসাৰো ব্যৱস্থা কৰা হৈছিল৷ উদ্যানৰ মাজত ৰোপণ কৰা হৈছিল বিভিন্ন গছ–গছনি যাতে এই গছ–গছনিয়ে খাদ্য আৰু ছবিৰ ব্যৱস্থা কৰিব পাৰে৷ উদ্যানত এনেকুৱা গছ ৰোপণ কৰা হৈছিল যিবোৰত চৰায়ে খাদ্য আৰু বাহ সাজিব পাৰে৷ আঠোটা বিশাল গড়ৰ চাৰিওফালে আহল–বহল আৰু দ খাৱৈবোৰ বেৰা দি তাত সংৰক্ষণ কৰা হৈছিল নানা তৰহৰ মাছ, কাছ, ঘঁৰিয়াল আদি জলচৰ প্রাণীবোৰক৷ সকলো জন্তুক মানুহে চাব পৰাকৈ কাষে কাষে একোটা পথৰ ব্যৱস্থা ৰাখিছিল৷ পহুগড়ৰ দুৱাৰমুখৰ বাটত আছিল দুটা পুখুৰীৰ দৰে দ খাল৷ এই দ খাল পাৰ হৈ সোমোৱা বাটত দুখন বিশাল শাল কাঠৰ জাপ দুৱাৰ৷ উদ্যানৰ এই বন্যজন্তুবোৰ প্রতিপালন কৰিবলৈ বিভিন্ন পাহক আৰু বিষয়া নিয়োগ কৰা হৈছিল৷ হাতীবৰুৱা, ঘোঁৰাবৰুৱা, কুকুৰাচোৱা বৰুৱা, শেনচোৱা বৰুৱা আদি এনেধৰণৰ বিষয়া আছিল৷ সোতৰ শতিকাতে স্বর্গদেড ৰুদ্রসিংহহ বনোৱা এই চিৰিয়াখানাখন ভাৰতৰ ভিতৰতে সর্বপ্রথম যদিও অসমীয়া মানুহৰ ইতিহাসৰ প্রতি থকা অৱজ্ঞা আৰু অজ্ঞানতাৰ বাবে পহুগড় জনমানসৰ পৰা আঁতৰি গৈ স্বীকৃত হ’ব নোৱাৰিলে৷

স্বাধীনতাৰ পিছত অসম ৰাজ্যিক চিৰিয়াখানাখন স্থাপন হোৱাৰ আঁৰত এক ঘটনা জড়িত হৈ আছে৷ ১৯৫৭ চনত পাণ্ডুত বহা ৬৪সংখ্যক কংগ্রেছ মহাসভাক আদৰাৰ চিন্তা–চর্চাৰ সময়ত অসমৰ বন–সম্পদৰ লগতে হয়াৰ জীৱ–জন্তুবোৰকো দেশী–বিদেশী মানুহৰ আগত প্রদর্শন কৰাৰ এটা চিন্তা আয়োজকসকলে কৰে৷ সেইবাবে অসমৰ বন বিভাগে পাণ্ডুতে এখন অস্থায়ীভাৱে সৰু চিৰিয়াখানাৰ সৃষ্টি কৰে৷ এই চিৰিয়াখানাত সেই সময়ত বিভিন্ন মানুহৰ তাত থকা বনৰীয়া বা পোহনীয়া জীৱ–জন্তুবোৰ সংগ্রহ কৰি এই চিৰিয়াখানালৈ অনা হয়৷ ইয়াৰোপৰি বনকর্মীয়ে পুহি ৰখা এটা সুগৰী পহু, জহামলা, নেডল, কের্কেটুৱা, লতামাকৰি বাঘ, চৰাহৰ ভিতৰত ধৃতৰাজ, দেওৰাজ হাঁহ, চাকৈ–চকোৱা, বামুণী হাঁহ, শৰালি, জোঙা নেজী, ৰঙামুৰীয়া হাঁহ, ঘিলা হাঁহ আদিৰে এই চিৰিয়াখানা ভৰি পৰিল৷ পিছলৈ গড়, হাতী, কেহটামান বাঘো হয়ালৈ অনা হয়৷ ৰাহজে এহ চিৰিয়াখানাখনক নাম দিলে ‘মিনি জু’৷ ‘স্পুটি’ নামৰ নাহৰফুটুকী বাঘৰ পোৱালি এটা হয়াত সকলোৰে আকর্ষণৰ কেন্দ্র আছিল৷

এই চিৰিয়াখানাখন পৰিচালনা কৰিবলৈ কেইবাজনো বনকর্মী নিয়োগ কৰা হ’ল৷ কংগ্রেছ মহাসভাত অংশগ্রহণকাৰী নেতা আৰু জনসাধাৰণে এই মিনি চিৰিয়াখানাৰ বৈচিত্র্যময় জীৱ–জন্তুবোৰ দেখি অভিভূত হৈ পৰিছিল৷ কংগ্রেছ মহাসভা শেষ হোৱাত মিনি জুখনৰ বন্যপ্রাণীসমূহ ৰখাৰ বাবে এটা সমস্যাৰ সৃষ্টি হ’ল৷ তেতিয়া সেই সময়ৰ মন্ত্রীসভাই গুৱাহাটীৰ চতুর্দিশে ঘূৰি–পাকি জাপৰিগোগ পাহাৰখনকে চিৰিয়াখানাৰ এটা স্থায়িত্বৰ ৰূপ দিয়াৰ কথা চিন্তা কৰে৷ ১৯৫৭ চনৰ ১৩ অক্টোবৰত পাণ্ডুৰ মিনি জুৰ বন্যপ্রাণীখিনি অৱশেষত জাপৰিগোগলৈ স্থানান্তৰ কৰা হয়৷ পিছলৈ বন বিভাগৰ আশাসুধীয়া প্রচেষ্টা আৰু মন্ত্রীৰ নির্দেশত জীৱ–জন্তুৰ বাসগৃহবোৰ বাঁহ–কাঠ আৰু পকীৰে নির্মাণ কৰি দিয়ে৷ ১৯৫৮ চনত এই চিৰিয়াখানাখনক ‘অসম ৰাজ্যিক চিৰিয়াখানা’ নামেৰে নামকৰণ কৰি দর্শকৰ প্রদর্শনৰ বাবে মুকলি কৰা হয়৷ পিছলৈ অসমৰ বিভিন্ন অঞ্চলৰপৰা বহুতো জীৱ–জন্তু আনি চিৰিয়াখানাখন উন্নতমানৰ হিচাপে গঢ়ি তোলা হয়৷

অসমীয়া কলা–সংস্কৃতিৰ বিশ্বদৰবাৰত প্রতিষ্ঠা কৰাত আগভাগ লোৱা মহাৰাজ ৰুদ্রসিংহহ (১৬৯৬–১৭১৪) সোতৰ শতিকাতে অসমত এখন উন্নতমানৰ চিৰিয়াখানা স্থাপন কৰি সমাজ–সংস্কৃতিৰ লগত যে বন্য জীৱ–জন্তুৰো গুৰুত্ব আছে তাক কার্যকৰী কৰি দেখুৱাইছিল৷ পৃথিৱীৰ ভিতৰত সর্বপ্রথম আধুনিক চিৰিয়াখানাখন ১৭৫২ চনত অষ্ট্রিয়াৰ ৰাজধানী ভিয়েনাত আৰম্ভ হোৱা বুলি জনা যায়৷ কিন্তু তাৰো বহু বছৰ আগতে যে ৰুদ্রসিংহই শিৱসাগৰৰ পহুগড়ত চিৰিয়াখানা স্থাপন কৰিছিল এই বিষয়ে অসমৰ বাহিৰৰ মানুহে জনা দূৰৰে কথা আজি অসমৰে কেইজন অসমীয়াই জানে? ইতিহাসৰ এই সত্যটোৰ ভগ্ণাৱশেষ এতিয়াও শিৱসাগৰত দেখিবলৈ পোৱা যায়৷ বর্তমান ইণ্টাৰনেটত চালে দেখুৱাই যে ভাৰতৰ আটাইতকৈ পুৰণি চিৰিয়াখানা হ’ল ১৮৫৭ চনৰ কেৰালাৰ টিক আনন্দপুৰ চিৰিয়াখানাখন৷ এইখন এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি বুলি জনা যায়৷ তেতিয়াহ’লে ৰুদ্রসিংহৰ পহুগড়ে কিয় স্বীকৃতি পোৱা নাই? অসমীয়া জাতিৰ ইতিহাসৰ প্রতি অনীহা, চৰকাৰ, বুৰঞ্জী পুৰাতত্ত্ব বিভাগসমূহৰ নিদ্রাৰ বাবেই অসমৰ এই সম্পদবোৰ বিশ্ববাসীৰ চকুৰ আগত পৰা নাই৷ ১৫০০ খ্রীষ্টাব্দত ইজিপ্তৰ কেৱল আফ্রিকান জীৱ–জন্তুৰ বাবে প্রথমখন চিৰিয়াখানা ইজিপ্তৰ ৰজাই মুকলি কৰিছিল৷ ১৮২৮ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত পৃথিৱীৰ অন্যতম চিৰিয়াখানাখন খোলা হয়৷ ১৮২৬ চনত বৈজ্ঞানিক পদ্ধতিৰ এখন চিৰিয়াখানা আৰম্ভ কৰে৷ ১৮৪৪ চনত জার্মানীয়ে বার্লিন চহৰত চিৰিয়াখানা আৰম্ভ কৰে৷ এইদৰে দেখা যায় বিশ্বৰ প্রতিখন দেশেই বন্যপ্রাণী সুৰক্ষা আৰু কল্যাণৰ কথা চিন্তা কৰি চিৰিয়াখানা আৰম্ভ কৰিছিল৷ এখন চিৰিয়াখানাই এখন দেশৰ বন্য জীৱ–জন্তুৰ বিচিত্রতা আৰু সেইখন দেশৰ বন–সংস্কৃতিকো প্রদর্শন কৰে৷ ৰুদ্রসিংহই পহুগড় চিৰিয়াখানাখন চোৱা–চিতা কৰাৰ বাবে কিছুমান বিশেষ পাইক নিয়োগ কৰিছিল৷ কিন্তু আধুনিক ভাৰতৰ ‘অসম ৰাজ্যিক চিৰিয়াখানা’খনত কর্মচাৰীৰ অভাৱ৷ ৰুদ্রসিংহ তথা আহোম স্বর্গদেউসকলে ‘পহুগড়’ৰ জীৱ–জন্তু চোৱাচিতা কৰিবলৈ বিশেষ পাৰদর্শী তথা অভিজ্ঞ কর্মচাৰী নিয়োগ কৰিছিল, যেনে– হাতীবৰুৱা, ঘোঁৰাবৰুৱা, শেনচোৱা বৰুৱা, কুকুৰাচোৱা বৰুৱা ইত্যাদি৷ কিন্তু বর্তমান ৰাজ্যিক চিৰিয়াখানাৰ যিসমূহ কর্মচাৰী নিয়োগ কৰা হয় সেইসমূহ এক পৰীক্ষাৰ মাজেদিহে নিয়োগ কৰা হয়৷ তেওঁলোকৰ বন, প্রকৃতি, জীৱ–জন্তুৰ প্রতি কোনো আকর্ষণ নাথাকিবও পাৰে৷ এনেকুৱা অনভিজ্ঞ, আগ্রহহীনতাৰ বাবেই ৰাজ্যিক চিৰিয়াখানাখনৰ জীৱ–জন্তুৰ দুর্দশা বাঢ়িয়েই থকা দেখা পাওঁ, যাৰবাবে চিৰিয়াখানাৰ বহু জীৱ–জন্তুৰ ইতিমধ্যে মৃত্যু হৈছে৷ মহাৰাজ ৰুদ্রসিংহ বা তাৰ পৰৱর্তী স্বর্গদেউসকলে পহুগড় দর্শনার্থীৰ বাবে সম্পূর্ণ বিনামূলীয়াকৈ দর্শন কৰাৰ ব্যৱস্থা কৰিছিল৷ কিন্তু বর্তমানৰ গণতান্ত্রিক জনকল্যাণকাৰী চৰকাৰখনে দর্শনার্থীৰ বাবে এটা মাচুল লয়৷ চিৰিয়াখানা উন্নয়নৰ নামত নানান অজুহাতত চিৰিয়াখানাৰ ভিতৰতে দোকান, ৰেষ্টুৰেণ্ট, মানুহ থকাৰ ঘৰ, পার্ক, গাড়ী চলোৱা আদি নানান বেপৰোৱা কাম কৰি আহিছে৷ এইবোৰৰ বিৰোধ কৰোতা কোনো নাই? গুৱাহাটীৰ মাজমজিয়াত ইমান শিক্ষিত বুদ্ধিজীৱী মানুহ থকাৰ পিছতো এইবোৰ দেখি–শুনিও মনে মনে থকাটো অসহনীয়৷ স্বর্গদেউ ৰুদ্রসিংহহ দেশৰ প্রজাসাধাৰণৰ দৰে দেশৰ বন্য জীৱ–জন্তুবোৰৰো সুৰক্ষাৰ কথা চিন্তা কৰিছিল সেইবাবেই পহুগড় চিৰিয়াখানাখন বনোৱাত আগভাগ লৈছিল৷ কিন্তু স্বাধীনতাৰ পিছত যিখন অসম ৰাজ্যিক চিৰিয়াখানাৰ নির্মাণ হ’ল সেহখন কোনো নির্দিষ্ট পূর্বপৰিকল্পনা বা সদিচ্ছাৰ সলনি দৈৱক্রমেহে নির্মাণ হৈছিল৷ সেইবাবেই সম্ভৱ চৰকাৰ বা বন বিভাগ খুব দায়িত্বশীল নহয়?

বর্তমান বিশ্বৰ বেআইনী লাভজনক ব্যৱসায় বুলিলে বন্যপ্রাণীৰ চোৰাং ব্যৱসায়ে প্রথমতে আহে৷ অসমৰ অভয়াৰণ্যসমূহৰ পৰা প্রতিবছৰে বহু বনৰীয়া জীৱ–জন্তু চোৰাংচিকাৰী, উগ্রপন্থী আদিৰ লালসাৰ বাবে নিশ্চিহ্ণ হৈ যাব ধৰিছে৷ কিন্তু আহোম স্বর্গদেডসকলৰ সময়ত চোৰাংচিকাৰ বা অবাধ বন্যপ্রাণীৰ নিধনৰ কথা কঠোৰ আইন আৰু শাসনৰ বাবে কোনেও ভাবিব পৰা নাছিল৷ বর্তমান অসম চৰকাৰৰ অৱহেলাৰ বাবে পহুগড় চিৰিয়াখানাখনো ধ্বংসপ্রাপ্ত হ’ব ধৰিছে৷ এইক্ষেত্রত চৰকাৰে এক পদক্ষেপ গ্রহণ কৰি এহ ঐতিহ্য বহনকাৰী চিৰিয়াখানাখনৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে৷

অসমৰ সম্পদ, গুৱাহাটীৰ গৌৰৱ পর্যটকৰ আকর্ষণ ৰাজ্যিক চিৰিয়াখানাখনকো বিজ্ঞানসন্মতভাৱে সংৰক্ষণ তথা নির্মাণ কৰি দর্শনার্থীৰ মনোৰঞ্জনৰ ব্যৱস্থা কৰিব লাগে৷ ১৯৫৮ চনতে প্রতিষ্ঠা হোৱা এই চিৰিয়াখানাখন সুন্দৰ প্রাকৃতিক পৰিৱেশ আৰু বৃহৎ ভূমিকালিৰ প্রাকৃতিক পৰিৱেশৰ মাজত জীৱ–জন্তু, চৰাই–চিৰিকটি বিপজ্জনক সৰু ল’ৰা–ছোৱালীবোৰৰ মাজত চিনাকি কৰি দিয়াৰ এটা সুন্দৰ পৰিৱেশ পোৱা যায়৷ যিটো মই ভাৰতবর্ষৰ কেইবাখনো চিৰিয়াখানা ঘূৰিও ক’তো এনে প্রাকৃতিক পৰিৱেশ দেখা নাই৷ কিন্তু বর্তমান তাত থকা বন বিভাগৰ বিষয়া–কর্মচাৰীসক উদাসীনতা, অমনোযোগিতাৰ বাবে এই চিৰিয়াখানাখনৰ নিজৰ সৌষ্ঠৱ বহু পৰিমাণে লাঘৱ হোৱা পৰিলক্ষিত হৈছে৷ বর্তমান চৰকাৰে যিদৰে ৰাজহুৱা সম্পত্তি পুঁজিপতি আৰু ব্যক্তিগত খণ্ডক গতাব ধৰিছে হয়তো এদিন এই চিৰিয়াখানাখনো কোনো ব্যক্তিগত খণ্ডৰ হাতলৈ গুচি যাব৷ সেয়েহে চিৰিয়াখানাখন যেন জাতীয় সম্পদ আৰু অসমীয়াৰ স্বাভিমান হৈ থাকে, তাৰ বাবে আমাক আকৌ এজন ৰুদ্রসিংহৰ দৰে নেতাৰ প্রয়োজন আহি পৰিছে৷

ফোনঃ ৯৮৬৪৮–২৪৫৬৩

You might also like