নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : নার্ছাৰী ব্যৱসায়েৰে স্বাৱলম্বী নলবাৰীৰ সবিতা দাস

নগেন তালুকদাৰ

বর্তমান সমগ্র ভাৰতবর্ষতে মহিলাসকল শৈক্ষিক, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক, ৰাজনৈতিক আৰু ব্যৱসায়ৰ ক্ষেত্রসমূহত পুৰুষসকলৰ সমানে সমানেই আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে৷ প্রতিগৰাকী ছোৱালীৰ বিবাহৰ পিছত তেওঁলোকৰ কেৰিয়াৰ স্তব্ধ হৈ পৰে বুলি জীৱশ্রেষ্ঠ মানৱে মনত পুহি ৰখা ধাৰণাৰো আজি সলনি হ’ল৷ স্বামী দেৱতাসমূহৰ ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই মহিলাসকল আজি বিভিন্ন ক্ষেত্রৰ জৰিয়তে স্বাৱলম্বী হ’ল৷ তাৰ জ্বলন্ত উদাহৰণ হিচাপে আমাৰ মাজত ধৰা দিয়া এগৰাকী মহিলা নলবাৰীৰ সবিতা দাস৷ নলবাৰী জিলাৰ অৰৰা গাঁৱত ১৯৮৩ ইং চনত প্রয়াত বসন্ত বৈশ্যৰ ঔৰসত আৰু কিৰণ বৈশ্যৰ গর্ভত জন্ম সবিতাৰ৷

জন্ম গাঁওখনৰে অৰৰা প্রাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলা সবিতাই পিছত অময়াপুৰ ছোৱালী হাইস্কুলৰ পৰা নৱম শ্রেণী উত্তীর্ণ হয় যদিও প্রৱেশিকা পৰীক্ষাৰ ডেওনা পাৰ হোৱাৰ সৌভাগ্য নঘটিল আর্থিক দৈন্যৰ বাবে, যাৰ ফলত সৰুৰে পৰা মনত পুহি ৰখা সবিতাৰ কলেজত নামভর্তি কৰি স্নাতক ডিগ্রী লোৱাৰ সপোন আছিল যদিও সেয়া বাস্তৱ নহ’ল৷ স্কুলীয়া জীৱনতে আর্থিক দৈন্যৰ বাবে জ্ঞানৰ জখলাত বগাব নোৱৰা সবিতাই মনতে প্রতিজ্ঞা কৰিছিল, যি অভাৱে মোক জ্ঞানৰ জখলাৰ পৰা নমাই আনিছিল৷ মই পতা সংসাৰখনত ল’ৰা–ছোৱালীৰ ক্ষেত্রত এই অভাৱৰ গোন্ধ পাব নিদিওঁ৷ বছৰ বাগৰি আছে৷ এয়া ২০০৩ ইং চনৰ কথা৷

নলবাৰী জিলাৰে বৰআগ্রা গাঁৱৰ প্রয়াত সুৰেন দাস আৰু প্রয়াতা চাৰুবালা দাসৰ তৃতীয় পুত্র ভগৱান দাসৰ লগত বিবাহপাশত আবদ্ধ হৈছিল সবিতা৷ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইচ. এছ. পৰীক্ষাত উত্তীর্ণ হোৱা ভগৱানে ‘অসম নার্ছাৰী’ৰ স্বত্বাধিকাৰী মুনীন্দ্র কলিতাৰ অনুপ্রেৰণাতে নার্ছাৰী ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ সপোন দেখে৷ ‘ৰাজ নার্ছাৰী’ নামকৰণেৰে ঘৰতে ভগৱানে এখন নার্ছাৰীৰ ব্যৱসায় আৰম্ভ কৰে৷ পিছত তেওঁ ঠেলাগাডী এখনেৰে নলবাৰী চহৰৰ অলিয়ে–গলিয়ে বিভিন্ন ফুল–ফলৰ উপৰি বিভিন্ন মূল্যৱান গছৰ পুলি ৩–৪ বছৰ বিক্রী কৰি ফুৰিছিল৷ মাত্র এহেজাৰ টকাৰে ভগৱান দাসে আৰম্ভ কৰিছিল ব্যৱসায়৷ পৰৱর্তী সময়ত সবিতাৰ সংসাৰখনলৈ নামি আহে ধৃতিৰাজ আৰু বৰষাৰাণী নামৰ দুই পুত্র–কন্যা৷ এই দুই পুত্র–কন্যাক জ্ঞানৰ জখলাত যাতে সঠিকভাৱে আগুৱাই নিব পাৰে সেই কথালৈ লক্ষ্য ৰাখি ঘৰুৱা আর্থিক পৰিৱর্তনৰ বাবে কঠোৰ সংগ্রাম কৰা নার্ছাৰীৰ ব্যৱসায়খনত স্বামীৰ সংগ দিয়ে সবিতাই৷

পিছত নলবাৰী জিলা ছাত্র সন্থাৰ কার্যালয়ৰ গাতে লাগি থকা নলবাৰী নাট্য মন্দিৰৰ সন্মুখৰ পদপথত নিজ প্রচেষ্টাত একাগ্রতা, ধৈর্য আৰু নিষ্ঠা সহকাৰে নার্ছাৰী ব্যৱসায়েৰে সবিতাই বহুবছৰ ধৰি বিভিন্ন জাতৰ ফুল ক্রমে ডালিয়া, গোলাপ, চেলভিয়া, শেৱালি, নার্জি, বকুল, সূর্যমুখী, ক্রিচিয়েন, চন্দ্রমল্লিকা, পেনজি, কেলেনডুলা, পেটুনীয়া আদি৷ তেনেদৰে ফলৰ ভিতৰত আম, লিচু, অমিতা, ডালিম, বগৰী, নেমুটেঙা, মধুৰিআম, কঁঠাল, কমলা, জামু, মৌচুমী, চপেতা আদি৷ পাচলি ক্রমে বেঙেনা, জলকীয়া, অমিতা, ৰঙালাউ, জিকা, তিয়ঁহ, তিতা কেৰেলা, পটল, কুণ্ডলি, ব্রকলি, ওলকবি, বন্ধাকবি, ফুলকবি, বিলাহী আদিৰ লগতে মূল্যৱান গছৰ পুলি ক্রমে চন্দন, শাল, চেগুন, গমাৰি, সৰল গছ, দেৱদাৰু, আমলখি, মেহগনি, তিতাচপা, শিলিখা, নাহৰ আদি বিভিন্ন গছপুলি বিক্রী কৰি আহিছে৷ জিলাখনৰ বিভিন্ন স্থানৰ বিভিন্ন উৎসৱ–পার্বণত প্রয়োজনীয়ে ‘গছপুলি ৰোপণ’ কার্যসূচীত প্রয়োজনীয় বহু গছপুলি সবিতাৰ এই নার্ছাৰীৰ পৰা ক্রয় কৰি কার্যসূচী সম্পন্ন কৰি আহিছে বুলি জানিব দিছে৷

ইয়াৰ উপৰি নলবাৰী জিলাৰ এজন আগশাৰীৰ পৰিৱেশকর্মী বৃক্ষবন্ধু খ্যাত তথা কৃতী শিক্ষক ভূপেন কুমাৰ দাসেও আজি বহু বছৰ এই নার্ছাৰীখনৰ পৰা কেইবা সহস্রাধিক গছপুলি নিজৰ হাতৰ ধনেৰে ক্রয় কৰি জিলাখনৰ বিভিন্ন স্থানৰ অনুষ্ঠান–প্রতিষ্ঠানস্ ৰোপণ কৰি এক আদর্শ দাঙি ধৰিছে৷ ইয়াৰে বহু গছে এতিয়া ধৰা সেউজী কৰাত সহায় কৰিছে৷ আনকি সবিতাৰ এই নার্ছাৰীখনৰ পৰা বহু পুলি ক্রয় কৰি কৃতী শিক্ষক দাসে বহু ছাত্র–ছাত্রীৰ জন্মদিনত উপহাৰো দিছে৷ স্বামী দেৱতা ভগৱান দাসে সবিতাৰ এই নার্ছাৰীৰ ব্যৱসায়খনত তেওঁক স্বাৱলম্বীৰ দিশে অগ্রসৰ হোৱাত যথেষ্ট পৰিমাণে সহায় কৰি অহাৰ কথা স্বীকাৰ কৰাৰ লগতে শিক্ষিত যুৱক–যুৱতীসকলে এটি চৰকাৰী চাকৰি পোৱাৰ উদ্দেশ্যে মন্ত্রী–বিধায়কৰ পিছে পিছে দৌৰি চলন্ত জীৱনটোৰ বহুমূলীয়া সময় নষ্ট নকৰি ‘নার্ছাৰী’ নতুবা বিভিন্ন ব্যৱসায়ত নামি পৰিলে নিজে স্বাৱলম্বী হোৱাৰ লগতে আমাৰ ৰাজ্য বা দেশখনৰো অর্থনৈতিক ভেটি সবল হ’ব বুলি কয়৷ যুৱক–যুৱতীসকলক্ স্বাৱলম্বনৰ বাট দেখুৱাই আদর্শ হৈ পৰা সবিতা দাসৰ প্রশংসনীয় পদক্ষেপক আজি নলবৰীয়া ৰাইজে একমুখে শলাগ লৈছে৷

ফোনঃ ৬০০০৩ ৬৮৮৩১

You might also like