সুকন্যা : অসমৰ প্রথম পক্ষী উদ্যান মাজুলীৰ চৰাইচোং
স্বৰাজ ফুকন
প্রকৃতিৰ অপর্যাপ্ত সম্ভাৰেৰে বিনন্দীয়া এই ধৰণী৷ প্রকৃতিৰ সৌন্দর্য বৃদ্ধিত মানুহৰ অৱদান অপৰিহার্য বুলি আমি নিশ্চয় ভাবিব পাৰোঁ৷ পিছে প্রকৃতিক ধ্বংস কৰি তাৰ ঠাইত বৃহৎ উদ্যোগ, গগণচুম্বী অট্টালিকা, প্রতিষ্ঠান আদি গঢ়ি তোলাও আধুনিক মানুহৰ ধর্ম হৈ পৰিছে৷ এই প্রসংগত বিশ্বৰ দুখন উন্নত দেশ আমেৰিকা আৰু ইংলেণ্ডৰ সভ্যতা–দর্শনৰ কথা মনলৈ আহে৷ আমেৰিকাই প্রকৃতিপ্রদত্ত বন–জংঘলৰ ঠাইত একোটাহঁত বৃহৎ উদ্যোগ নির্মাণ কৰি যি সন্তুষ্টি লাভ কৰে সেই সন্তুষ্টি, সেই আনন্দ আনে নাপাবও পাৰে৷ প্রকৃতিপ্রেমী বুলি ইংৰাজসকলৰ এটা সুনাম আছে৷ সেইবাবে তেওঁলোকৰ কথাটো সুকীয়া হৈ পৰে৷ প্রকৃতিৰ সৌন্দর্য– সুষমাক সজাই–পৰাই, সংৰক্ষণ আৰু সুৰক্ষিত কৰি বিমল আনন্দত আত্মহাৰা হয় ইংলেণ্ডৰ মানুহ৷ সেয়া যিয়েই নহওক, আজি মাজুলীৰ চৰাইচোং সম্পর্কে মোৰ এটি সাধাৰণ অনুভৱ ব্যক্ত কৰিব বিচাৰিছেছা৷ কিন্তু এই খবৰ মই কেনেকৈ পাইছিলোঁ সেই সম্পর্কে উল্লেখ কৰিব লাগিব৷ অলপতে অসমৰ এখন জনপ্রিয় দৈনিক বাতৰিকাকতৰ সম্পাদকীয় পৃষ্ঠাত এটা লেখা পঢ়িবলৈ পালোঁ৷ লেখাটোত মাজুলীস্থিত ঐতিহাসিক চৰাইচোং সম্পর্কে কিছু কথা উল্লেখ হৈছিল৷ পঢ়াৰ পাছত সেই ঠাইখন দর্শন কৰি বাস্তৱ অভিজ্ঞতা লভিবলৈ মনটো উদ্গ্রীৱ হৈ উঠিল৷ সেই উদ্দেশ্যে যোৱা ৩১ ডিচেম্বৰ, ২০২৪ তাৰিখে সেই ঠাইলৈ যাত্রা কৰিলোঁ৷
সঁচা কথা যে ‘গছ থাকিলেহে মানুহ থাকিব৷’ প্রকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্রত গছ–গছনি, চৰাই–চিৰিকটি, পশু–পক্ষীৰ সুৰক্ষাৰ বিষয়টো অত্যন্ত জৰুৰী হৈ পৰিছে৷ বিশ্বৰ প্রকৃতিপ্রেমী সংস্থা–সংগঠনবোৰে জোৰদাৰ অভিযানত মনোনিৱেশ কৰাও দেখা গৈছে, তথাপি প্রকৃতিৰ ধ্বংসযজ্ঞৰ অৱসান ঘটা নাই৷ এইক্ষেত্রত সকলোতে নহ’লেও বিশেষ বিশেষ ঠাই নির্বাচন কৰি হ’লেও প্রকৃতিৰ মূল্যৱান সম্পদ সুৰক্ষাৰ বিষয়টো আহি পৰিছে৷ মানুহৰ চিন্তা আৰু চেতনাৰ অসাধ্য নাই৷ সেইদৰে ৰাষ্ট্রীয় উদ্যান, অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আদিৰ ব্যৱস্থা আজিৰ সময়ত হৈ পৰিছে কার্যক্ষম৷ আহোম যুগত স্বর্গদেউ প্রতাপ সিংহই তেনে উদ্দেশ্য সফল কৰাৰ যোগ্য উদাহৰণ হৈছে মাজুলীৰ চৰাইচোং৷ এগৰাকী অনুভৱী কবিয়ে তেওঁৰ লেখাত উল্লেখ কৰিছিল যে মানুহক জগাই তুলিবলৈ কোনো নাথাকিলেও চৰাইচোঙত ৰাতি পুৱাবই৷ অর্থাৎ চৰাইৰ মাতত পৃথিৱীয়ে সাৰ পাবই৷ বন্দুকৰ শব্দত ৰাতি নুপুৱায়, ‘পুৱায় সেই চৰাইটোৰ মাতত যি কুটি কুটি খায় ৰাতিৰ আন্ধাৰবোৰ লাহে লাহে৷’ আজিৰ চৰাইচোঙে যি সম্ভাৱনা কঢ়িয়াই আনিছে, সেয়া স্বদেশৰ সম্পদ হৈ অধিক প্রাচুর্যৰে পৰিপূর্ণ হ’ব বুলি নিশ্চিত হ’ব পাৰি৷ উল্লেখ্য যে অসমৰ গৌৰৱময় ইতিহাসৰ এটি অমূল্য সম্পদ চৰাইচোং পক্ষী উদ্যান, যাক আহোমৰ সপ্তদশজনা স্বর্গদেউ প্রতাপ সিংহই ১৬৩৩ খ্রীষ্টাব্দত প্রতিষ্ঠা কৰিছিল৷ উজনি মাজুলী, ভকতিদুৱাৰ, ৰাঙলীবাহাৰ আৰু অভয়াপুৰীক সামৰি বিস্তৃত অঞ্চলত এয়া কেৱল পক্ষী পর্যবেক্ষণৰ স্থান নহয়, অসমীয়া জাতিৰ পৰম্পৰা, প্রকৃতি আৰু জৈৱ–বৈচিত্র্য সংৰক্ষণৰ এক জীৱন্ত চিত্র৷ বুৰঞ্জীয়ে কয় যে ৰাঙলীবাহাৰত বাহৰ পাতি ‘বুঢ়াৰজা’ প্রতাপ সিংহই পক্ষী যুঁজ অনুষ্ঠিত কৰিছিল আৰু উপভোগো কৰিছিল৷ গত নৱেম্বৰ মাহৰ পৰা শীতৰ আগমন ঘটাৰ লগে লগে এই ঠাইখনত নানা পৰিভ্রমী চৰাই আৰু প্রাকৃতিক পৰিৱেশৰ সংমিশ্রণ হৈছে৷ সেই সংমিশ্রণে ঠাইখন বিশেষভাৱে আকর্ষণীয় কৰি তুলিছে৷
অসমৰ প্রথম পক্ষী উদ্যান হিচাপে চৰাইচোং আমাৰ গৌৰৱৰ সম্পদ৷ এই ঠাইখন প্রকৃতিপ্রেমী, পক্ষী গৱেষক আৰু পর্যটকৰ বাবে এক আকর্ষণীয় স্থান হোৱাৰ যোগ্য৷ তাৰবাবে সংশ্লিষ্টসকলে গুৰুত্ব দিয়াৰ প্রয়োজনীয়তা আছে বুলি ভাবোঁ৷ উক্ত উদ্যানত যাৱতীয় নামফলক, চিহ্ণ, চিনাক্তকৰণ, পথ নির্দেশ, স্থান নির্দেশ, জিৰণিগৃহ আদি সংস্থাপন কৰিব পাৰিলে পর্যটকৰ আকর্ষণ বৃদ্ধি হ’ব৷ এই কাম সংশ্লিষ্ট বিভাগ, চৰকাৰ আৰু ৰাইজৰ সহযোগত অতি খৰতকীয়াকৈ হৈ উঠিব বুলি আশাৰে বাট চালোঁ৷ এইক্ষেত্রত স্বেচ্ছাসেৱী সংগঠন ‘মাজুলী সাহিত্য’ই ‘চৰাইচোং উৎসৱ’ৰ দ্বাৰা ৰাইজ, বন বিভাগ, প্রশাসনৰ দৃষ্টি আকর্ষণৰ বাবে কৰা প্রচেষ্টাক ধন্যবাদ দিব পাৰি৷
আশা কৰা হৈছে যে চৰাইচোঙে নির্মাণ কৰিব সুদূৰপ্রসাৰী ভৱিষ্যৎ৷ খাদ্য, বাসস্থান, উপযুক্ত পৰিৱেশ, হাবি আদিৰ অভাৱৰ বাবে পৃথিৱীৰ পৰা পক্ষীৰ অনেক প্রজাতি নিঃশেষ হৈ গৈছে৷ পক্ষী গৱেষকে কৈছে যে পক্ষীকুলৰ বাবে কৃত্রিমতকৈ প্রাকৃতিকভাৱে সুগম পৰিৱেশ নির্মাণ কৰি দিলেহে সিহঁত তিষ্ঠি থাকিব৷ আকৌ প্রজাতি অনুযায়ী আশ্রয়ৰ স্থান সুকীয়া সুকীয়া৷ কিছুমানৰ বাবে তৰু–তৃণ, আন কিছুমানৰ বাবে জোপোহা আৰু আন কিছুমানৰ বাবে ওখ গছৰ আৱশ্যক৷ আনকি বাহ সাজিবৰ বাবে খেৰ, কুটা, বন, পাতলৈকে সিহঁতে বিচাৰি ফুৰে৷ পোৱালি তুলিবৰ বাবেও খাদ্য থাকিব লাগিব৷ঐতিহাসিক চৰাইচোং হ’ব পক্ষীকুলৰ অস্তিত্ব ৰক্ষাৰ অন্যতম সুবিধাজনক প্রাংগণ৷ চৰাইচোঙৰ শীতল ছায়াত সুৰক্ষিত আৱেষ্টনীত যুগে যুগে বাঢ়ি আহিব পক্ষীৰ সংসাৰ৷ আহক, এই ঐতিহ্যসমৃদ্ধ ঠাইখন উচিত সংৰক্ষণেৰে, প্রচাৰৰ যোগেদি অদ্বিতীয় তথা বিশেষত্বপূর্ণ কৰি তোলো৷
ফোনঃ ৯৭০৭৬–৩৬৭৩৫