নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : শিৱসাগৰত মহিলাৰ ‘উত্তৰণ’ৰ পৰা উত্তৰণ

প্রপ্রীতি গগৈ

উদ্যমী তথা দৃঢ়প্রতিজ্ঞ নাৰীতকৈ শক্তিশালী কোনো শক্তি নাই৷ এই কথা সময়ে সময়ে নাৰীয়ে প্রমাণ কৰি আহিছে৷ চাৰিবেৰৰ মাজত আবদ্ধ গৃহিণীসকলেও ঘৰ–পৰিয়াল চম্ভালিও স্বাৱলম্বিতাৰ বাট বিচাৰে ল’ব জানে৷ নাৰীয়ে যেতিয়া কোনো কর্ম কৰিবলৈ উদ্যমেৰে হাতত লয় তাৰ ফলাফলে যে আকাশ চুবলৈ সক্ষম হয় তাৰেই প্রমাণ হৈছে শিৱসাগৰৰ ‘উত্তৰণ’৷ প্রবল ইচ্ছা আৰু আত্মবিশ্বাসৰ লগতে উদ্যমী মনোভাবে যে এদিন নহয় এদিন সকলোকে সফলতাৰ শিখৰত উপনীত কৰাব পাৰে সেয়া প্রমাণ কৰিছে শিৱসাগৰৰ এইসকল নাৰীয়ে৷ তাৰ বাবে লাগে মাথোঁ একাগ্রতা, অলপ সাহস আৰু ধৈর্য৷ ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত শিৱদ’লৰ ওচৰত থকা পুৰণি পৌৰসভাৰ কার্যালয়টোত ১২ মাহে ঢেঁকীৰ শব্দ শুনিবলৈ পোৱা যায়৷ তাতেই ‘উত্তৰণ’ৰ মহিলাসকলে প্রতিদিনেই অসমীয়া থলুৱা পিঠা–পনা, লাড়ু আদি প্রস্তত কৰে আৰু প্রতিদিনেই সেইসমূহ বিক্রী হৈ যায়৷ সাধাৰণতে পিঠা–পনা বিহুৰ সময়ত বেছিকৈ ব্যৱহাৰ হয় যদিও তেওঁলোকৰ ওচৰত সকলো সময়তে অর্ডাৰ থাকেই৷ বর্তমান বজাৰত অসমীয়া থলুৱা পিঠা–পনা উপলব্ধ যদিও তেওঁলোকৰ ওচৰতেই ইমান ভিৰ কিয় হয় বুলি প্রশ্ন কৰোঁতে উত্তৰণৰ সভানেত্রী জুলি পাটৰে জনায় যে তেওঁলোকে গুণগত মানৰ ক্ষেত্রত কেতিয়াও আপোচ কৰা নাই আৰু সম্পূর্ণ পৰিষ্কাৰ–পৰিচ্ছন্ন বজাই ৰাখিহে সামগ্রীসমূহ তৈয়াৰ কৰে বাবেই উত্তৰণ সকলোতকৈ পৃথক আৰু সকলোৱে আদৰি লোৱাৰ মুখ্য কাৰণ৷ সঁচাকৈয়ে যেতিয়া আমি তেওঁলোকৰ কার্যালয়টোত পিন্ধি যোৱা চেণ্ডেল বাহিৰতে খুলি সোমাই গৈছিলোঁ, প্রথমে পোৱা কোঠাটোত আমাক বহিবলৈ দিছিল৷ তাৰ পাছত আমি অনুৰোধ কৰাত তেওঁলোকে আমাক তেওঁলোকৰ সামগ্রী তৈয়াৰ কৰি থকা ৰ’দঘাই, পোহৰ হৈ থকা কোঠাটোলৈ লৈ গৈছিল৷ তাত দুগৰাকী মহিলাই ঢেঁকীত পিঠা খুন্দি আছিল আৰু তিনিগৰাকীয়ে তিলপিঠা তৈয়াৰ কৰি আছিল৷ বাহিৰত গ্রাহকৰ ভিৰ৷ কোনোবাই অসমৰ বাহিৰত থকা নিজৰ পৰিয়ালৰ লোকলৈ পঠিয়াবলৈ তিলপিঠা, লাড়ু আদি বিচাৰিছিল, কোনোবাই বিহুৰ বাবে অর্ডাৰ দিবলৈ ভিৰ কৰিছিল৷ মুঠতে তেওঁলোকে আহৰি পোৱা নাছিল৷

সুকন্যা : বিশিষ্ট পৰিৱেশ বিজ্ঞানী ড০ পূৰবী শইকীয়াৰে সাক্ষাৎকাৰ

মহিলাসকলেই পৰিচালনা কৰা এই প্রতিষ্ঠানটোৰ জন্মৰ আঁৰৰ কাহিনী ব্যক্ত কৰি সভানেত্রী জুলি পাটৰে কয় যে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ চহৰ প্রকল্প প্রবন্ধক ইন্দ্রজিত দাস (CPM)ৰ তত্ত্বাৱধানত শিৱসাগৰ পৌৰসভাৰ সহযোগত তেওঁলোকে ২০১৮ চনৰ ১৫ আগষ্ট তাৰিখে আত্মবিশ্বাসেৰে সৈতে প্রায় ২৮গৰাকী মহিলাৰ অংশীদাৰিত্বৰে এই ক্ষুদ্র উদ্যোগ স্থাপন কৰে৷ এই মহিলাসকল সর্বমুঠ ১৪টা ৱার্ডৰ আত্মসহায়ক গোটৰ সক্রিয় মহিলা আছিল৷ প্রতিগৰাকী মহিলাৰ পৰিচয় আছিল একোগৰাকী গৃহিণী, কিন্তু প্রতিগৰাকীৰে আছিল অর্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ মন আৰু কর্মস্পৃহা৷ এই উদ্যোগী মহিলাসকলৰ কোনোবা আছিল আচাৰ বনোৱাত পাকৈত, কোনোবা পিঠা–পনা বনোৱাত পাকৈত আৰু আন কোনোবা আকৌ কাপোৰ চিলোৱাত পাকৈত৷ পোনপ্রথমে তেওঁলোকে থলুৱা পদ্ধতিৰেই আচাৰ তৈয়াৰ কৰাৰ সিদ্ধান্ত লয়৷ কিন্তু গৃহিণীৰ দায়িত্ব পালন কৰি অহা মহিলাসকলৰ বজাৰৰ জ্ঞান তেনেই সীমিত আছিল৷ কোনো এটা সামগ্রী তৈয়াৰ কৰিলেই নহ’ব, মার্কেটিঙৰ জ্ঞানো এই ক্ষেত্রত সমানেই জৰুৰী৷ বিভিন্ন দোকান–বজাৰত তেওঁলোকৰ সামগ্রী ক্রয় কৰিবলৈ তেওঁলোকে অনুৰোধ কৰিবলগীয়া হৈছিল৷ কোনোৱে ক্রয় কৰিছিল, কোনোৱে নকৰিছিল৷ এনেকৈয়ে তেওঁলোকে ঔটেঙা, ভোট জলকীয়াৰ আচাৰ, পানী টেঙা, খাৰলি, নহৰুৰ আচাৰ আদি প্রস্তুত কৰি বিক্রী কৰিছিল৷ বজাৰৰ অভাৱৰ বাবে তেওঁলোকৰ বিশেষ লাভ হোৱা নাছিল আৰু বহু প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ ২৮গৰাকী মহিলাৰ পৰা শেষত গৈ মাত্র দহগৰাকী মহিলাহে ৰৈছিলগৈ৷ বাকীকেইগৰাকীয়ে কিন্তু সাহস হেৰুওৱা নাছিল৷ ইমান প্রত্যাহ্বানৰ মাজতো জুলি পাটৰ, সম্পাদিকা দীপিকা দত্ত, নিবেদিতা দত্ত শইকীয়া, কল্যাণী বুঢ়াগোহাঁই, দীপিকা মহন, বন্তি দাস, সীমা দাস, জুৰি পাটৰ গগৈ আদিয়ে পূর্ণ উদ্যমেৰে নিজ কর্ম কৰি গৈছিল৷ অৱশেষত তেওঁলোকেFSSAIৰ লাইচেঞ্চো লাভ কৰে৷

প্রকৃততে প্রত্যাহ্বান সেইসকলৰ বাবেহে, যিয়ে যুঁজ দিব পাৰে৷ তাৰ পাছতে আহিল মহামাৰী ক’ভিড৷ পুনৰ তেওঁলোকে যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হয়৷ আচাৰ প্রস্তুত কৰিবলৈ অনা বহু কেঁচা সামগ্রী পেলাই দিবলগীয়া অৱস্থাও হয়৷ ইয়াৰ পিছতো সাহস নেহেৰুৱাই তেওঁলোকে মাস্ক তৈয়াৰ কৰিবলৈ লয়, কাপোৰৰ বেগ তৈয়াৰ কৰি বিশাল মেগামার্টত প্রদান কৰিবলৈ লয়৷ তাৰ পাছত ২০২১ চনত পুনৰ তেওঁলোকে নতুন উদ্যমেৰে কাম কৰিবলৈ লয়৷ কার্যালয়টোলৈ এটা ঢ়েঁকী লৈ আনে৷ তাৰ পাছত তেওঁলোকে পিঠা–পনা প্রস্তুত কৰাৰ কাম আৰম্ভ কৰে৷ প্রথমে পেকেটিং কৰি বিক্রী কৰিবলৈ লয় যদিও পাছলৈ হোলছেল কৰিবলৈ আৰম্ভ কৰে৷ লাহে লাহে তেওঁলোকৰ এই পিঠা–পনা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, তেলপিঠা, কেক, নিম্কি আদিয়ে সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ তেওঁলোকে বাৰ মাহেই এই ব্যৱসায় কৰে, কিন্তু বিহুৰ সময়ত তেওঁলোক বেছি ব্যস্ত হ’বলগীয়া হয়৷ বর্তমান সময়ত তেওঁলোকে প্রস্তুত কৰা পিঠা–পনা, আচাৰ আদি ভাৰতৰ বিভিন্ন ঠাইলৈ প্রেৰণ কৰাৰ উপৰি বিদেশলৈও প্রেৰণ কৰিছে৷

‘উত্তৰণ’ৰ এই ব্যৱসায়ৰ জৰিয়তে বর্তমান তেওঁলোকে মাহিলি লাখৰ ঘৰত উপার্জন কৰে৷ প্রায় ১৫গৰাকী মহিলা স্বাৱলম্বী হোৱাৰ লগতে তেওঁলোকে দুগৰাকী মহিলাক সংস্থাপনো দিছে৷ জুলি পাটৰে লগতে কয় যে এগৰাকী মহিলাই কোনো ঠাইত চাকৰি কৰিলে তাত বিশেষ স্বাধীনতা নাথাকে, কিন্তু উত্তৰণৰ মহিলাসকল স্বাধীন৷ তেওঁলোকে মাত্র তেওঁলোকৰ আজৰি সময়কণহে ইয়াত নিয়োগ কৰিছে আৰু প্রতিগৰাকী সদস্যাই এই ক্ষুদ্র উদ্যোগটোৰ মালিক৷ তেওঁলোকে বর্তমান বিয়া–বাৰু অথবা বিভিন্ন অনুষ্ঠানৰ বাবেও থলুৱা পিঠা–পনাৰ অর্ডাৰ লয়, জোৰোণত দিয়া বিশেষ মিঠাহৰ থালিৰো অর্ডাৰ লয়, য’ত তেওঁলোকে সুস্বাদু থলুৱা পিঠা–পনাৰে ভৰাই থালিখন আকর্ষণীয়কৈ সজাই তোলে৷ ঢেঁকীত খুন্দা চিৰা, সান্দহ আদিও তেওঁলোকে গ্রাহকক যোগান ধৰে৷ শিৱসাগৰৰ দৰে এখন ঠাইৰ পৰা থলুৱা খাদ্য সামগ্রীৰে, শিৱসাগৰ নগৰৰ মাজমজিয়াত সংগ্রাম কৰা এই মহিলাসকলৰ উডত্তৰণৰ আঁৰত আছে তেওঁলোকৰ উদ্যমী মনোভাব, সাহস আৰু স্বাধীনভাৱে জীয়াই থকাৰ দুর্বাৰ হেঁপাহ৷ এই সাহসেই প্রেৰণা দিব পাৰে আন হাজাৰগৰাকী মহিলাক, যিয়ে প্রত্যাহ্বান দেখি থমকি ৰ’ব খোজে৷ গৃহিণী শব্দটোক যিয়ে অৱহেলাৰ দৃষ্টিৰে চায়, তেওঁলোকে উত্তৰণৰ নাৰীসকলক দেখিলে অনুমান কৰিব পাৰে যে গৃহিণীৰো থাকিব পাৰে এখন নিজা আকাশ৷

ফোনঃ ৯৭০৭৮–৫৫৫১৫

You might also like