নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১- মহিলাৰ বিৰুদ্ধে অত্যাচাৰ

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ অত অভিযান, প্ৰতিবাদ, সজাগতা কাৰ্যসূচীৰ পাছতো নাৰী বিদ্বেষী কমা নাই নেকি এইখন দেশত? নে এই সজাগতাৰ বাবেই ঘৰুৱা হিংসা বা অপৰাধবোৰ ঢাকি নাৰাখি গোচৰ তৰিবলৈ আগুৱাই আহিছে মহিলাসকল? শেহতীয়াকৈ প্ৰকাশিত এক পাৰিসংখ্যাই এনেধৰণৰ প্ৰশ্ন উদয় কৰি দোমোজাত পেলাইছে সকলোকে।নতুন বছৰৰ প্ৰথম দিনটোতে খবৰ আহিছে ৰাষ্ট্ৰীয় মহিলা আয়োগ(এন চি ডব্লিউ)ৰ পৰা। এন চি ডব্লিউয়ে প্ৰকাশ কৰা তথ্য মতে, বিদায়ী বৰ্ষটোত দেশজুৰি মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ গোচৰ পঞ্জীয়ণ হৈছে প্ৰায় ৩১হাজাৰটা। ২০১৪চনৰ পাছত এই সংখ্যা সৰ্বাধিক হৈছে ২০২১ চনত। ইয়াৰে অৰ্ধেক গোচৰে পঞ্জীয়ণ হৈছে কেলৱ মাত্ৰ উত্তৰপ্ৰদেশতে। লক্ষণীয় যে, ২০২০ চনৰ তুলনাত বিগত বৰ্ষটোত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ গোচৰ পঞ্জীয়ণ হৈছে ৩০শতাংশ অধিক। ইয়াৰ পূৰ্বে ২০১৪ চনত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ গোচৰ পঞ্জীয়ণ হৈছিল ৩৩, ৯০৬টা।

You might also like