নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ আৰম্ভ হ’ল নতুন বছৰ। এই নতুন বছৰৰ নতুন দিনটোৰ পৰায়ে অলপ ব্যয়বহুল হৈ পৰিল এটিএমৰ পৰা টকা উলিওৱাটো। দৰাচলতে, কেন্দ্ৰীয় ৰিজাৰ্ভ বেংকে বিগত বৰ্ষৰ জুনত এক জাননী জাৰি কৰিছিল। সেই অনুসৰি, গ্ৰাহকসকলে ১ জানুৱাৰী, ২০২২ ৰ পৰা বিনামূলীয়া মাহিলী সীমাৰ বাহিৰত লেনদেনৰ ওপৰত অতিৰিক্ত মাচুল পৰিশোধ কৰিব লাগিব বুলি জনাইছিল। এতিয়ালৈকে গ্ৰাহকসকলে বিনামূলীয়া মাহিলী সীমা অতিক্ৰম কৰা লেনদেনৰ বাবে ২০/- টকা পৰিশোধ কৰিব লগা হৈছিল, কিন্তু এতিয়া তেওঁলোকে ২১ টকা পৰিশোধ কৰিব লাগিব। সেই অনুসৰি আজিৰ পৰা ১ টকাৰ বোজা বৃদ্ধি হ’ল।
বিনামূলীয়া মাহিলী সীমা কিমান?
গ্ৰাহকসকলে তেওঁলোকৰ একাউণ্ট থকা বেংকৰ এটিএমৰ পৰা প্ৰতি মাহে পাঁচটা বিনামূলীয়াকৈ লেনদেন কৰিব পাৰে। ধৰি লওক আপুনি এজন এক্সিছ বেংকৰ গ্ৰাহক, আপুনি এক্সিছ বেংকৰ এটিএমৰ পৰা মাহত ৫ বাৰ লেনদেনৰ বাবদ কোনো মাচুল পৰিশোধ কৰিব নালাগে। কিন্তু তাৰওপৰৰ লেনদেনৰ বাবদ ২১ টকা পৰিশোধ কৰিব লাগিব। গ্ৰাহকসকলে আন বেংক এটিএমৰ পৰা বিনামূলীয়া লেনদেনৰ বাবেও যোগ্য কেৱল তিনিটা লেনদেন মেট্ৰ’ চহৰত আৰু পাঁচটা লেনদেন নন মেট্ৰ’ চহৰত কৰিব পাৰিব।